--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "কালৰো কাল বিপৰীত কাল,হৰিণাই চেলেকে বাঘৰ গাল"৷ শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত উচ্ছৃংখল আচৰণ আৰু ধূম্ৰপানৰ অভিযোগত আৰক্ষীয়ে এজন যাত্ৰীক গ্ৰেপ্তাৰ কৰিছিল৷লোকজনক মুম্বাইৰ এখন আদালতে জামিনৰ বাবে ২৫,০০০ টকা জৰিমনা হিচাবে আদায় দিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু লোকজনে জৰিমনাৰ ধন  আদায় নিদিয়াত  লোকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷

উল্লেখ্য লোকজনে আদালতত আইপিচি ধাৰাৰ অধীনত পৰিশোধ কৰিবলগা জৰিমনা ২৫০ টকাহে বুলি দাবী কৰে ৷ কাৰণ ব্যক্তিজনে অনলাইন 'অনুসন্ধান'ৰ কৰি জৰিমনা ২৫০ টকা বুলিহে জানিব পাৰিছে৷ সেয়েহে তেওঁ ২৫,০০০টকাৰ জৰিমনাৰ ধন দিয়াৰ পৰা বিৰত থাকে৷উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ লণ্ডনৰ পৰা মুম্বাইলৈ যাত্ৰা  কৰা  বিমানৰ শৌচাগাৰত ধূমপান কৰা আৰু ১০ মাৰ্চত উচ্ছৃংখল আচৰণ কৰি ধৰা পৰাৰ পিছত তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৩৩৬ ধাৰা (আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপদাপন্ন কৰাৰ কাৰ্য)ৰ অধীনত অভিযুক্ত কৰা হৈছিল।

অভিযুক্তজনে আদালতক কৈছিল যে তেওঁ অনলাইনত পঢ়িছে যে আইপিচিৰ ধাৰা ৩৩৬ৰ অধীনত পৰিশোধ কৰিবলগা জৰিমনা হৈছে ২৫০ টকা, যিটো তেওঁ পৰিশোধ কৰিবলৈ ইচ্ছুক, কিন্তু জামিনৰ বাবে পৰিশোধ কৰিবলগীয়া ২৫,০০০টকা পৰিশোধ কৰিবলৈ তেওঁ অনিচ্ছুক৷লোককজনৰ এই ভাষ্যৰ পিছত, আন্ধেৰী মেট্ৰ'পলিটান ন্যায়ালয়ৰ দণ্ডাধীশে  তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement