--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠাৰ পিছতে নেতাজনে  ফেচবুক লাইভলৈ গৈ আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁ দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ প্ৰতিকূল পৰিস্থিতিত তেওঁৰ কাষত দলত কাকো বিচাৰি নোপোৱা বুলিও অভিযোগ কৰে।

 সেয়ে তেওঁ এনে পৰিস্থিতিত জীয়াই থকাৰ অৰ্থ বিচাৰি নাপাই আত্মহত্যা কৰিব বিচাৰিছে বুলি নেতাজনে ফেচবুক লাইভত কয়। তেওঁ ফেচবুক লাইভত এইকথা কৈয়েই বিহ পান কৰি  আত্মহত্যাৰ চেষ্টা চলায়। অৱশ্যে, তেওঁক লগে লগে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰা হয়।   তেওঁ বৰ্তমান বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ বাসিন্দা বীৰ সিং বিজেপিৰ কিষাণ মৰ্চাৰ এজন নেতা। 

তেওঁ দীৰ্ঘদিন ধৰি  সম্পত্তি সম্পৰ্কীয়  বিবাদত জড়িত হৈ আছে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে  নেতাজনে কেইদিনমান আগতে এগৰাকী মহিলাক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল। নেতাজনে দাবী কৰিছে  যে অভিযোগবোৰ তেওঁক ধৰ্ষণৰ গোচৰত সাঙোৰাৰ অপচেষ্টা আছিল।বিজেপিৰ কিষাণ মৰ্চাৰ নেতাজনে শেহতীয়াকৈ  ফেচবুক লাইভত আত্মহত্যাৰ চেষ্টা চলায়। তেওঁ দাবী কৰে  যে তেওঁক এনে গোচৰত মিছাকৈ জড়িত কৰা হৈছিল।

 তেওঁ কোনো মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা নাই। নেতাজনে  কৈছে যে ধৰ্ষণ আৰু উৎপীড়নৰ অভিযোগ পোহৰলৈ অহাৰ পিছত তেওঁ তেওঁৰ পৰিয়ালক মুখ দেখুৱাবলৈ অক্ষম হৈছে। তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা সন্তান আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ