--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিমানবন্দৰত কোকেইন সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰে এজন বিদেশী যাত্ৰী। উদ্ধাৰ হোৱা কোকেইনৰ বজাৰ মূল্য ১১ কোটি টকা। দেওবাৰে পোহৰলৈ আহে এই ঘটনা।

সংবাদ সংস্থা পিটিআইৰ মতে, ১৮ জুনত ইথিওপিয়াৰ আদিছ আবাবাৰ পৰা দিল্লীলৈ উভতি আহিছিল গিনি বিছাউৰ এজন নাগৰিক। দিল্লী বিমানবন্দৰত তালাচীৰ সময়তে ধৰা পৰে মহিলাগৰাকী। তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীয়ে ৫৯টা কোকেইন কেপচুল গিলি পেলোৱা বুলি জানিব পাৰে।

ইয়াৰ পিছতে মহিলা যাত্ৰীগৰাকীক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতে তেওঁৰ পেটৰ পৰা কোকেইন উলিয়াই দিয়া হ’ল। উদ্ধাৰ হৈছে ৭২৪ গ্ৰাম কোকেইন। পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

বিমানবন্দৰত ড্ৰাগছ উদ্ধাৰৰ এনে ঘটনা কেইবাবাৰো পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে মুম্বাই বিমানবন্দৰত ২৮ কোটি টকাৰ কোকেইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। সংবাদ সংস্থা এএনআইৰ মতে, ড্ৰাগছটো এটা বেগৰ তলত লুকুৱাই ৰাখিছিল। সেইবাৰ যাত্ৰীজনৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় তিনি কেজি ড্ৰাগছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন