--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুদিন ধৰি মহিলাগৰাকীৰ স্বামীৰ কোনো সন্ধান নাছিল। কিন্তু মহিলাগৰাকীয়ে হঠাতে এজন মানুহক লেতেৰা কাপোৰ পিন্ধা অৱস্থাত উদ্ধাৰ কৰিলে। মহিলাগৰাকীয়ে প্ৰায় এক দশক আগতে সন্ধানহীন হোৱা  স্বামী বুলি ভাবি লোকজনক ঘৰলৈ লৈ গ’ল।মহিলাগৰাকীয়ে ভাবিছিল তেওঁৰ স্বামীয়ে হয়তো  পাগলৰ দৰে এনেদৰে  ঘূৰি ফুৰিছে।

লোক জনক দেখাৰ পিছত উত্তৰ প্ৰদেশৰ বালিয়াৰ বাসিন্দা জানকী দেৱীয়ে তেওঁৰ চকুকে  বিশ্বাস কৰিব পৰা নাছিল। আনন্দত আত্মহাৰা হৈ তেওঁ স্বামী বুলি ভবা লোক জনৰ সৈতে ঘৰলৈ উভতি আহিল। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত মহিলাগৰাকীয়ে   লক্ষ্য কৰিছিল যে স্বামীৰ শৰীৰত যি  জন্মচিহ্ন আছিল সেয়া সেই লোক জনৰ দেহত নাই।  মহিলাগৰাকী নিশ্চিত হৈছিল যে এয়া তেওঁৰ  স্বামী নহয়, এয়া আন কোনোবাহে।  

দৰাচলতে বালিয়া জিলা চিকিৎসালয়ৰ ওচৰত এজন লোকে  বহি আছিল। লেতেৰা কাপোৰ, অপৰিচ্ছন্ন চুলি, দাড়ি। লোকজনলৈ এবাৰ চাওঁতে জানকীয়ে অনুভৱ কৰিলে যে সেয়া  ১০ বছৰ আগতে নিৰুদ্দেশ হোৱা তেওঁৰ স্বামী মতিচান্দ । আনন্দত অভিভূত হৈ জানকীয়ে তেওঁৰ কাষ চাপি সুধিলে, "ইমান দিনে তুমি  ক'ত আছিলা?" কিন্তু লোকজনে কোনো উত্তৰ  দিয়া নাছিল।

 তথাপি স্বামীক ঘূৰাই পোৱাৰ আনন্দত  জানকীয়ে তেওঁক ঘৰলৈ লৈ গৈছিল। তেওঁ ল'ৰা আৰু ছোৱালীবোৰক মাতিছিল আৰু তেওঁলোকক  দেউতাকৰ বাবে এটা ভাল কুৰ্তা কিনিবলৈ কৈছিল। লোকজনক  গা ধুৱাই  দিয়াৰ সময়তহে আচল ৰহস্য পোহৰলৈ আহে। জানকীৰ স্বামীৰ দেহত এটা জন্মৰে চিন আছিল, সেয়া লোকজনৰ দেহত নাই।  

ভুল  ধৰা পৰাৰ পিছত পিছত জানকী মানসিকভাৱে ভাগি পৰিল।  তেওঁ লোকজনৰ ওচৰত ক্ষমা বিচাৰিছে। ইয়াৰ পিছত তেওঁ লোকজনৰ আত্মীয়সকলৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক তেওঁলোকৰ হাতত গতাই দিয়ে। লোকজনৰ চিকিৎসাৰ বাবেও জনকীয়ে তেওঁৰ হাতত গুজি দিয়ে নিজৰ সাঁচতীয়া কেইটামান টকা। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু