--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেন্দ্ৰীয় চৰকাৰে সমলিংগ বিবাহক বিৰোধিতা কৰাটো সমৰ্থন কৰিছে। এই বিবাহৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে। সংঘৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছবালে এই বিষয়ত সংঘৰ স্থিতি স্পষ্ট কৰে।

মঙলবাৰে এক অনুষ্ঠানত ভাষণ দি হোছবলে কয়- ‘‘বিবাহ বিপৰীত লিংগৰ দুজন লোকৰ মাজতহে হ’ব পাৰে। বিষয়টোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মতামতৰ সৈতে আমি একমত।’’

২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ভাৰতত সমলিংগ সম্পৰ্ক এতিয়া ‘অবৈধ’ নহয়। কিন্তু এই দেশত এতিয়াও সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়া হোৱা নাই। এই বিবাহক আপত্তি কৰি দেশৰ শীৰ্ষ আদালতত শপতনামা দাখিল কৰে কেন্দ্ৰই। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে এই গোচৰটো পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে। ১৮ এপ্ৰিলত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰি কেন্দ্ৰৰ শপতনামাত কোৱা হৈছে যে সমলিংগ বিবাহ আৰু সমলিংগ বিবাহৰ মাজত স্পষ্ট বিভাজন আছে। গতিকে দুয়োটাকে একে ধৰণে চাব নালাগে। সমলিংগ বিবাহৰ ‘সামাজিক মূল্য’ আছে বুলি দাবী কৰিছে মোডী চৰকাৰে। দেশ, সমাজৰ ‘প্ৰগতি’ৰ বাবে বিপৰীত লিংগ বিবাহক স্বীকৃতি দিয়াৰ প্ৰয়োজন। কিন্তু সমলিংগ বিবাহৰ স্বীকৃতিৰ প্ৰয়োজন নাই।

দেশৰ বিভিন্ন আদালতত সমলিংগ বিবাহক আইনী স্বীকৃতি বিচাৰি কেইবাখনো আৱেদন দাখিল কৰা হয়। ৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে আনুষংগিক সকলো গোচৰ একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠে সংবিধান বিচাৰপীঠলৈ গোচৰটো প্ৰেৰণ কৰে।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় দিছিল। কোৱা হৈছিল যে ভাৰতত সমকামিতা অপৰাধ নহয়। এই ৰায়দানে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। কিছুমানৰ মতে সমাজত তেওঁলোকৰ গ্ৰহণযোগ্যতাও বাঢ়িছে। সেই ৰায়দানৰ পিছৰে পৰা ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ পূৰ্বেও দেশত সমলিংগ বিবাহ সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু