--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ  ব্যৱসায়িক শ্ৰেণীত সংঘটিত হৈছে এক আচৰিত ঘটনা। মাতাল পুৰুষ যাত্ৰী এজনে এগৰাকী  মহিলা যাত্ৰীৰ মূৰৰ ওপৰতে  প্ৰস্ৰাৱ কৰি দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো ২০২২ চনৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা নতুন দিল্লীলৈ উৰা মৰা  এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত হৈছিল। এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা মতে  অপৰাধ সংঘটিত কৰা মাতাল লোক জনৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  অভিযুক্তজনক 'নো ফ্লাই' তালিকাত ৰাখিবলৈ পৰামৰ্শ দিয়া দিয়া। যাতে তেওঁ আৰু কোনো দিনেই বিমানত উঠিব নোৱাৰে। 


২৬ নৱেম্বৰত নিউয়ৰ্ক-দিল্লী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ব্যৱসায়িক শ্ৰেণীত এজন সুৰাসক্ত ব্যক্তিয়ে এগৰাকী মহিলা যাত্ৰীৰ মূৰৰ ওপৰতে প্ৰস্ৰাৱ কৰি দিছিল।ফলত মহিলা যাত্ৰীগৰাকী তিতি একাকাৰ হৈছিল।  এয়াৰ ইণ্ডিয়াই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু পুৰুষ যাত্ৰীজনক 'নো ফ্লাই' তালিকাত ৰখাৰ পৰামৰ্শ দি এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিমানখন আমেৰিকাৰ পৰা  নতুন দিল্লীলৈ গৈ আছিল। 

এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই কয়  যে পুৰুষ যাত্ৰীজনক নো-ফ্লাই তালিকাত ৰখাৰ বিষয়টো চৰকাৰী সমিতিয়ে বিবেচনা কৰি আছে আৰু এটা কঠোৰ  সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা হৈছে। |  মহিলা যাত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণলৈ  পত্ৰ লিখি ঘটনাটো অবগত কৰিছে। প্ৰতিবেদন দিয়াৰ পিছত ঘটনাটো পোহৰলৈ আহিছিল আৰু বিমানখনত তেওঁৰ দুখজনক অভিজ্ঞতাৰ কথা মনত পেলাইছিল। পত্ৰ খনত তেওঁ অভিযোগ কৰিছে যে তেওঁ  কেবিন ক্ৰুসকলক এই বিষয়ে  অবগত কৰিছিল,  কিন্তু বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত যাত্ৰীজনে মুক্ত ভাৱে খোজকাঢ়ি ওলাই যাব পাৰিছিল ।


ঘটনাটো এআই-১০২ বিমানত সংঘটিত হৈছিল। দুপৰীয়াৰ আহাৰ পৰিৱেশন কৰাৰ অলপ পিছতে  লাইট বন্ধ কৰা হৈছিল  আৰু তেতিয়াই  মাতাল লোকজনে  মহিলা যাত্ৰীগৰাকীৰ  আসনৰ কাষলৈ আহি   প্ৰস্ৰাৱ কৰি দিছিল। ফলত মহিলাগৰাকীৰ কাপোৰ, জোতা আৰু মোনা প্ৰস্ৰাৱত তিতি  গৈছিল । বিমানৰ  কৰ্মচাৰীসকলে তেওঁক নতুন কাপোৰৰ এটা ছেট দিছিল । 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু