--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিমান! বিমানখন মুম্বাই বিমানবন্দৰৰ পৰা মৰিচাছ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। কিন্তু তাৰ আগতে বিমানখনত যান্ত্ৰিক বিজুতি পোৱা গৈছিল। এয়াৰ কণ্ডিচনাৰ চলাচল নকৰাৰ বাবে যাত্ৰীসকলে উশাহ-নিশাহৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। যাত্ৰীসকলৰ ভিতৰত এজন ৭৮ বছৰীয়া যুৱক আৰু কেইবাটি শিশুও আছে। উশাহ-নিশাহৰ সমস্যাৰ বাবে তেওঁলোক অসুস্থ হৈ পৰে। শনিবাৰে পুৱা মুম্বাই বিমানবন্দৰত এই ঘটনা সংঘটিত হয়৷

এএনআইৰ তথ্য অনুসৰি এয়াৰ মৰিচাছৰ এম কে ৭৪৯ বিমানখন মুম্বাই বিমানবন্দৰৰ পৰা মৰিচাছলৈ পুৱা ৪:৩০ বজাত যাত্ৰা কৰাৰ কথা আছিল। ৩:৪৫ বজাত বিমানখনত উঠিবলৈ আৰম্ভ কৰে যাত্ৰীসকল। কিন্তু টেক অফ কৰাৰ কিছু সময়ৰ আগতে ইঞ্জিনৰ সমস্যাৰ সৃষ্টি হয়।বিমানখনৰ এয়াৰ কণ্ডিচনাৰসমূহো বন্ধ হৈ পৰে। বিমানখনত থকা ৭৮ বছৰীয়া এজন লোকে বন্ধ বতাহৰ বাবে উশাহ-নিশাহৰ সমস্যাত ভোগে। 

এএনআইৰ সূত্ৰ অনুসৰি কোনো যাত্ৰীক বিমানখনৰ পৰা নামিবলৈ দিয়া হোৱা নাছিল। পাঁচ ঘণ্টা ধৰি বিমানখনত আবদ্ধ হৈ আছিল যাত্ৰী আৰু ক্ৰু সদস্যসকল। পাঁচ ঘণ্টাৰ পাছত বিমানখনৰ পৰা নামি আহিছিল যাত্ৰীসকলক। জানিব পৰা মতে সকলো যাত্ৰী সুৰক্ষিত। মৰিচাছলৈ যাবলৈ সংস্থাটোৱে আন এখন বিমানৰ ব্যৱস্থা কৰিছে বুলি সেই বিমানখনৰ এজন যাত্ৰীয়ে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু