--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে চানি ধৰিছে দেশ। আজি প্ৰকাশিত ২০২২ বৰ্ষৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাই সমুখলৈ আনিছে দেশৰ বাবে এক উদ্বেগজনক ছবি। এই তালিকাত বিশ্বৰ আটাইতকৈ প্ৰদূষিত শীৰ্ষ ৫০ খন চহৰৰ ভিতৰত ৩৯ খন চহৰেই ভাৰতৰ।

অৱশ্যে বিগত বৰ্ষৰ সূচাংকতকৈ এই বৰ্ষত ভাৰতৰ সামগ্ৰিক স্থান কিছু উন্নত। ২০২১ বৰ্ষত ভাৰত প্ৰদূষিত দেশৰ তালিকাত বিশ্বৰ পঞ্চম স্থানত আছিল যদিও এইবাৰ অষ্টম স্থানত আছে।

বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ চাদ। চাদৰ পিছতে শীৰ্ষ দহৰ তালিকাত থকা আন ৯ খন দেশ হৈছে ক্ৰমে- ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বুৰ্কিনা ফাচো, কুৱেইট, ভাৰত, ইজিপ্ত আৰু তাজিকিস্তান।

মঙলবাৰে প্ৰকাশ কৰা ‘ৱৰ্ল্ড এয়াৰ কুৱালিটি ৰিপ’ৰ্ট’ অনুসৰি ছুইজাৰলেণ্ডৰ প্ৰতিষ্ঠান IQAir– এ এই ৰেংকিং প্ৰস্তুত কৰে। বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞসকলে মূল্যায়ন কৰা প্ৰদূষক মাত্ৰা পিএম ২.৫ৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

চৰকাৰী বা বেচৰকাৰীভাৱে পৰিচালিত ৩০ হাজাৰৰো অধিক চৰজমিন মনিটৰৰ জৰিয়তে ১৩১ খন দেশৰ তথ্য সংগ্ৰহ কৰিছিল এই প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে, পাকিস্তানৰ লাহোৰ আৰু চীনৰ হোটান বিশ্বৰ শীৰ্ষ দুখন প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পিছতে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ৰাজস্থানৰ ভীৱাৰী আৰু দিল্লী।

উদ্বেগজনকভাৱে বিশ্বৰ দূষিত চহৰৰ শীৰ্ষ ১০ খনৰ ভিতৰত ভাৰতৰ ছখন চহৰ, শীৰ্ষ ২০ খনৰ ভিতৰত ১৪ খন, শীৰ্ষ ৫০ খনত ৩৯ খন আৰু শীৰ্ষ ১০০ খনৰ ভিতৰত ৬৫ খন চহৰ আছে।

এইবাৰৰ প্ৰতিবেদনত গ্ৰেটাৰ দিল্লী আৰু নতুন দিল্লী পৃথককৈ মূল্যায়ন কৰাৰ বাবে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰ হিচাপে পৰিগণিত হোৱাৰ পৰা ৰক্ষা পৰে দিল্লী। এইবাৰ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে শীৰ্ষস্থানত থাকে চাদ ৰাজধানী এন’জামেনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু