--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানৰ টয়লেটৰ কাষত থিয় হৈ তেওঁ ধূমপান কৰি আছিল। বিমানখনৰ কৰ্মীসকলৰ লগতো বেয়া আচৰণ কৰিছিল। এই অপৰাধৰ বাবে মুম্বাইৰ এখন নিম্ন আদালতে এয়াৰ ইণ্ডিয়াৰ এজন যাত্ৰীক জেললৈ প্ৰেৰণ কৰে।

সোমবাৰে মুম্বাইৰ আদালতে ৰত্নাকৰ দ্বিবেদী নামৰ যাত্ৰীজনক দোষী সাব্যস্ত কৰে। জামিন লাভ কৰিবলৈ ভৰিব লাগিব ২৫ হাজাৰ টকা৷ কিন্তু জামিনৰ বাবে ২৫ হাজাৰ টকা দিবলৈ সন্মত নহ’ল ৰত্নাকৰ। ইয়াৰ সমৰ্থনত তেওঁ আদালতত যুক্তি দিছিল। তেওঁ কয় যে তেওঁ অনলাইনত দেখিছে যে যিটো গোচৰত তেওঁ দোষী সাব্যষ্ট কৰা হৈছে, তাৰ জৰিমনা মাত্ৰ ২৫০ টকা। সেই ধন দিবলৈ তেওঁ ইচ্ছুক, কিন্তু ২৫ হাজাৰ টকাৰ বিনিময়ত জামিন ল’বলৈ ইচ্ছুক নহয়। আদালতত থিয় হৈ তেওঁ কয়, "প্ৰয়োজন হ'লে মই জেললৈ যাম। জামিনৰ টকা নিদিওঁ।’’

১০ মাৰ্চত ৰত্নাকৰ লণ্ডনৰ পৰা মুম্বাই অভিমুখে এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিছিল। তাতে তেওঁ টয়লেটৰ কাষত থিয় হৈ ধূমপান কৰিছিল। ষ্টাফৰ লগতো তেওঁ বেয়া আচৰণ কৰিছিল। এয়াৰ ইণ্ডিয়াই জনাইছে যে বাৰে বাৰে বাধা দিয়াৰ পিছতো ৰত্নাকৰে নুশুনিছিল। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ৰত্নাকৰে বিমানখনত অশান্তিৰ সৃষ্টি কৰে। 

ভাৰতীয় দণ্ডবিধিৰ ৩৩৬ (আন এজনৰ জীৱন বিপন্ন কৰা) ধাৰাত ৰত্নাকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সেইবাবেই আদালতত তৰ্ক কৰিলে যাত্ৰীগৰাকীয়ে। তেওঁ কয়, তেওঁ অনলাইনত দেখিছিল যে ৩৩৬ ধাৰাত দোষী সাব্যস্ত হ’লে ২৫০ টকা জৰিমনা। সেই টকা তেওঁ দিব। ২৫ হাজাৰ টকা জামিন হিচাপে নিদিয়ে। ইয়াৰ পিছতে আন্ধেৰী চহৰৰ ছেছন আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত মুছলমানৰ বাবে সদায় স্থান থাকিব: মোহন ভাগৱত
ছাব-জুনিয়ৰ গাৰ্লছ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ; ফাইনেলত ঝাৰখণ্ড, মণিপুৰ
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান