--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশবাসীৰ মাজত আৰু বিদেশতো ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী কিমান জনপ্ৰিয় সেই কথা নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। মাহী বুলি কলেই যেন সকলো মনৰ আনন্দত উন্মাদ হৈ পৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা চেন্নাই ছুপাৰ কিংছৰ বৰ্তমানৰ অধিনায়কগৰাকী য’তেই যায় তাতেই তেওঁৰ অনুৰাগীয়ে তেওঁক খেদি ফুৰে। শেহতীয়াকৈ ক্ৰিকেট তাৰকাগৰাকীৰ এক ফটো আৰু ভিডিঅ ভাইৰেল হৈ পৰিছে। এক বিশেষ কামত বিমানেৰে ৰাঁচীৰ পৰা আন এখন চহৰলৈ গৈ আছিল ধোনী। বিমানতে টোপনি গৈছিল ক্ৰিকেটাৰগৰাকী। টোপনি গৈ থকাৰ অৱস্থাত মনে মনে মোবাইলত ধোনীৰ ছবি তুলিছিল এগৰাকী বিমান এয়াৰ হোষ্টেছে। তেওঁক দেখা পাই মনৰ আনন্দতে বিমানত তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল এয়াৰ হোষ্টেছগৰাকীয়ে।

অৱশ্যে এয়াৰ হোষ্টেছগৰাকী এই কাণ্ডৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিগত সময়ত ৰেকৰ্ডিং কৰাত অসন্তুষ্ট হৈ পৰিছে ধোনীৰ অনুৰাগীসকল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত ধোনীক শান্তিৰে শুই থকা দেখা গৈছে, আনহাতে তেওঁৰ পত্নী সাক্ষী কিবা এটা কামত ব্যস্ত হৈ আছে। 

উল্লেখ্য যে, এয়াৰ হোষ্টেছগৰাকী আছিল ধোনিৰ ডাঙৰ অনুৰাগী। কিন্তু কাৰোবাৰ গোপন মুহূৰ্তৰ ভিডিঅ’ লোৱাটো, তেওঁ যিমানেই ডাঙৰ চেলিব্ৰিটি নহওক কিয়, সেয়া সঠিক কাম নহয় বুলি সমালোচনা কৰিছে নেটিজেনসকলে।

ধোনীৰ এই ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই নেটিজেনৰ ৰোষত পৰিল এয়াৰ হোষ্টেছগৰাকী। একাংশ লোকে তেওঁক কৰিছে তীব্ৰ সমালোচনা আৰু কটাক্ষ। বহুতেই প্ৰশ্ন তুলিছে যে এনেকৈ অনুমতি নোহোৱাকৈ গোপনে আনৰ ছবি তোলাৰ অধিকাৰ কোনে দিলে বিমান এয়াৰ হোষ্টেছগৰাকীক। আনহাতে একাংশই এয়াৰ হোষ্টেছগৰাকীৰ পক্ষত মাত মাতি কয় যে প্ৰিয় তাৰকাগৰাকীক কাষতে পাই মনৰ আনন্দত এনে ফটো তোলাটো কোনো ডাঙৰ কথা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ