--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত বিমান সংস্থাৰ বিমানত যাত্ৰা কৰি আছিল এজন ফুড ব্লগাৰ। সেই ভ্ৰমণত দিয়া খাদ্য খোৱাৰ পিছত হঠাতে পুৰণি দিনবোৰ মনত পৰিল। নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত বিমানখনৰ খাদ্যৰ ওপৰত এটা পৰ্যালোচনা পোষ্ট কৰি তেওঁ লিখিছে, “নষ্টালজিয়াত আক্ৰান্ত হৈছো। পুৰণি হোষ্টেল কেণ্টিনৰ খাদ্যৰ কথা মনত পৰিছে।’’

পোষ্টটোত তেওঁক পৰিবেশন কৰা খাদ্যৰ ব্লগাৰজনে পোষ্ট কৰা ফটোখনত ভাতৰ সৈতে পৰিবেশন কৰা তৰকাৰী আৰু কুকুৰাৰ মাংস দেখা গৈছে। লগত এটা ৰাউণ্ড ৰুটি, মাখন আৰু চকলেটৰ এটা মিঠা বস্তু। কেপচনত ব্লগাৰজনে লিখিছে, "মই মনত পেলাইছিলো নিম্নমানৰ হোষ্টেলৰ অনিচ্ছুক ৰান্ধনীজনে প্ৰস্তুত কৰা খাদ্য।"

ব্লগাৰজনে কিয় এনে অনুভৱ কৰিছিল সেই বিষয়েও বিতং ব্যাখ্যা আগবঢ়ায়। X হেণ্ডেলত যাৰ নাম কৃপাল অমন্না। তেওঁ লিখিছে, “এই খাদ্য মোক ভিষ্টাৰৰ বিমান UK820 ত দিয়া হৈছিল। পাণচে, সোৱাদবিহীন, টেলো জোল, কুকুৰাটো বহুত আগতে খাব লাগিছিল যেন লাগিছিল। আৰু চকলেট ডেজাৰ্টটোৰ সোৱাদ কিণ্ডাৰগাৰ্টেনৰ ল’ৰা-ছোৱালীয়ে বনোৱা যেন লাগিল।’’

কৃপালৰ এই পোষ্ট ভাইৰেল হোৱাৰ পিছত বিমান সংস্থাটোৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিষ্টাৰাই দুটা টুইটৰ ধাৰাবাহিকভাৱে লিখিছে, ‘এই খাদ্য স্বাস্থ্যসন্মত পদ্ধতিৰে আৰু উচ্চতম মানদণ্ড বজাই ৰাখি প্ৰস্তুত কৰা হৈছে। কিন্তু ভাল নোপোৱা বুলি শুনি ক্ষমা কৰিব।'' দ্বিতীয়টো টুইটত বিস্তাৰাই কৃপালক বিমানৰ সবিশেষৰ সৈতে অভিযোগ উত্থাপন কৰিবলৈ কয়। তেওঁলোকে বিষয়টো শীঘ্ৰে চাবলৈ চেষ্টা কৰিব বুলি কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু