--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানৰ টয়লেটত উদ্ধাৰ হ’ল কোটি টকাৰ সোণ। দেওবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই ঘটনা সংঘটিত হৈছে। বন্দৰটোত অৱতৰণ কৰা এখন বিদেশী বিমানৰ শৌচালয়ৰ পৰা প্ৰায় ২ কোটি টকাৰ সোণৰ বিস্কুট উদ্ধাৰ কৰিছে দিল্লীৰ শুল্ক বিভাগে।

শুল্ক বিভাগৰ বিষয়াসকলে জনোৱা মতে, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বিমানখনত তালাচী চলোৱা হয়। বিমানবন্দৰৰ ২ নং টাৰ্মিনেলত ৰখাই থোৱা এখন বিদেশী বিমানত উদ্ধাৰ হয় এই বিশাল মূল্যৰ সোণ। বিমানখনৰ শৌচাগাৰৰ ভিতৰত এটা ধূসৰ পেকেট প্ৰত্যক্ষ কৰে নিৰাপত্তাৰক্ষীয়ে। সেই পেকেটটো খুলিয়েই চাৰিটা সোণৰ বিস্কুট লাভ কৰে বিষয়া সকলে।

জানিব পৰা মতে উদ্ধাৰ হোৱা সোণখিনিৰ ওজন ৩.৯৬৯ গ্ৰাম। এই সোণৰ বিস্কুটখিনিৰ বজাৰ মূল্য ১ কোটি ৯৫ লাখ টকাতকৈও অধিক বুলি জানিব পৰা গৈছে।

সোণখিনি ক’ৰ পৰা আনিছিল আৰু ক’লৈ লৈ যোৱাৰ পৰিকল্পনা আছিল সেই বিষয়ে তদন্ত চলাই আছে শুল্ক বিভাগে।

উল্লেখ্য যে বিভিন্ন দেশৰ পৰা সোণ সৰবৰাহৰ ঘটনা এয়া নতুন নহয়। আফ্ৰিকা আৰু পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ পৰা ভাৰতলৈ সস্তীয়া সোণ আমদানি কৰাৰ প্ৰচেষ্টা দীৰ্ঘ সময়ৰ পৰাই অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক