--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত এগৰাকী যুৱতীক গাড়ীয়ে চোঁচৰাই নিয়াৰ ফলত হোৱা মৃত্যুৱে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অঞ্জলি সিং নামৰ কুৰি বছৰীয়া যুৱতীগৰাকীৰ  মৃত্যুৰ তথ্য  এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে। শেহতীয়াকৈ আৰক্ষীয়ে জানিব পাৰিছে যে চুলতানপুৰৰ ঘটনাৰ সময়ত অঞ্জলি সিং নামৰ যুৱতীগৰাকী  অকলে নাছিল। তেওঁৰ লগত তেওঁৰ বান্ধৱী  নিধিও আছিল। নিধিয়ে   কৈছে  যে অঞ্জলীয়ে অত্যধিক  সুৰাপান কৰিছিল। সেই পৰিস্থিতিত তেওঁক স্কুটি চলাবলৈ মানা কৰাৰ বাবে   তৰ্কও হৈছিল। 

আৰক্ষীয়ে লাভ কৰা চিচিটিভি ফুটেজতো নিধিৰ সৈতে অঞ্জলীৰ বিবাদ হোৱা দেখা গৈছে। বিবাদৰ পিছতে পিছত নিধিয়ে সেই ঠাইৰ পৰা  গুচি গৈছিল। দুৰ্ঘটনাৰ পিছত নিধিয়ে নিজেই আৰক্ষীৰ কাষ চাপে।   আৰক্ষীয়ে নিধিকো  জেৰা কৰি আছে। তেওঁ আৰক্ষীক কৈছে  যে অঞ্জলিয়ে সুৰামত্ত অৱস্থাত স্কুটি চলাব বিচৰাৰ বাবেই  তেওঁ আতংকিত হৈছিল।

 নিধিয়ে কয়  "সেইদিনা অঞ্জলিয়ে বহুত বেছি  সুৰাপান কৰিছিল। তথাপিও তেওঁ স্কুটি চলাব বিচাৰিছিল। সেই সময়তে এখন গাড়ীয়ে আহি তেওঁক খুন্দা মাৰিছিল। মই এফালে চিটিকি পৰিছিলোঁ।  অঞ্জলীৰ ভৰি খন গাড়ীৰ তলত লাগি ধৰিছিল। তাৰ পিছত গাড়ীখনে তেওঁক টানি নিবলৈ আৰম্ভ কৰিছিল। মই ভয় খাইছিলোঁ আৰু তাৰ পৰা পলাই গৈছিলো। মই ঘটনাটোৰ বিষয়ে কাকো কোৱা নাছিলো। মই আৰক্ষীক নজনোৱাকৈ ঘৰলৈ উভতি গৈছিলো। "

 অঞ্জলীয়ে সেই সময়ত চিঞৰি আছিল। নিধিয়ে কৈছিল, "গোটেই পৰিস্থিতিটো দেখি বৰ দুখ লাগিছিল। ভয় খাই মই ঘৰলৈ উভতি গৈছিলো। "দিল্লীৰ বিশেষ আইন-শৃংখলা আয়ুক্ত এছ পি হুডাই কৈছিল যে নিধিৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে। তেওঁৰ বিবৃতিয়ে তদন্তটো আৰু ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। ইফালে মৰণোত্তৰ পৰীক্ষাৰ পিছত অঞ্জলীৰ মৃতদেহ তেওঁৰ পৰিয়ালক চমজাই দিয়া হৈছে।  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে  যে তেওঁৰ ওপৰত কোনো যৌন নিৰ্যাতন হোৱা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক