--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃষকসকলৰ প্ৰতি দৰদী হৈ উঠিছে ৰাহুল গান্ধী৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৃষক বিদ্ৰোহে মোদী চৰকাৰক বিব্ৰত কৰাৰ সময়তে কংগ্ৰেছে কৃষকৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ কিষাণ ন্যায় গেৰাণ্টিৰ অধীনত কৃষকসকলৰ প্ৰতি পাঁচটা বৃহৎ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে। কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতি চলিত কৃষকৰ আন্দোলনৰ মাজত আহিছে, যিহেতু কৃষকসকলেও তেওঁলোকৰ কেইবাটাও দাবী মানি ল’লৈ কেন্দ্ৰক হেঁচা অব্যাহত ৰাখিছে।

কৃষকসকলক কংগ্ৰেছৰ পাঁচটা বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত আছে -

১) স্বামীনাথন আয়োগৰ পৰামৰ্শৰ অধীনত ন্যূনতম সমৰ্থন মূল্যৰ আইনী স্থিতিৰ গেৰাণ্টি৷

২) কৃষকসকলৰ ঋণ মাফ কৰিবলৈ আৰু ঋণ ৰেহাইৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ এক স্থায়ী কৃষি ঋণ ৰেহাই আয়োগ সৃষ্টি কৰাৰ গেৰাণ্টি।

৩) বীমা আঁচনি সলনি কৰি শস্য ৰক্ষাৰ ক্ষেত্ৰত ৩০ দিনৰ ভিতৰত কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ পৰিশোধ নিশ্চিত কৰাৰ গেৰাণ্টি।

৪) কৃষকসকলৰ স্বাৰ্থ আগুৱাই ৰাখি নতুন আমদানি-ৰপ্তানি নীতি প্ৰস্তুত কৰাৰ গেৰাণ্টি৷

৫) কৃষিজাত সামগ্ৰীৰ পৰা জিএছটি আঁতৰাই কৃষকসকলক জিএছটি-মুক্ত কৰাৰ নিশ্চয়তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু