--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিমান! বিমানখন মুম্বাই বিমানবন্দৰৰ পৰা মৰিচাছ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। কিন্তু তাৰ আগতে বিমানখনত যান্ত্ৰিক বিজুতি পোৱা গৈছিল। এয়াৰ কণ্ডিচনাৰ চলাচল নকৰাৰ বাবে যাত্ৰীসকলে উশাহ-নিশাহৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। যাত্ৰীসকলৰ ভিতৰত এজন ৭৮ বছৰীয়া যুৱক আৰু কেইবাটি শিশুও আছে। উশাহ-নিশাহৰ সমস্যাৰ বাবে তেওঁলোক অসুস্থ হৈ পৰে। শনিবাৰে পুৱা মুম্বাই বিমানবন্দৰত এই ঘটনা সংঘটিত হয়৷

এএনআইৰ তথ্য অনুসৰি এয়াৰ মৰিচাছৰ এম কে ৭৪৯ বিমানখন মুম্বাই বিমানবন্দৰৰ পৰা মৰিচাছলৈ পুৱা ৪:৩০ বজাত যাত্ৰা কৰাৰ কথা আছিল। ৩:৪৫ বজাত বিমানখনত উঠিবলৈ আৰম্ভ কৰে যাত্ৰীসকল। কিন্তু টেক অফ কৰাৰ কিছু সময়ৰ আগতে ইঞ্জিনৰ সমস্যাৰ সৃষ্টি হয়।বিমানখনৰ এয়াৰ কণ্ডিচনাৰসমূহো বন্ধ হৈ পৰে। বিমানখনত থকা ৭৮ বছৰীয়া এজন লোকে বন্ধ বতাহৰ বাবে উশাহ-নিশাহৰ সমস্যাত ভোগে। 

এএনআইৰ সূত্ৰ অনুসৰি কোনো যাত্ৰীক বিমানখনৰ পৰা নামিবলৈ দিয়া হোৱা নাছিল। পাঁচ ঘণ্টা ধৰি বিমানখনত আবদ্ধ হৈ আছিল যাত্ৰী আৰু ক্ৰু সদস্যসকল। পাঁচ ঘণ্টাৰ পাছত বিমানখনৰ পৰা নামি আহিছিল যাত্ৰীসকলক। জানিব পৰা মতে সকলো যাত্ৰী সুৰক্ষিত। মৰিচাছলৈ যাবলৈ সংস্থাটোৱে আন এখন বিমানৰ ব্যৱস্থা কৰিছে বুলি সেই বিমানখনৰ এজন যাত্ৰীয়ে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ