--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰহৰ জনশক্তি পাৰ্টিৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ বিধায়ক বচ্চু কাডুৰ এটা মন্তব্য চৰ্চালৈ আহিছে। বিধানসভাত প্ৰতিনিধিগৰাকীয়ে প্ৰস্তাৱ আগবঢ়ায় যে ৰাজপথত পথচাৰীৰ ওপৰত অশান্তি কৰা কুকুৰবিলাক অসমলৈ পঠিয়াব লাগে।। বাচ্চুৰ দাবী, অসমবাসীয়ে কুকুৰৰ মাংস খায়! বিধায়কগৰাকীৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে পশুপ্ৰেমীসকলে।

মহাৰাষ্ট্ৰ বিধানসভাৰ দুই বিধায়ক প্ৰতাপ সাৰ্নাইক আৰু অতুল ভাটখালকাৰে ৰাজপথৰ কুকুৰৰ সমস্যাক লৈ আলোচনা কৰি আছিল। ইয়াত বাচ্চুৱে কয়- ''অসমত ৰাজপথৰ কুকুৰৰ বিপুল চাহিদা আছে। এটা কুকুৰ বিক্ৰী হয় ৮ হাজাৰ টকাত। ৰাজ্যত ৰাজপথৰ কুকুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসমলৈ পঠিয়াব লাগে।”

বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে আৰম্ভ হ’ল বিতৰ্ক। বিধায়কগৰাকীয়ে কিয় এনে কথা কয় মুম্বাইৰ পশুপ্ৰেমীসকলে বুজি নাপায়। বহুতে দাবী কৰে যে এই মন্তব্য আচলতে বিধায়কগৰাকীৰ সামগ্ৰিক মনোভাৱৰ প্ৰকাশ।

কিছুদিন পূৰ্বেও ঝাৰখণ্ডৰ বিজেপি বিধায়ক বীৰাঞ্চি নাৰায়ণে ৰাজপথৰ কুকুৰক লৈ মন্তব্য কৰিছিল। তেওঁ কৈছিল- ''যদি অকল ৰাজ্য চৰকাৰে অঘৰী কুকুৰৰ সমস্যা সমাধান কৰিব নোৱাৰে তেন্তে নাগালেণ্ডৰ জনসাধাৰণক মাতিব লাগে। সমস্যাটো ক্ষন্তেকতে সমাধান হ’ব।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু