--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ  ব্যৱসায়িক শ্ৰেণীত সংঘটিত হৈছে এক আচৰিত ঘটনা। মাতাল পুৰুষ যাত্ৰী এজনে এগৰাকী  মহিলা যাত্ৰীৰ মূৰৰ ওপৰতে  প্ৰস্ৰাৱ কৰি দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো ২০২২ চনৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা নতুন দিল্লীলৈ উৰা মৰা  এয়াৰ ইণ্ডিয়াৰ এখন বিমানত সংঘটিত হৈছিল। এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা মতে  অপৰাধ সংঘটিত কৰা মাতাল লোক জনৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  অভিযুক্তজনক 'নো ফ্লাই' তালিকাত ৰাখিবলৈ পৰামৰ্শ দিয়া দিয়া। যাতে তেওঁ আৰু কোনো দিনেই বিমানত উঠিব নোৱাৰে। 


২৬ নৱেম্বৰত নিউয়ৰ্ক-দিল্লী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ব্যৱসায়িক শ্ৰেণীত এজন সুৰাসক্ত ব্যক্তিয়ে এগৰাকী মহিলা যাত্ৰীৰ মূৰৰ ওপৰতে প্ৰস্ৰাৱ কৰি দিছিল।ফলত মহিলা যাত্ৰীগৰাকী তিতি একাকাৰ হৈছিল।  এয়াৰ ইণ্ডিয়াই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু পুৰুষ যাত্ৰীজনক 'নো ফ্লাই' তালিকাত ৰখাৰ পৰামৰ্শ দি এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিমানখন আমেৰিকাৰ পৰা  নতুন দিল্লীলৈ গৈ আছিল। 

এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই কয়  যে পুৰুষ যাত্ৰীজনক নো-ফ্লাই তালিকাত ৰখাৰ বিষয়টো চৰকাৰী সমিতিয়ে বিবেচনা কৰি আছে আৰু এটা কঠোৰ  সিদ্ধান্তৰ বাবে অপেক্ষা কৰি থকা হৈছে। |  মহিলা যাত্ৰীগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণলৈ  পত্ৰ লিখি ঘটনাটো অবগত কৰিছে। প্ৰতিবেদন দিয়াৰ পিছত ঘটনাটো পোহৰলৈ আহিছিল আৰু বিমানখনত তেওঁৰ দুখজনক অভিজ্ঞতাৰ কথা মনত পেলাইছিল। পত্ৰ খনত তেওঁ অভিযোগ কৰিছে যে তেওঁ  কেবিন ক্ৰুসকলক এই বিষয়ে  অবগত কৰিছিল,  কিন্তু বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত যাত্ৰীজনে মুক্ত ভাৱে খোজকাঢ়ি ওলাই যাব পাৰিছিল ।


ঘটনাটো এআই-১০২ বিমানত সংঘটিত হৈছিল। দুপৰীয়াৰ আহাৰ পৰিৱেশন কৰাৰ অলপ পিছতে  লাইট বন্ধ কৰা হৈছিল  আৰু তেতিয়াই  মাতাল লোকজনে  মহিলা যাত্ৰীগৰাকীৰ  আসনৰ কাষলৈ আহি   প্ৰস্ৰাৱ কৰি দিছিল। ফলত মহিলাগৰাকীৰ কাপোৰ, জোতা আৰু মোনা প্ৰস্ৰাৱত তিতি  গৈছিল । বিমানৰ  কৰ্মচাৰীসকলে তেওঁক নতুন কাপোৰৰ এটা ছেট দিছিল । 











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক