--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকৰ পাছতেই দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাক্ষাৎ কৰে। এন বীৰেন সিঙে দেওবাৰে পুৱা ইম্ফলৰ পৰা গৈ দিল্লীত উপস্থিত হয় আৰু প্ৰায় ৪৫ মিনিটৰ বাবে অমিত শ্বাহক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে।

এন বীৰেণ সিঙে তেওঁক মণিপুৰৰ পৰিস্থিতি আৰু ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিছিল। পিছত তেওঁ পুনৰ মণিপুৰলৈ ৰাওনা হয়৷

‘গৃহমন্ত্ৰীয়ে আশ্বাস দিছে যে মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব’- বৈঠকৰ পাছত বীৰেণ সিঙে কৰে এই টুইট৷ অমিত শ্বাহৰ তত্বাৱধানত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে হিংসাত্মক ঘটনা যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিছে আৰু ১৩ জুনৰ পৰা কোনোলোকৰ মৃত্যু হোৱা নাই।

মণিপুৰৰ হিংসাৰ ওপৰত গুৰুত্ব দিয়া ১৮টা দলৰ সৈতে অমিত শ্বাহে সৰ্বদলীয় বৈঠকত কেইবাটাও বিৰোধী দলে পৰামৰ্শ দিছিল যে সৰ্বদলীয় প্ৰতিনিধি দল এটা হিংসাপীড়িত ৰাজ্যখনলৈ যাব লাগে। ৪ ঘণ্টা ধৰি চলি থকা বৈঠকত কিছুমান দলে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা আৰু বিজেপিশাসিত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী জনাইছিল৷

ইয়াৰ পূৰ্বে বিজেপিৰ ৯ জন বিধায়কে প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখি দাবী কৰিছিল যে ৰাজ্যখনৰ জনসাধাৰণে এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হেৰুৱাইছে। প্ৰধানমন্ত্ৰী মোদীক পাঁচদফীয়া স্মাৰকপত্ৰ দাখিল কৰি বিধায়কসকলে কৈছিল যে চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত কোনো বিশ্বাস আৰু আস্থা তেওঁলোকৰ নাই।

সৰ্বদলীয় বৈঠকত অমিত শ্বাহে কয় যে মণিপুৰ লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, আৰু ১৩ জুনৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত এজনো লোকৰ মৃত্যু হোৱা নাই। তেওঁ বৈঠকত কয় যে মোদী চৰকাৰে সকলোকে একেলগে লৈ মণিপুৰ সমস্যা সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু মণিপুৰত শান্তি পুনৰুদ্ধাৰত সহায় কৰিবলৈ সকলো ৰাজনৈতিক দলৰ পৰা সহযোগিতা বিচাৰি বৈঠকখন আহ্বান কৰিছিল।

সৰ্বদলীয় বৈঠকত বিজেপি, কংগ্ৰেছ, উদ্ধৱ ঠাকৰেৰ শিৱসেনা, তৃণমূল কংগ্ৰেছ, মিজো নেচনেল ফ্ৰণ্ট, বিজেডি, এআইএডিএমকে, ডিএমকে, আৰজেডি, সমাজবাদী পাৰ্টি, আপকে ধৰি কেইবাটাও দলে বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি মাৰ্চ’ আয়োজন কৰাৰ পাছত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement