--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিমানযাত্ৰাৰ সুলভ টিকট বিচাৰি থকাসকললৈ এয়াৰ ইণ্ডিয়াই আগবঢ়াইছে বিশেষ সুবিধা৷ আকাশী ভ্ৰমণ সহজ কৰি তুলিবলৈ এয়াৰ ইণ্ডিয়াই গ্ৰহণ কৰিছে নতুন পদক্ষেপ৷ 

প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে ‘নমস্তে ৱ’ৰ্ল্ড চেল’ নামৰ বিশেষ অফাৰ৷ এই অফাৰৰ সুবিধাৰে আপুনি অতি সুলভ মূল্যত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় টিকট বুক কৰিব পাৰে। ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ বিমানযাত্ৰীসকলে এয়াৰ ইণ্ডিয়াৰ ৱেবছাইট আৰু ম’বাইল এপৰ জৰিয়তে টিকট বুক কৰিব লাগিব।

নমস্তে ৱ’ৰ্ল্ড চেলৰ অধীনত এয়াৰ ইণ্ডিয়াই ন্যূনতম ১৭৯৯ টকাত ঘৰুৱা টিকট আগবঢ়াইছে। একেদৰে, আন্তৰ্জাতিক পথৰ বাবে ন্যূনতম নিৰিখ হৈছে ৩৮৯৯ টকা। এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই কয় যে বিমান সংস্থাটোৱে এই অফাৰেৰে মাচুল ৰেহাই দিছে। এই অফাৰ ২ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে আৰু ৫ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব।

মাত্ৰ ৪ দিনৰ বাবে মুকলি কৰা এই বিশেষ অফাৰৰ অধীনত ২ ফেব্ৰুৱাৰীৰ পৰা ৩০ছেপ্টেম্বৰৰ ভিতৰত ভ্ৰমণ কৰিবলৈ টিকট বুক কৰিব পাৰিব। ঘৰুৱা পথৰ বাবে ইকোনোমি ক্লাছৰ টিকট ন্যূনতম ১৭৯৯ টকা আৰু বিজনেছ ক্লাছৰ বাবে একমুখী টিকটৰ নিৰিখ হৈছে ১০,৮৯৯ টকা৷

এয়াৰ ইণ্ডিয়া এয়াৰলাইনছৰ মতে- আমেৰিকা যুক্তৰাজ্য, কানাডা, ইউ কে, ইউৰোপ, অষ্ট্ৰেলিয়া, উপসাগৰীয় আৰু মধ্য প্ৰাচ্য, এছিয়া প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ এছিয়াৰ বাবে এই বিক্ৰীৰ অধীনত টিকট বুক কৰিব পাৰি। এই অফাৰৰ অধীনত ভাৰতৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ ইকোনোমি ক্লাছৰ টিকট ৩১,৯৫৬ টকাত (একমুখী) আৰু ৫৪,৩৭৬ টকাত (ঘূৰি অহা), ভাৰতৰ পৰা ইউৰোপলৈ ২২,২৮৩ টকাত (একমুখী) বুক কৰিব পাৰি। ভাৰতৰ পৰা উপসাগৰীয় আৰু মধ্য প্ৰাচ্যৰ বাবে ৭৭১৪ টকা (একমুখী) আৰু ১৩,৫৪৭ টকা (ঘূৰি অহা) আৰু ভাৰতৰ পৰা ছিংগাপুৰলৈ ৬৭৭২ টকা (একমুখী) আৰু ১৩,৫৫২ টকা (ঘূৰি অহা) নিৰ্ধাৰণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু