--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানত সহযাত্ৰীয়ে শৰীৰত প্ৰস্ৰাৱ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ একে ধৰণৰ ঘটনাই সংঘটিত হৈছে ৰে’লত৷  দীঘলীয়া দূৰত্বৰ এখন ৰে’লত এজন যাত্ৰীয়ে দম্পতীৰ ওপৰতে প্ৰস্ৰাৱ কৰাৰ   ঘটনা ঘটিছে৷ যুৱকে এজনে  বৃদ্ধ দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো  সংঘটিত হৈছে সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছত । বৃদ্ধ দম্পতীহালে এটা বি৩ এচি দবাত ভ্ৰমণ কৰি আছিল। ঘটনাটো উত্তৰ প্ৰদেশৰ লক্ষ্মীবাই ঝান্সি ষ্টেচনত ৰে’ল খনে প্ৰৱেশ কৰাৰ আগতে সংঘটিত হৈছে। দম্পতীহালে তলৰ বাৰ্থত শুইছিল। সেই সময়তে  ২০ বছৰ বয়সৰ এজন যুৱকে তেওঁলোকৰ বেগ আদিত  প্ৰস্ৰাৱ কৰি থকা তেওঁলোকে দেখা পাইছিল৷ বিষয়টো লগলে লগে  টিটিইক জনোৱা হৈছিল আৰু টিটিইয়ে  ততাতৈয়াকৈ ঘটনাস্থলীলৈ দৌৰি আহিছিল। ৰে’ল কৰ্মচাৰীয়ে লগে লগে  ঠাইখন পৰিষ্কাৰ কৰাত লাগি গৈছিল। তাৰ পিছত  ঝান্সিত আৰপিএফক ঘটনাটো অৱগত কৰা হয়  আৰু অভিযুক্ত যুৱকজনক তেওঁলোকক গতাই দিয়া হয়৷ 

অভিযুক্তজনক ৰীতেশ বুলি চিনাক্ত কৰা হৈছে। তেওঁ  দিল্লীৰ কুতুব বিহাৰৰ বাসিন্দা আৰু  তেওঁ মোহাবাৰ পৰা ৰে’লখনত উঠিছিল। সেই সময়ত তেওঁ  সুৰাৰ নিচাত মাতাল হৈ আছিল৷যুৱকজনক  গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হৈছে আৰু জামিনো দিয়া হৈছে৷ 

 দম্পতীহাল  ঘটনাটোত যথেষ্ট হতবাক হৈ পৰিছে। যুৱক জনে প্ৰস্ৰাৱ কৰা সকলৰ ভিতৰত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ এজন লোকো  আছিল।লোকজনে কয়  "মই দিল্লীৰ পৰা অতি আৰামেৰে ভ্ৰমণ কৰি আছিলো। কিন্তু  মই ভবা নাছিলো যে কোনোবাই আমাৰ ওপৰত এনেদৰে প্ৰস্ৰাৱ কৰিব! তেওঁ এয়া সুৰাৰ নিচাত কৰিছিল। "











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু