--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে চানি ধৰিছে দেশ। আজি প্ৰকাশিত ২০২২ বৰ্ষৰ বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাই সমুখলৈ আনিছে দেশৰ বাবে এক উদ্বেগজনক ছবি। এই তালিকাত বিশ্বৰ আটাইতকৈ প্ৰদূষিত শীৰ্ষ ৫০ খন চহৰৰ ভিতৰত ৩৯ খন চহৰেই ভাৰতৰ।

অৱশ্যে বিগত বৰ্ষৰ সূচাংকতকৈ এই বৰ্ষত ভাৰতৰ সামগ্ৰিক স্থান কিছু উন্নত। ২০২১ বৰ্ষত ভাৰত প্ৰদূষিত দেশৰ তালিকাত বিশ্বৰ পঞ্চম স্থানত আছিল যদিও এইবাৰ অষ্টম স্থানত আছে।

বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশ হিচাপে পৰিগণিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ চাদ। চাদৰ পিছতে শীৰ্ষ দহৰ তালিকাত থকা আন ৯ খন দেশ হৈছে ক্ৰমে- ইৰাক, পাকিস্তান, বাহৰেইন, বাংলাদেশ, বুৰ্কিনা ফাচো, কুৱেইট, ভাৰত, ইজিপ্ত আৰু তাজিকিস্তান।

মঙলবাৰে প্ৰকাশ কৰা ‘ৱৰ্ল্ড এয়াৰ কুৱালিটি ৰিপ’ৰ্ট’ অনুসৰি ছুইজাৰলেণ্ডৰ প্ৰতিষ্ঠান IQAir– এ এই ৰেংকিং প্ৰস্তুত কৰে। বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞসকলে মূল্যায়ন কৰা প্ৰদূষক মাত্ৰা পিএম ২.৫ৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

চৰকাৰী বা বেচৰকাৰীভাৱে পৰিচালিত ৩০ হাজাৰৰো অধিক চৰজমিন মনিটৰৰ জৰিয়তে ১৩১ খন দেশৰ তথ্য সংগ্ৰহ কৰিছিল এই প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে, পাকিস্তানৰ লাহোৰ আৰু চীনৰ হোটান বিশ্বৰ শীৰ্ষ দুখন প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পিছতে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ৰাজস্থানৰ ভীৱাৰী আৰু দিল্লী।

উদ্বেগজনকভাৱে বিশ্বৰ দূষিত চহৰৰ শীৰ্ষ ১০ খনৰ ভিতৰত ভাৰতৰ ছখন চহৰ, শীৰ্ষ ২০ খনৰ ভিতৰত ১৪ খন, শীৰ্ষ ৫০ খনত ৩৯ খন আৰু শীৰ্ষ ১০০ খনৰ ভিতৰত ৬৫ খন চহৰ আছে।

এইবাৰৰ প্ৰতিবেদনত গ্ৰেটাৰ দিল্লী আৰু নতুন দিল্লী পৃথককৈ মূল্যায়ন কৰাৰ বাবে বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী চহৰ হিচাপে পৰিগণিত হোৱাৰ পৰা ৰক্ষা পৰে দিল্লী। এইবাৰ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হিচাপে শীৰ্ষস্থানত থাকে চাদ ৰাজধানী এন’জামেনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক