--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকৰ পাছতেই দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাক্ষাৎ কৰে। এন বীৰেন সিঙে দেওবাৰে পুৱা ইম্ফলৰ পৰা গৈ দিল্লীত উপস্থিত হয় আৰু প্ৰায় ৪৫ মিনিটৰ বাবে অমিত শ্বাহক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে।

এন বীৰেণ সিঙে তেওঁক মণিপুৰৰ পৰিস্থিতি আৰু ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰিছিল। পিছত তেওঁ পুনৰ মণিপুৰলৈ ৰাওনা হয়৷

‘গৃহমন্ত্ৰীয়ে আশ্বাস দিছে যে মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব’- বৈঠকৰ পাছত বীৰেণ সিঙে কৰে এই টুইট৷ অমিত শ্বাহৰ তত্বাৱধানত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে হিংসাত্মক ঘটনা যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিছে আৰু ১৩ জুনৰ পৰা কোনোলোকৰ মৃত্যু হোৱা নাই।

মণিপুৰৰ হিংসাৰ ওপৰত গুৰুত্ব দিয়া ১৮টা দলৰ সৈতে অমিত শ্বাহে সৰ্বদলীয় বৈঠকত কেইবাটাও বিৰোধী দলে পৰামৰ্শ দিছিল যে সৰ্বদলীয় প্ৰতিনিধি দল এটা হিংসাপীড়িত ৰাজ্যখনলৈ যাব লাগে। ৪ ঘণ্টা ধৰি চলি থকা বৈঠকত কিছুমান দলে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা আৰু বিজেপিশাসিত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ দাবী জনাইছিল৷

ইয়াৰ পূৰ্বে বিজেপিৰ ৯ জন বিধায়কে প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখি দাবী কৰিছিল যে ৰাজ্যখনৰ জনসাধাৰণে এন বীৰেণ সিং নেতৃত্বাধীন চৰকাৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস হেৰুৱাইছে। প্ৰধানমন্ত্ৰী মোদীক পাঁচদফীয়া স্মাৰকপত্ৰ দাখিল কৰি বিধায়কসকলে কৈছিল যে চৰকাৰ আৰু প্ৰশাসনৰ ওপৰত কোনো বিশ্বাস আৰু আস্থা তেওঁলোকৰ নাই।

সৰ্বদলীয় বৈঠকত অমিত শ্বাহে কয় যে মণিপুৰ লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে, আৰু ১৩ জুনৰ পৰা উত্তৰ-পূবৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত এজনো লোকৰ মৃত্যু হোৱা নাই। তেওঁ বৈঠকত কয় যে মোদী চৰকাৰে সকলোকে একেলগে লৈ মণিপুৰ সমস্যা সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু মণিপুৰত শান্তি পুনৰুদ্ধাৰত সহায় কৰিবলৈ সকলো ৰাজনৈতিক দলৰ পৰা সহযোগিতা বিচাৰি বৈঠকখন আহ্বান কৰিছিল।

সৰ্বদলীয় বৈঠকত বিজেপি, কংগ্ৰেছ, উদ্ধৱ ঠাকৰেৰ শিৱসেনা, তৃণমূল কংগ্ৰেছ, মিজো নেচনেল ফ্ৰণ্ট, বিজেডি, এআইএডিএমকে, ডিএমকে, আৰজেডি, সমাজবাদী পাৰ্টি, আপকে ধৰি কেইবাটাও দলে বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি মাৰ্চ’ আয়োজন কৰাৰ পাছত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান