--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি তথা সুপৰিচিত ইছলামিক পণ্ডিত মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে শেহতীয়াকৈ এটা ফটোৱা জাৰি কৰিছে। ৰাজৱীয়ে ফটোৱা জাৰি কৰে যে অমুছলমান যুৱকক বিয়া পাতি যিসকল মুছলমান যুৱতীয়ে ‘সিন্দুৰ’, ‘কালৱা’ আৰু ‘বিন্দি’ পৰিধান কৰিছে, তেওঁলোকে ইছলামৰ নীতিৰ বিৰুদ্ধাচৰণ কৰিছে।

উত্তৰপ্ৰদেশৰ বেৰেইলীৰ দৰগাহ আলা হজৰতৰ সৈতে জড়িত মুফতি মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে দেওবাৰে সংবাদমেলৰ ফতোৱা ৰাজহুৱা কৰে। তেওঁ কয় যে শ্বৰীয়া আইন অনুযায়ী, মহিলাসকলে অন্য ধৰ্মৰ প্ৰতীক পিন্ধিব নোৱাৰে। মৌলবীগৰাকীয়ে কয় যে এনে প্ৰথা অনুসৰণ কৰা মহিলাসকলে আচলতে ইছলামিক জীৱনশৈলীৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা নাই আৰু তেওঁলোকক নিৰ্বাসন দিব পাৰি।

লাভ জেহাদৰ বিৰুদ্ধেও ফাতোৱা জাৰি কৰিছে বাৰেলভি উলামাই। ফতোৱা অনুসৰি, শ্বৰীয়তৰ আধাৰত পৰিচয় লুকুৱাই কৰা বিবাহক অবৈধ আৰু হাৰাম বুলি গণ্য কৰা হৈছে। তেওঁ কয় যে উত্তৰ প্ৰদেশৰ লগতে আন কেইবাখনো ৰাজ্যই ধৰ্মান্তৰকৰণ বিৰোধী আইন গ্ৰহণ কৰিছিল যদিও এনে কাণ্ডসমূহ ঘটি আছে।

মৌলবীগৰাকীয়ে কয়, ছ’চিয়েল মিডিয়াত দেখা গৈছে যে মুছলমান যুৱকে নিজৰ ধৰ্মীয় পৰিচয় লুকুৱাই ‘তিলক’ পৰিধান কৰি হিন্দু নাম গ্ৰহণ কৰে। ই শ্বৰীয়ত বিৰোধী আৰু অবৈধ। মৌলানাই কোৰআনৰ উদ্ধৃতি দি কয় যে ইছলাম ধৰ্ম গ্ৰহণ নকৰা কোনো অমুছলমানক বিয়া কৰাব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement