--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানৰ টয়লেটৰ কাষত থিয় হৈ তেওঁ ধূমপান কৰি আছিল। বিমানখনৰ কৰ্মীসকলৰ লগতো বেয়া আচৰণ কৰিছিল। এই অপৰাধৰ বাবে মুম্বাইৰ এখন নিম্ন আদালতে এয়াৰ ইণ্ডিয়াৰ এজন যাত্ৰীক জেললৈ প্ৰেৰণ কৰে।

সোমবাৰে মুম্বাইৰ আদালতে ৰত্নাকৰ দ্বিবেদী নামৰ যাত্ৰীজনক দোষী সাব্যস্ত কৰে। জামিন লাভ কৰিবলৈ ভৰিব লাগিব ২৫ হাজাৰ টকা৷ কিন্তু জামিনৰ বাবে ২৫ হাজাৰ টকা দিবলৈ সন্মত নহ’ল ৰত্নাকৰ। ইয়াৰ সমৰ্থনত তেওঁ আদালতত যুক্তি দিছিল। তেওঁ কয় যে তেওঁ অনলাইনত দেখিছে যে যিটো গোচৰত তেওঁ দোষী সাব্যষ্ট কৰা হৈছে, তাৰ জৰিমনা মাত্ৰ ২৫০ টকা। সেই ধন দিবলৈ তেওঁ ইচ্ছুক, কিন্তু ২৫ হাজাৰ টকাৰ বিনিময়ত জামিন ল’বলৈ ইচ্ছুক নহয়। আদালতত থিয় হৈ তেওঁ কয়, "প্ৰয়োজন হ'লে মই জেললৈ যাম। জামিনৰ টকা নিদিওঁ।’’

১০ মাৰ্চত ৰত্নাকৰ লণ্ডনৰ পৰা মুম্বাই অভিমুখে এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিছিল। তাতে তেওঁ টয়লেটৰ কাষত থিয় হৈ ধূমপান কৰিছিল। ষ্টাফৰ লগতো তেওঁ বেয়া আচৰণ কৰিছিল। এয়াৰ ইণ্ডিয়াই জনাইছে যে বাৰে বাৰে বাধা দিয়াৰ পিছতো ৰত্নাকৰে নুশুনিছিল। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰত্নাকৰে বিমানখনত অশান্তিৰ সৃষ্টি কৰে। 

ভাৰতীয় দণ্ডবিধিৰ ৩৩৬ (আন এজনৰ জীৱন বিপন্ন কৰা) ধাৰাত ৰত্নাকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সেইবাবেই আদালতত তৰ্ক কৰিলে যাত্ৰীগৰাকীয়ে। তেওঁ কয়, তেওঁ অনলাইনত দেখিছিল যে ৩৩৬ ধাৰাত দোষী সাব্যস্ত হ’লে ২৫০ টকা জৰিমনা। সেই টকা তেওঁ দিব। ২৫ হাজাৰ টকা জামিন হিচাপে নিদিয়ে। ইয়াৰ পিছতে আন্ধেৰী চহৰৰ ছেছন আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক