--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাতিল কৰা হ’ল উত্তৰ প্ৰদেশ আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা।ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। বিগত কেইবাদিনো এই সন্দৰ্ভত পৰীক্ষাৰ্থীসকলে অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া অহা ছমাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২৪ ফেব্ৰুৱাৰী শনিবাৰে ইউ পি আৰক্ষীৰ নিযুক্তি পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ এক্স একাউণ্টত পোষ্ট কৰি তথ্য দিছে। 


আজ টকৰ প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ বাবে ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষাৰ বাবে ৫০ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰিছিল। আৰু প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ আহিছিল। ১৭ আৰু ১৮ ফেব্ৰুৱাৰীৰ দ্বিতীয় শ্বিফটৰ কাগজ ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পাছত উত্তৰ প্ৰদেশ আৰক্ষী নিযুক্তি আৰু পদোন্নতি ব’ৰ্ডৰ বিষয়াসকলে তদন্তৰ নিৰ্দেশ দিছিল। 

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষী নিযুক্তি আৰু পদোন্নতি ব’ৰ্ডে কাগজ ফাদিলৰ অভিযোগ সন্দৰ্ভত প্ৰমাণসহ প্ৰাৰ্থীসকলৰ পৰা আপত্তি বিচাৰিছিল। শুকুৰবাৰে সন্ধিয়া ৬:০০ বজাৰ ভিতৰত নিযুক্তি ব’ৰ্ডে প্ৰাৰ্থীসকলৰ অভিযোগ সন্দৰ্ভত প্ৰমাণ প্ৰমাণ কৰি আপত্তি আৰু প্ৰতিনিধিত্ব বিচাৰিছিল। এই সন্দৰ্ভত নিযুক্তি ব’ৰ্ডে অনলাইনযোগে প্ৰায় ডেৰ হাজাৰ অভিযোগ লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ