--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী এজন। দুগৰাকী যুৱতীয়ে তেওঁৰ সৈতে এটা সুখী পৰিয়াল গঢ়ি তুলিছে । তেওঁলোকৰ মাজত কেতিয়াও কাজিয়া লগা নাই৷ দুই পত্নীয়ে  দিনটো একেলগেই হাঁহি-মাতি কথা কৈ কটায়। দুই পত্নীক সংগ দিয়াৰ সময়ো ঠিক কৰি লৈছে স্বামীয়ে৷  যাতে কোনো অশান্তি  নহয় তাৰ বাবেই  স্বামীয়ে দুই পত্নীক সমানে সময় দিয়ে৷ যুৱকজনৰ দুয়োগৰাকী পত্নীয়ে সপ্তাহত তিনিদিন তেওঁলোকৰ স্বামীৰ কাষ লগত একেলগে থাকে।

 প্ৰথম তিনিদিন প্ৰথমা পত্নীয়ে তেওঁৰ স্বামীক সংগ দিয়ে। পৰৱৰ্তী তিনিদিনৰ বাবে যুৱকজনে তেওঁৰ দ্বিতীয়া পত্নীৰ সৈতে সময় অতিবাহিত কৰে। সময়ৰ এই সম বিতৰণে তেওঁলোকৰ কাৰো মাজত শান্তিৰ পৰিবেশ গঢ়ি তুলিছে৷এয়াই শেষ নহয়, সপ্তাহত ছয় দিন পত্নীৰ সৈতে সময় কটোৱাৰ পিছত যুৱকজনৰ বাবে  দেওবাৰটো হাতত থাকে। সেই দিনটোৰ বাবেও এটা ব্যৱস্থাও কৰা হৈছে। পত্নীসকলে তেওঁলোকৰ স্বামীক ছদিন তেওঁলোকৰ লগত  ব্যক্তিগতভাৱে সময় কটোৱাৰ বাবে দেওবাৰটো 'বন্ধ' হিচাবে দিছে। সপ্তাহৰ সেই এদিনত যুৱকজনে পত্নীৰ সৈতে সময় নকটায়৷ সেই দিনটো তেওঁৰ সম্পূৰ্ণ নিজৰ দিন৷ 


যুৱকজনে ২০১৮ চনত গোৱালিয়ৰৰ এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকে দুবছৰ একেলগে বাস কৰিছিল। তেওঁলোকৰ এটা পুত্ৰও আছে। ইয়াৰ পিছত যুৱকজনে কৰোনা মহামাৰীৰ সময়ত তেওঁৰ পত্নী আৰু পুত্ৰক তেওঁৰ পিতৃৰ ঘৰত থৈ আহিছিল। তেনে সময়তে তেওঁৰ এজন সহকৰ্মীৰ সৈতে সম্পৰ্কত স্থাপন হয়। প্ৰথমা পত্নী থকা স্বত্বেও যুৱকজনে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয়। দ্বিতীয়া পত্নীৰো এগৰাকী  কন্যা সন্তান জন্ম হৈছে৷

যেতিয়া প্ৰথম পত্নীয়ে এই বিষয়ে জানিব পাৰিছিল তেওঁ যুৱকজনৰ বিৰুদ্ধে পাৰিবাৰিক আদালতত গোচৰ ৰুজু কৰিছিল। তেওঁ তেওঁৰ  স্বামীৰ পৰা ৰক্ষণাবেক্ষণৰ ধন দাবী কৰিছিল। পাৰিবাৰিক আদালতত শুনানিৰ সময়ত দম্পতীহালে আপোচ কৰাৰ পথত খোজ দিছিল৷  সিদ্ধান্ত লোৱা হৈছিল যে যুৱকজনে  দুগৰাকী পত্নীৰ সৈতেই সংসাৰ  কৰিব। সকলোকে সমানে সময় দিব। তেতিয়াৰে পৰা  দুয়োগৰাকী প্তনীয়েই সপ্তাহত তিনি দিনকৈ স্বামীৰ সংগ লাভ কৰি আহিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক