--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত বিমান সংস্থাৰ বিমানত যাত্ৰা কৰি আছিল এজন ফুড ব্লগাৰ। সেই ভ্ৰমণত দিয়া খাদ্য খোৱাৰ পিছত হঠাতে পুৰণি দিনবোৰ মনত পৰিল। নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত বিমানখনৰ খাদ্যৰ ওপৰত এটা পৰ্যালোচনা পোষ্ট কৰি তেওঁ লিখিছে, “নষ্টালজিয়াত আক্ৰান্ত হৈছো। পুৰণি হোষ্টেল কেণ্টিনৰ খাদ্যৰ কথা মনত পৰিছে।’’

পোষ্টটোত তেওঁক পৰিবেশন কৰা খাদ্যৰ ব্লগাৰজনে পোষ্ট কৰা ফটোখনত ভাতৰ সৈতে পৰিবেশন কৰা তৰকাৰী আৰু কুকুৰাৰ মাংস দেখা গৈছে। লগত এটা ৰাউণ্ড ৰুটি, মাখন আৰু চকলেটৰ এটা মিঠা বস্তু। কেপচনত ব্লগাৰজনে লিখিছে, "মই মনত পেলাইছিলো নিম্নমানৰ হোষ্টেলৰ অনিচ্ছুক ৰান্ধনীজনে প্ৰস্তুত কৰা খাদ্য।"

ব্লগাৰজনে কিয় এনে অনুভৱ কৰিছিল সেই বিষয়েও বিতং ব্যাখ্যা আগবঢ়ায়। X হেণ্ডেলত যাৰ নাম কৃপাল অমন্না। তেওঁ লিখিছে, “এই খাদ্য মোক ভিষ্টাৰৰ বিমান UK820 ত দিয়া হৈছিল। পাণচে, সোৱাদবিহীন, টেলো জোল, কুকুৰাটো বহুত আগতে খাব লাগিছিল যেন লাগিছিল। আৰু চকলেট ডেজাৰ্টটোৰ সোৱাদ কিণ্ডাৰগাৰ্টেনৰ ল’ৰা-ছোৱালীয়ে বনোৱা যেন লাগিল।’’

কৃপালৰ এই পোষ্ট ভাইৰেল হোৱাৰ পিছত বিমান সংস্থাটোৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিষ্টাৰাই দুটা টুইটৰ ধাৰাবাহিকভাৱে লিখিছে, ‘এই খাদ্য স্বাস্থ্যসন্মত পদ্ধতিৰে আৰু উচ্চতম মানদণ্ড বজাই ৰাখি প্ৰস্তুত কৰা হৈছে। কিন্তু ভাল নোপোৱা বুলি শুনি ক্ষমা কৰিব।'' দ্বিতীয়টো টুইটত বিস্তাৰাই কৃপালক বিমানৰ সবিশেষৰ সৈতে অভিযোগ উত্থাপন কৰিবলৈ কয়। তেওঁলোকে বিষয়টো শীঘ্ৰে চাবলৈ চেষ্টা কৰিব বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ