--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিমুদ্ৰাকৰণৰ সময়ত  হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল, তেওঁলোকৰ মৃত্যুৰ  বাবে কোন দায়ী? এয়া  এক ধৰণৰ অৰ্থনৈতিক সন্ত্ৰাসবাদ আছিল, যাক দেশলৈ অনা হৈছিল। আমি ন্যায়াধীশ নাগাৰাথানাৰ সৈতে একমত যিয়ে ইয়াক অবৈধ বুলি অভিহিত কৰিছিল। কিন্তু তথাপিও আমি আদালতক অভিবাদন জনাইছো'- বিমুদ্ৰাকৰণকলৈ এনেদৰে মন্তব্য কৰিলে  শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১,০০০ আৰু ৫০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। ক'লা ধন নোবহোৱা কৰা , সন্ত্ৰাসবাদীৰ পুঁজি হ্ৰাস কৰা , সন্ত্ৰাসবাদীক যোগান ধৰা ধন বন্ধ কৰা , প্ৰচলিত নিচাজাতীয় সামগ্ৰীৰ বজাৰ আৰু জাল নোটৰ প্ৰচলন বন্ধ কৰা আদি কৰিবলৈ বিমুদ্ৰাকৰণ কৰা হৈছিল। কিন্তু সেয়া হ’লনে বুলিও ৰাউতে প্ৰশ্ন কৰে। তেওঁ কয় যে  সন্ত্ৰাসবাদ হ্ৰাস হোৱা নাই। সন্ত্ৰাসবাদীৰ পুঁজিও বন্ধ হোৱা নাই । বিমুদ্ৰাকৰণ কিমান আইনী সেয়া মানুহৰ মনত এটা প্ৰশ্ন হৈয়েই আছে। উল্লেখ্য উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ বিমুদ্ৰাকৰণক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানি অনুষ্ঠিত কৰে৷ এক শুনানিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ সিদ্ধান্তত কোনো ভুল নাছিল বুলি ৰায় প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে এইটোও কৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ কোনো বিত্তীয় সিদ্ধান্ত সলনি কৰিব নোৱাৰি। 

উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে সিদ্ধান্তটো কেনেদৰে লোৱা হৈছে সেয়া বিবেচনা কৰি কেন্দ্ৰৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) সৈতে ছয় মাহৰ আলোচনাৰ পাছত কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়টো ঘোষণা কৰাৰ সময়ত এইদৰে কৈছিল। চাৰিজন ন্যায়াধীশে কেন্দ্ৰৰ সিদ্ধান্তৰ সপক্ষে আৰু এজনে ইয়াৰ বিৰুদ্ধে ভোট দিছিল।

বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত প্ৰায় ৫৮খন আবেদন দাখিল কৰা হৈছিল। আবেদনকাৰীসকলে যুক্তি দিছিল যে চৰকাৰে সঠিক পৰিকল্পনাৰে এই সিদ্ধান্ত লোৱা নাছিল আৰু সিদ্ধান্তটো তৎক্ষণাৎ বাতিল কৰা উচিত। চৰকাৰৰ প্ৰতি-যুক্তি আছিল যে বাস্তৱত এই সিদ্ধান্ত বাতিল কৰা সম্ভৱ নহয়। ন্যায়াধীশ এছ.এ. নাজিৰৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে পূৰ্বে বাদী-বিৰোধীৰ যুক্তি শুনিছিল আৰু ৭ ডিচেম্বৰত ৰায়টো স্থগিত ৰাখিছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক