--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণত তিনি শিশুসহ একেটা পৰিয়ালৰ পাঁচজনৰ কৰুণ মৃত্যু। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। 

চহৰখনৰ হাটা হজৰত চাহাব অঞ্চলৰ এটা বাসগৃ্হত দুটা এল পি জি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত একেটা পৰিয়ালৰ ৫ জন লোক নিহত হৈছে।

এই ঘটনাত লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত কাকোৰী থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হয় এই ঘটনা।


বিস্ফোৰণৰ পূৰ্বে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। জুইয়ে ছানি ধৰাৰ ফলত চিলিণ্ডাৰ দুটাৰ বিস্ফোৰণ ঘটি এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়।


আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰিয়ালটোৰ ৯ জন সদস্যক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তিনি শিশুসহ পাঁচজনৰ মৃত্যু হয়।

নিহত লোককেইগৰাকীক মুশ্বীৰ (৫০), তেওঁৰ পত্নী হুছন বানো (৪৫), ৰাইয়া (৭), উমা (৪) আৰু হিনা (২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে ইছা (১৭), লাকাব (২১), আমজাদ (৩৪) আৰু আনম (১৮) নামৰ আনকেইজন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

বিস্ফোৰণটো ইমানেই তীব্ৰ আছিল যে, ঘৰৰ চাদ পৰ্যন্ত ভাঙি পৰে । যাৰফলত ঘটনাস্থলীতেই মুশ্বীৰ, হুছন বানো, উমা, হিনা আৰু ৰাইয়া অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। 

অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনে বহু সময় ধৰি চলোৱা চেষ্টাৰ পাচত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক