--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী এজন। দুগৰাকী যুৱতীয়ে তেওঁৰ সৈতে এটা সুখী পৰিয়াল গঢ়ি তুলিছে । তেওঁলোকৰ মাজত কেতিয়াও কাজিয়া লগা নাই৷ দুই পত্নীয়ে  দিনটো একেলগেই হাঁহি-মাতি কথা কৈ কটায়। দুই পত্নীক সংগ দিয়াৰ সময়ো ঠিক কৰি লৈছে স্বামীয়ে৷  যাতে কোনো অশান্তি  নহয় তাৰ বাবেই  স্বামীয়ে দুই পত্নীক সমানে সময় দিয়ে৷ যুৱকজনৰ দুয়োগৰাকী পত্নীয়ে সপ্তাহত তিনিদিন তেওঁলোকৰ স্বামীৰ কাষ লগত একেলগে থাকে।

 প্ৰথম তিনিদিন প্ৰথমা পত্নীয়ে তেওঁৰ স্বামীক সংগ দিয়ে। পৰৱৰ্তী তিনিদিনৰ বাবে যুৱকজনে তেওঁৰ দ্বিতীয়া পত্নীৰ সৈতে সময় অতিবাহিত কৰে। সময়ৰ এই সম বিতৰণে তেওঁলোকৰ কাৰো মাজত শান্তিৰ পৰিবেশ গঢ়ি তুলিছে৷এয়াই শেষ নহয়, সপ্তাহত ছয় দিন পত্নীৰ সৈতে সময় কটোৱাৰ পিছত যুৱকজনৰ বাবে  দেওবাৰটো হাতত থাকে। সেই দিনটোৰ বাবেও এটা ব্যৱস্থাও কৰা হৈছে। পত্নীসকলে তেওঁলোকৰ স্বামীক ছদিন তেওঁলোকৰ লগত  ব্যক্তিগতভাৱে সময় কটোৱাৰ বাবে দেওবাৰটো 'বন্ধ' হিচাবে দিছে। সপ্তাহৰ সেই এদিনত যুৱকজনে পত্নীৰ সৈতে সময় নকটায়৷ সেই দিনটো তেওঁৰ সম্পূৰ্ণ নিজৰ দিন৷ 


যুৱকজনে ২০১৮ চনত গোৱালিয়ৰৰ এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকে দুবছৰ একেলগে বাস কৰিছিল। তেওঁলোকৰ এটা পুত্ৰও আছে। ইয়াৰ পিছত যুৱকজনে কৰোনা মহামাৰীৰ সময়ত তেওঁৰ পত্নী আৰু পুত্ৰক তেওঁৰ পিতৃৰ ঘৰত থৈ আহিছিল। তেনে সময়তে তেওঁৰ এজন সহকৰ্মীৰ সৈতে সম্পৰ্কত স্থাপন হয়। প্ৰথমা পত্নী থকা স্বত্বেও যুৱকজনে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়। দ্বিতীয়া পত্নীৰো এগৰাকী  কন্যা সন্তান জন্ম হৈছে৷

যেতিয়া প্ৰথম পত্নীয়ে এই বিষয়ে জানিব পাৰিছিল তেওঁ যুৱকজনৰ বিৰুদ্ধে পাৰিবাৰিক আদালতত গোচৰ ৰুজু কৰিছিল। তেওঁ তেওঁৰ  স্বামীৰ পৰা ৰক্ষণাবেক্ষণৰ ধন দাবী কৰিছিল। পাৰিবাৰিক আদালতত শুনানিৰ সময়ত দম্পতীহালে আপোচ কৰাৰ পথত খোজ দিছিল৷  সিদ্ধান্ত লোৱা হৈছিল যে যুৱকজনে  দুগৰাকী পত্নীৰ সৈতেই সংসাৰ  কৰিব। সকলোকে সমানে সময় দিব। তেতিয়াৰে পৰা  দুয়োগৰাকী প্তনীয়েই সপ্তাহত তিনি দিনকৈ স্বামীৰ সংগ লাভ কৰি আহিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু