--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "কালৰো কাল বিপৰীত কাল,হৰিণাই চেলেকে বাঘৰ গাল"৷ শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত উচ্ছৃংখল আচৰণ আৰু ধূম্ৰপানৰ অভিযোগত আৰক্ষীয়ে এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছিল৷লোকজনক মুম্বাইৰ এখন আদালতে জামিনৰ বাবে ২৫,০০০ টকা জৰিমনা হিচাবে আদায় দিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু লোকজনে জৰিমনাৰ ধন  আদায় নিদিয়াত  লোকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷

উল্লেখ্য লোকজনে আদালতত আইপিচি ধাৰাৰ অধীনত পৰিশোধ কৰিবলগা জৰিমনা ২৫০ টকাহে বুলি দাবী কৰে ৷ কাৰণ ব্যক্তিজনে অনলাইন 'অনুসন্ধান'ৰ কৰি জৰিমনা ২৫০ টকা বুলিহে জানিব পাৰিছে৷ সেয়েহে তেওঁ ২৫,০০০টকাৰ জৰিমনাৰ ধন দিয়াৰ পৰা বিৰত থাকে৷উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ পৰা মুম্বাইলৈ যাত্ৰা  কৰা  বিমানৰ শৌচাগাৰত ধূমপান কৰা আৰু ১০ মাৰ্চত উচ্ছৃংখল আচৰণ কৰি ধৰা পৰাৰ পিছত তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৩৩৬ ধাৰা (আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপদাপন্ন কৰাৰ কাৰ্য)ৰ অধীনত অভিযুক্ত কৰা হৈছিল।

অভিযুক্তজনে আদালতক কৈছিল যে তেওঁ অনলাইনত পঢ়িছে যে আইপিচিৰ ধাৰা ৩৩৬ৰ অধীনত পৰিশোধ কৰিবলগা জৰিমনা হৈছে ২৫০ টকা, যিটো তেওঁ পৰিশোধ কৰিবলৈ ইচ্ছুক, কিন্তু জামিনৰ বাবে পৰিশোধ কৰিবলগীয়া ২৫,০০০টকা পৰিশোধ কৰিবলৈ তেওঁ অনিচ্ছুক৷লোককজনৰ এই ভাষ্যৰ পিছত, আন্ধেৰী মেট্ৰ'পলিটান ন্যায়ালয়ৰ দণ্ডাধীশে  তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু