--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানত সহযাত্ৰীয়ে শৰীৰত প্ৰস্ৰাৱ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ একে ধৰণৰ ঘটনাই সংঘটিত হৈছে ৰে’লত৷  দীঘলীয়া দূৰত্বৰ এখন ৰে’লত এজন যাত্ৰীয়ে দম্পতীৰ ওপৰতে প্ৰস্ৰাৱ কৰাৰ   ঘটনা ঘটিছে৷ যুৱকে এজনে  বৃদ্ধ দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো  সংঘটিত হৈছে সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছত । বৃদ্ধ দম্পতীহালে এটা বি৩ এচি দবাত ভ্ৰমণ কৰি আছিল। ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্মীবাই ঝান্সি ষ্টেচনত ৰে’ল খনে প্ৰৱেশ কৰাৰ আগতে সংঘটিত হৈছে। দম্পতীহালে তলৰ বাৰ্থত শুইছিল। সেই সময়তে  ২০ বছৰ বয়সৰ এজন যুৱকে তেওঁলোকৰ বেগ আদিত  প্ৰস্ৰাৱ কৰি থকা তেওঁলোকে দেখা পাইছিল৷ বিষয়টো লগলে লগে  টিটিইক জনোৱা হৈছিল আৰু টিটিইয়ে  ততাতৈয়াকৈ ঘটনাস্থলীলৈ দৌৰি আহিছিল। ৰে’ল কৰ্মচাৰীয়ে লগে লগে  ঠাইখন পৰিষ্কাৰ কৰাত লাগি গৈছিল। তাৰ পিছত  ঝান্সিত আৰপিএফক ঘটনাটো অৱগত কৰা হয়  আৰু অভিযুক্ত যুৱকজনক তেওঁলোকক গতাই দিয়া হয়৷ 

অভিযুক্তজনক ৰীতেশ বুলি চিনাক্ত কৰা হৈছে। তেওঁ  দিল্লীৰ কুতুব বিহাৰৰ বাসিন্দা আৰু  তেওঁ মোহাবাৰ পৰা ৰে’লখনত উঠিছিল। সেই সময়ত তেওঁ  সুৰাৰ নিচাত মাতাল হৈ আছিল৷যুৱকজনক  গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হৈছে আৰু জামিনো দিয়া হৈছে৷ 

 দম্পতীহাল  ঘটনাটোত যথেষ্ট হতবাক হৈ পৰিছে। যুৱক জনে প্ৰস্ৰাৱ কৰা সকলৰ ভিতৰত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ এজন লোকো  আছিল।লোকজনে কয়  "মই দিল্লীৰ পৰা অতি আৰামেৰে ভ্ৰমণ কৰি আছিলো। কিন্তু  মই ভবা নাছিলো যে কোনোবাই আমাৰ ওপৰত এনেদৰে প্ৰস্ৰাৱ কৰিব! তেওঁ এয়া সুৰাৰ নিচাত কৰিছিল। "











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ