--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিমানযাত্ৰাৰ সুলভ টিকট বিচাৰি থকাসকললৈ এয়াৰ ইণ্ডিয়াই আগবঢ়াইছে বিশেষ সুবিধা৷ আকাশী ভ্ৰমণ সহজ কৰি তুলিবলৈ এয়াৰ ইণ্ডিয়াই গ্ৰহণ কৰিছে নতুন পদক্ষেপ৷ 

প্ৰতিষ্ঠানটোৱে মুকলি কৰিছে ‘নমস্তে ৱ’ৰ্ল্ড চেল’ নামৰ বিশেষ অফাৰ৷ এই অফাৰৰ সুবিধাৰে আপুনি অতি সুলভ মূল্যত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় টিকট বুক কৰিব পাৰে। ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ বিমানযাত্ৰীসকলে এয়াৰ ইণ্ডিয়াৰ ৱেবছাইট আৰু ম’বাইল এপৰ জৰিয়তে টিকট বুক কৰিব লাগিব।

নমস্তে ৱ’ৰ্ল্ড চেলৰ অধীনত এয়াৰ ইণ্ডিয়াই ন্যূনতম ১৭৯৯ টকাত ঘৰুৱা টিকট আগবঢ়াইছে। একেদৰে, আন্তৰ্জাতিক পথৰ বাবে ন্যূনতম নিৰিখ হৈছে ৩৮৯৯ টকা। এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই কয় যে বিমান সংস্থাটোৱে এই অফাৰেৰে মাচুল ৰেহাই দিছে। এই অফাৰ ২ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে আৰু ৫ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব।

মাত্ৰ ৪ দিনৰ বাবে মুকলি কৰা এই বিশেষ অফাৰৰ অধীনত ২ ফেব্ৰুৱাৰীৰ পৰা ৩০ছেপ্টেম্বৰৰ ভিতৰত ভ্ৰমণ কৰিবলৈ টিকট বুক কৰিব পাৰিব। ঘৰুৱা পথৰ বাবে ইকোনোমি ক্লাছৰ টিকট ন্যূনতম ১৭৯৯ টকা আৰু বিজনেছ ক্লাছৰ বাবে একমুখী টিকটৰ নিৰিখ হৈছে ১০,৮৯৯ টকা৷

এয়াৰ ইণ্ডিয়া এয়াৰলাইনছৰ মতে- আমেৰিকা যুক্তৰাজ্য, কানাডা, ইউ কে, ইউৰোপ, অষ্ট্ৰেলিয়া, উপসাগৰীয় আৰু মধ্য প্ৰাচ্য, এছিয়া প্ৰশান্ত মহাসাগৰীয় আৰু দক্ষিণ এছিয়াৰ বাবে এই বিক্ৰীৰ অধীনত টিকট বুক কৰিব পাৰি। এই অফাৰৰ অধীনত ভাৰতৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ ইকোনোমি ক্লাছৰ টিকট ৩১,৯৫৬ টকাত (একমুখী) আৰু ৫৪,৩৭৬ টকাত (ঘূৰি অহা), ভাৰতৰ পৰা ইউৰোপলৈ ২২,২৮৩ টকাত (একমুখী) বুক কৰিব পাৰি। ভাৰতৰ পৰা উপসাগৰীয় আৰু মধ্য প্ৰাচ্যৰ বাবে ৭৭১৪ টকা (একমুখী) আৰু ১৩,৫৪৭ টকা (ঘূৰি অহা) আৰু ভাৰতৰ পৰা ছিংগাপুৰলৈ ৬৭৭২ টকা (একমুখী) আৰু ১৩,৫৫২ টকা (ঘূৰি অহা) নিৰ্ধাৰণ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক