--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত এগৰাকী যুৱতীক গাড়ীয়ে চোঁচৰাই নিয়াৰ ফলত হোৱা মৃত্যুৱে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অঞ্জলি সিং নামৰ কুৰি বছৰীয়া যুৱতীগৰাকীৰ  মৃত্যুৰ তথ্য  এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে। শেহতীয়াকৈ আৰক্ষীয়ে জানিব পাৰিছে যে চুলতানপুৰৰ ঘটনাৰ সময়ত অঞ্জলি সিং নামৰ যুৱতীগৰাকী  অকলে নাছিল। তেওঁৰ লগত তেওঁৰ বান্ধৱী  নিধিও আছিল। নিধিয়ে   কৈছে  যে অঞ্জলীয়ে অত্যধিক  সুৰাপান কৰিছিল। সেই পৰিস্থিতিত তেওঁক স্কুটি চলাবলৈ মানা কৰাৰ বাবে   তৰ্কও হৈছিল। 

আৰক্ষীয়ে লাভ কৰা চিচিটিভি ফুটেজতো নিধিৰ সৈতে অঞ্জলীৰ বিবাদ হোৱা দেখা গৈছে। বিবাদৰ পিছতে পিছত নিধিয়ে সেই ঠাইৰ পৰা  গুচি গৈছিল। দুৰ্ঘটনাৰ পিছত নিধিয়ে নিজেই আৰক্ষীৰ কাষ চাপে।   আৰক্ষীয়ে নিধিকো  জেৰা কৰি আছে। তেওঁ আৰক্ষীক কৈছে  যে অঞ্জলিয়ে সুৰামত্ত অৱস্থাত স্কুটি চলাব বিচৰাৰ বাবেই  তেওঁ আতংকিত হৈছিল।

 নিধিয়ে কয়  "সেইদিনা অঞ্জলিয়ে বহুত বেছি  সুৰাপান কৰিছিল। তথাপিও তেওঁ স্কুটি চলাব বিচাৰিছিল। সেই সময়তে এখন গাড়ীয়ে আহি তেওঁক খুন্দা মাৰিছিল। মই এফালে চিটিকি পৰিছিলোঁ।  অঞ্জলীৰ ভৰি খন গাড়ীৰ তলত লাগি ধৰিছিল। তাৰ পিছত গাড়ীখনে তেওঁক টানি নিবলৈ আৰম্ভ কৰিছিল। মই ভয় খাইছিলোঁ আৰু তাৰ পৰা পলাই গৈছিলো। মই ঘটনাটোৰ বিষয়ে কাকো কোৱা নাছিলো। মই আৰক্ষীক নজনোৱাকৈ ঘৰলৈ উভতি গৈছিলো। "

 অঞ্জলীয়ে সেই সময়ত চিঞৰি আছিল। নিধিয়ে কৈছিল, "গোটেই পৰিস্থিতিটো দেখি বৰ দুখ লাগিছিল। ভয় খাই মই ঘৰলৈ উভতি গৈছিলো। "দিল্লীৰ বিশেষ আইন-শৃংখলা আয়ুক্ত এছ পি হুডাই কৈছিল যে নিধিৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে। তেওঁৰ বিবৃতিয়ে তদন্তটো আৰু ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। ইফালে মৰণোত্তৰ পৰীক্ষাৰ পিছত অঞ্জলীৰ মৃতদেহ তেওঁৰ পৰিয়ালক চমজাই দিয়া হৈছে।  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে  যে তেওঁৰ ওপৰত কোনো যৌন নিৰ্যাতন হোৱা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প