--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰহৰ জনশক্তি পাৰ্টিৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ বিধায়ক বচ্চু কাডুৰ এটা মন্তব্য চৰ্চালৈ আহিছে। বিধানসভাত প্ৰতিনিধিগৰাকীয়ে প্ৰস্তাৱ আগবঢ়ায় যে ৰাজপথত পথচাৰীৰ ওপৰত অশান্তি কৰা কুকুৰবিলাক অসমলৈ পঠিয়াব লাগে।। বাচ্চুৰ দাবী, অসমবাসীয়ে কুকুৰৰ মাংস খায়! বিধায়কগৰাকীৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে পশুপ্ৰেমীসকলে।

মহাৰাষ্ট্ৰ বিধানসভাৰ দুই বিধায়ক প্ৰতাপ সাৰ্নাইক আৰু অতুল ভাটখালকাৰে ৰাজপথৰ কুকুৰৰ সমস্যাক লৈ আলোচনা কৰি আছিল। ইয়াত বাচ্চুৱে কয়- ''অসমত ৰাজপথৰ কুকুৰৰ বিপুল চাহিদা আছে। এটা কুকুৰ বিক্ৰী হয় ৮ হাজাৰ টকাত। ৰাজ্যত ৰাজপথৰ কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসমলৈ পঠিয়াব লাগে।”

বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে আৰম্ভ হ’ল বিতৰ্ক। বিধায়কগৰাকীয়ে কিয় এনে কথা কয় মুম্বাইৰ পশুপ্ৰেমীসকলে বুজি নাপায়। বহুতে দাবী কৰে যে এই মন্তব্য আচলতে বিধায়কগৰাকীৰ সামগ্ৰিক মনোভাৱৰ প্ৰকাশ।

কিছুদিন পূৰ্বেও ঝাৰখণ্ডৰ বিজেপি বিধায়ক বীৰাঞ্চি নাৰায়ণে ৰাজপথৰ কুকুৰক লৈ মন্তব্য কৰিছিল। তেওঁ কৈছিল- ''যদি অকল ৰাজ্য চৰকাৰে অঘৰী কুকুৰৰ সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে নাগালেণ্ডৰ জনসাধাৰণক মাতিব লাগে। সমস্যাটো ক্ষন্তেকতে সমাধান হ’ব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক