--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুদিন ধৰি মহিলাগৰাকীৰ স্বামীৰ কোনো সন্ধান নাছিল। কিন্তু মহিলাগৰাকীয়ে হঠাতে এজন মানুহক লেতেৰা কাপোৰ পিন্ধা অৱস্থাত উদ্ধাৰ কৰিলে। মহিলাগৰাকীয়ে প্ৰায় এক দশক আগতে সন্ধানহীন হোৱা  স্বামী বুলি ভাবি লোকজনক ঘৰলৈ লৈ গ’ল।মহিলাগৰাকীয়ে ভাবিছিল তেওঁৰ স্বামীয়ে হয়তো  পাগলৰ দৰে এনেদৰে  ঘূৰি ফুৰিছে।

লোক জনক দেখাৰ পিছত উত্তৰ প্ৰদেশৰ বালিয়াৰ বাসিন্দা জানকী দেৱীয়ে তেওঁৰ চকুকে  বিশ্বাস কৰিব পৰা নাছিল। আনন্দত আত্মহাৰা হৈ তেওঁ স্বামী বুলি ভবা লোক জনৰ সৈতে ঘৰলৈ উভতি আহিল। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত মহিলাগৰাকীয়ে   লক্ষ্য কৰিছিল যে স্বামীৰ শৰীৰত যি  জন্মচিহ্ন আছিল সেয়া সেই লোক জনৰ দেহত নাই।  মহিলাগৰাকী নিশ্চিত হৈছিল যে এয়া তেওঁৰ  স্বামী নহয়, এয়া আন কোনোবাহে।  

দৰাচলতে বালিয়া জিলা চিকিৎসালয়ৰ ওচৰত এজন লোকে  বহি আছিল। লেতেৰা কাপোৰ, অপৰিচ্ছন্ন চুলি, দাড়ি। লোকজনলৈ এবাৰ চাওঁতে জানকীয়ে অনুভৱ কৰিলে যে সেয়া  ১০ বছৰ আগতে নিৰুদ্দেশ হোৱা তেওঁৰ স্বামী মতিচান্দ । আনন্দত অভিভূত হৈ জানকীয়ে তেওঁৰ কাষ চাপি সুধিলে, "ইমান দিনে তুমি  ক'ত আছিলা?" কিন্তু লোকজনে কোনো উত্তৰ  দিয়া নাছিল।

 তথাপি স্বামীক ঘূৰাই পোৱাৰ আনন্দত  জানকীয়ে তেওঁক ঘৰলৈ লৈ গৈছিল। তেওঁ ল'ৰা আৰু ছোৱালীবোৰক মাতিছিল আৰু তেওঁলোকক  দেউতাকৰ বাবে এটা ভাল কুৰ্তা কিনিবলৈ কৈছিল। লোকজনক  গা ধুৱাই  দিয়াৰ সময়তহে আচল ৰহস্য পোহৰলৈ আহে। জানকীৰ স্বামীৰ দেহত এটা জন্মৰে চিন আছিল, সেয়া লোকজনৰ দেহত নাই।  

ভুল  ধৰা পৰাৰ পিছত পিছত জানকী মানসিকভাৱে ভাগি পৰিল।  তেওঁ লোকজনৰ ওচৰত ক্ষমা বিচাৰিছে। ইয়াৰ পিছত তেওঁ লোকজনৰ আত্মীয়সকলৰ সৈতে যোগাযোগ কৰে আৰু তেওঁক তেওঁলোকৰ হাতত গতাই দিয়ে। লোকজনৰ চিকিৎসাৰ বাবেও জনকীয়ে তেওঁৰ হাতত গুজি দিয়ে নিজৰ সাঁচতীয়া কেইটামান টকা। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ