--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাত সংঘটিত হৈছে এটি নোহোৱা-নোপজা ঘটনা৷ ভোকৰ তাড়নাত এজন যুৱকে ভক্ষণ কৰিলে এটা মেকুৰী৷ যুৱকজন অসমৰ৷ কৰ্মসূত্ৰে থাকে কেৰালাত৷ 

উত্তৰ কেৰালা জিলাৰ কুট্টিপুৰমত অসমৰ যুৱকজন পাঁচদিনধৰি ভোকত কলবলাই আছিল৷ পাঁচদিনৰ অন্তত খাদ্য গ্ৰহণৰ কোনো উপায় বিচাৰি নোপোৱাত মেকুৰীৰ কেঁচা মাংস ভক্ষণ কৰা দেখা গৈছিল।

ঘটনাটো শনিবাৰে সন্ধিয়া কুট্টিপুৰমৰ এটা ব্যস্ত বাছ ষ্টেণ্ডৰ চৌহদত সংঘটিত হৈছে। ২৭ বছৰীয়া যুৱকজন জন্মসূত্ৰে অসমৰ ধুবুৰী জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে স্থানীয় লোকসকলে তেওঁক বাছ ষ্টেণ্ডৰ চিৰিৰ ওপৰত বহি এটা মৃত মেকুৰীৰ কেঁচা মাংস খাই থকা দেখিছিল। খবৰ পোৱাৰ পাছত আমি ঘটনাস্থলী পৰিদৰ্শন কৰিছিলোঁ। যেতিয়া তেওঁৰ সৈতে সোধা-পোছা কৰা হৈছিল, তেওঁ কৈছিল যে তেওঁ যোৱা পাঁচ দিন ধৰি কোনো খাদ্য খোৱা নাই‍৷

প্ৰাথমিক চিকিৎসা পৰীক্ষাৰ পাছত লোকজনক চুবুৰীয়া ত্ৰিচুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে লগতে কয় যে যুৱকজনৰ কোনো শাৰীৰিক বা মানসিক সমস্যা নাই৷ পৰিয়ালৰ লোক ইয়াত উপস্থিত হ’লে তেওঁক তেওঁৰ আত্মীয়সকলৰ হাতত গতাই দিয়া হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু