--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেন্দ্ৰীয় চৰকাৰে সমলিংগ বিবাহক বিৰোধিতা কৰাটো সমৰ্থন কৰিছে। এই বিবাহৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে। সংঘৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছবালে এই বিষয়ত সংঘৰ স্থিতি স্পষ্ট কৰে।

মঙলবাৰে এক অনুষ্ঠানত ভাষণ দি হোছবলে কয়- ‘‘বিবাহ বিপৰীত লিংগৰ দুজন লোকৰ মাজতহে হ’ব পাৰে। বিষয়টোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মতামতৰ সৈতে আমি একমত।’’

২০১৮ চনত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছত ভাৰতত সমলিংগ সম্পৰ্ক এতিয়া ‘অবৈধ’ নহয়। কিন্তু এই দেশত এতিয়াও সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়া হোৱা নাই। এই বিবাহক আপত্তি কৰি দেশৰ শীৰ্ষ আদালতত শপতনামা দাখিল কৰে কেন্দ্ৰই। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে এই গোচৰটো পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে। ১৮ এপ্ৰিলত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ বিৰোধিতা কৰি কেন্দ্ৰৰ শপতনামাত কোৱা হৈছে যে সমলিংগ বিবাহ আৰু সমলিংগ বিবাহৰ মাজত স্পষ্ট বিভাজন আছে। গতিকে দুয়োটাকে একে ধৰণে চাব নালাগে। সমলিংগ বিবাহৰ ‘সামাজিক মূল্য’ আছে বুলি দাবী কৰিছে মোডী চৰকাৰে। দেশ, সমাজৰ ‘প্ৰগতি’ৰ বাবে বিপৰীত লিংগ বিবাহক স্বীকৃতি দিয়াৰ প্ৰয়োজন। কিন্তু সমলিংগ বিবাহৰ স্বীকৃতিৰ প্ৰয়োজন নাই।

দেশৰ বিভিন্ন আদালতত সমলিংগ বিবাহক আইনী স্বীকৃতি বিচাৰি কেইবাখনো আৱেদন দাখিল কৰা হয়। ৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে আনুষংগিক সকলো গোচৰ একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠে সংবিধান বিচাৰপীঠলৈ গোচৰটো প্ৰেৰণ কৰে।

২০১৮ চনত উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় দিছিল। কোৱা হৈছিল যে ভাৰতত সমকামিতা অপৰাধ নহয়। এই ৰায়দানে ‘এলজিবিটিকিউ’ সম্প্ৰদায়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিলে। কিছুমানৰ মতে সমাজত তেওঁলোকৰ গ্ৰহণযোগ্যতাও বাঢ়িছে। সেই ৰায়দানৰ পিছৰে পৰা ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ পূৰ্বেও দেশত সমলিংগ বিবাহ সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক