--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীৰ মাজত আৰু বিদেশতো ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী কিমান জনপ্ৰিয় সেই কথা নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মাহী বুলি কলেই যেন সকলো মনৰ আনন্দত উন্মাদ হৈ পৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই ছুপাৰ কিংছৰ বৰ্তমানৰ অধিনায়কগৰাকী য’তেই যায় তাতেই তেওঁৰ অনুৰাগীয়ে তেওঁক খেদি ফুৰে। শেহতীয়াকৈ ক্ৰিকেট তাৰকাগৰাকীৰ এক ফটো আৰু ভিডিঅ ভাইৰেল হৈ পৰিছে। এক বিশেষ কামত বিমানেৰে ৰাঁচীৰ পৰা আন এখন চহৰলৈ গৈ আছিল ধোনী। বিমানতে টোপনি গৈছিল ক্ৰিকেটাৰগৰাকী। টোপনি গৈ থকাৰ অৱস্থাত মনে মনে মোবাইলত ধোনীৰ ছবি তুলিছিল এগৰাকী বিমান এয়াৰ হোষ্টেছে। তেওঁক দেখা পাই মনৰ আনন্দতে বিমানত তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল এয়াৰ হোষ্টেছগৰাকীয়ে।

অৱশ্যে এয়াৰ হোষ্টেছগৰাকী এই কাণ্ডৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিগত সময়ত ৰেকৰ্ডিং কৰাত অসন্তুষ্ট হৈ পৰিছে ধোনীৰ অনুৰাগীসকল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত ধোনীক শান্তিৰে শুই থকা দেখা গৈছে, আনহাতে তেওঁৰ পত্নী সাক্ষী কিবা এটা কামত ব্যস্ত হৈ আছে। 

উল্লেখ্য যে, এয়াৰ হোষ্টেছগৰাকী আছিল ধোনিৰ ডাঙৰ অনুৰাগী। কিন্তু কাৰোবাৰ গোপন মুহূৰ্তৰ ভিডিঅ’ লোৱাটো, তেওঁ যিমানেই ডাঙৰ চেলিব্ৰিটি নহওক কিয়, সেয়া সঠিক কাম নহয় বুলি সমালোচনা কৰিছে নেটিজেনসকলে।

ধোনীৰ এই ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই নেটিজেনৰ ৰোষত পৰিল এয়াৰ হোষ্টেছগৰাকী। একাংশ লোকে তেওঁক কৰিছে তীব্ৰ সমালোচনা আৰু কটাক্ষ। বহুতেই প্ৰশ্ন তুলিছে যে এনেকৈ অনুমতি নোহোৱাকৈ গোপনে আনৰ ছবি তোলাৰ অধিকাৰ কোনে দিলে বিমান এয়াৰ হোষ্টেছগৰাকীক। আনহাতে একাংশই এয়াৰ হোষ্টেছগৰাকীৰ পক্ষত মাত মাতি কয় যে প্ৰিয় তাৰকাগৰাকীক কাষতে পাই মনৰ আনন্দত এনে ফটো তোলাটো কোনো ডাঙৰ কথা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু