--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণত তিনি শিশুসহ একেটা পৰিয়ালৰ পাঁচজনৰ কৰুণ মৃত্যু। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। 

চহৰখনৰ হাটা হজৰত চাহাব অঞ্চলৰ এটা বাসগৃ্হত দুটা এল পি জি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত একেটা পৰিয়ালৰ ৫ জন লোক নিহত হৈছে।

এই ঘটনাত লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত কাকোৰী থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হয় এই ঘটনা।


বিস্ফোৰণৰ পূৰ্বে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। জুইয়ে ছানি ধৰাৰ ফলত চিলিণ্ডাৰ দুটাৰ বিস্ফোৰণ ঘটি এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়।


আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰিয়ালটোৰ ৯ জন সদস্যক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তিনি শিশুসহ পাঁচজনৰ মৃত্যু হয়।

নিহত লোককেইগৰাকীক মুশ্বীৰ (৫০), তেওঁৰ পত্নী হুছন বানো (৪৫), ৰাইয়া (৭), উমা (৪) আৰু হিনা (২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে ইছা (১৭), লাকাব (২১), আমজাদ (৩৪) আৰু আনম (১৮) নামৰ আনকেইজন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

বিস্ফোৰণটো ইমানেই তীব্ৰ আছিল যে, ঘৰৰ চাদ পৰ্যন্ত ভাঙি পৰে । যাৰফলত ঘটনাস্থলীতেই মুশ্বীৰ, হুছন বানো, উমা, হিনা আৰু ৰাইয়া অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। 

অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনে বহু সময় ধৰি চলোৱা চেষ্টাৰ পাচত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু