--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি তথা সুপৰিচিত ইছলামিক পণ্ডিত মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে শেহতীয়াকৈ এটা ফটোৱা জাৰি কৰিছে। ৰাজৱীয়ে ফটোৱা জাৰি কৰে যে অমুছলমান যুৱকক বিয়া পাতি যিসকল মুছলমান যুৱতীয়ে ‘সিন্দুৰ’, ‘কালৱা’ আৰু ‘বিন্দি’ পৰিধান কৰিছে, তেওঁলোকে ইছলামৰ নীতিৰ বিৰুদ্ধাচৰণ কৰিছে।

উত্তৰপ্ৰদেশৰ বেৰেইলীৰ দৰগাহ আলা হজৰতৰ সৈতে জড়িত মুফতি মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে দেওবাৰে সংবাদমেলৰ ফতোৱা ৰাজহুৱা কৰে। তেওঁ কয় যে শ্বৰীয়া আইন অনুযায়ী, মহিলাসকলে অন্য ধৰ্মৰ প্ৰতীক পিন্ধিব নোৱাৰে। মৌলবীগৰাকীয়ে কয় যে এনে প্ৰথা অনুসৰণ কৰা মহিলাসকলে আচলতে ইছলামিক জীৱনশৈলীৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা নাই আৰু তেওঁলোকক নিৰ্বাসন দিব পাৰি।

লাভ জেহাদৰ বিৰুদ্ধেও ফাতোৱা জাৰি কৰিছে বাৰেলভি উলামাই। ফতোৱা অনুসৰি, শ্বৰীয়তৰ আধাৰত পৰিচয় লুকুৱাই কৰা বিবাহক অবৈধ আৰু হাৰাম বুলি গণ্য কৰা হৈছে। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ লগতে আন কেইবাখনো ৰাজ্যই ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল যদিও এনে কাণ্ডসমূহ ঘটি আছে।

মৌলবীগৰাকীয়ে কয়, ছ’চিয়েল মিডিয়াত দেখা গৈছে যে মুছলমান যুৱকে নিজৰ ধৰ্মীয় পৰিচয় লুকুৱাই ‘তিলক’ পৰিধান কৰি হিন্দু নাম গ্ৰহণ কৰে। ই শ্বৰীয়ত বিৰোধী আৰু অবৈধ। মৌলানাই কোৰআনৰ উদ্ধৃতি দি কয় যে ইছলাম ধৰ্ম গ্ৰহণ নকৰা কোনো অমুছলমানক বিয়া কৰাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু