--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "তুমি নতুন পুৰুষ,তুমি নতুন নাৰী,অনাগত দিনৰ জাগ্ৰত প্ৰহৰী৷" মহাৰাষ্ট্ৰৰ সতাৰা অঞ্চলত বাস কৰা সুৰেখা যাদৱে ১৯৮৮ চনত ভাৰতৰে নহয় বৰঞ্চ এছিয়া মহাদেশৰ প্ৰথমগৰাকী মহিলা ট্ৰেইন ড্ৰাইভাৰ হিচাপে পৰিগণিত হৈছে৷

সেইগৰাকী সুৰেখা যাদৱে পুনৰ নিজৰ কৰ্মৰ জৰিয়তে সংবাদশীৰ্ষক দখল কৰিছে৷এছিয়াৰ প্ৰথম গৰাকী মহিলা লক’পাইলট সুৰেখা যাদৱ এতিয়া অৰ্ধ-উচ্চ গতিৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰেল খন পৰিচালনা কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, যাদৱে মুম্বাইৰ চোলাপুৰ ষ্টেচন আৰু ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাচৰ মাজত চলা অৰ্ধ-উচ্চ গতিৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখন চলাইছে৷ 

উল্লেখযোগ্য যে নিৰ্ধাৰিত সময়তকৈ পাঁচ মিনিট আগতেই ৰে'লখন চিএছএমটি ষ্টেচনত উপস্থিত হয়৷ কেন্দ্ৰীয় ৰে'লৱেৰ এক সূত্ৰই প্ৰকাশ কৰা মতে  ৪৫০ কিলোমিটাৰতকৈও অধিক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ পিছত যাদৱক চিএছএমটিৰ ৮ নং প্লেটফৰ্মত সম্বৰ্ধনা জনোৱা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement