--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠাৰ পিছতে নেতাজনে  ফেচবুক লাইভলৈ গৈ আত্মহত্যাৰ চেষ্টা চলোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁ দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ প্ৰতিকূল পৰিস্থিতিত তেওঁৰ কাষত দলত কাকো বিচাৰি নোপোৱা বুলিও অভিযোগ কৰে।

 সেয়ে তেওঁ এনে পৰিস্থিতিত জীয়াই থকাৰ অৰ্থ বিচাৰি নাপাই আত্মহত্যা কৰিব বিচাৰিছে বুলি নেতাজনে ফেচবুক লাইভত কয়। তেওঁ ফেচবুক লাইভত এইকথা কৈয়েই বিহ পান কৰি  আত্মহত্যাৰ চেষ্টা চলায়। অৱশ্যে, তেওঁক লগে লগে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰা হয়।   তেওঁ বৰ্তমান বিপদমুক্ত বুলি চিকিৎসকে প্ৰকাশ কৰিছে।উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ বাসিন্দা বীৰ সিং বিজেপিৰ কিষাণ মৰ্চাৰ এজন নেতা। 

তেওঁ দীৰ্ঘদিন ধৰি  সম্পত্তি সম্পৰ্কীয়  বিবাদত জড়িত হৈ আছে।  আৰক্ষীয়ে প্ৰকাশ কৰা মতে  নেতাজনে কেইদিনমান আগতে এগৰাকী মহিলাক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল। নেতাজনে দাবী কৰিছে  যে অভিযোগবোৰ তেওঁক ধৰ্ষণৰ গোচৰত সাঙোৰাৰ অপচেষ্টা আছিল।বিজেপিৰ কিষাণ মৰ্চাৰ নেতাজনে শেহতীয়াকৈ  ফেচবুক লাইভত আত্মহত্যাৰ চেষ্টা চলায়। তেওঁ দাবী কৰে  যে তেওঁক এনে গোচৰত মিছাকৈ জড়িত কৰা হৈছিল।

 তেওঁ কোনো মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা নাই। নেতাজনে  কৈছে যে ধৰ্ষণ আৰু উৎপীড়নৰ অভিযোগ পোহৰলৈ অহাৰ পিছত তেওঁ তেওঁৰ পৰিয়ালক মুখ দেখুৱাবলৈ অক্ষম হৈছে। তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা সন্তান আছে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু