--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৰালাত সংঘটিত হৈছে এটি নোহোৱা-নোপজা ঘটনা৷ ভোকৰ তাড়নাত এজন যুৱকে ভক্ষণ কৰিলে এটা মেকুৰী৷ যুৱকজন অসমৰ৷ কৰ্মসূত্ৰে থাকে কেৰালাত৷ 

উত্তৰ কেৰালা জিলাৰ কুট্টিপুৰমত অসমৰ যুৱকজন পাঁচদিনধৰি ভোকত কলবলাই আছিল৷ পাঁচদিনৰ অন্তত খাদ্য গ্ৰহণৰ কোনো উপায় বিচাৰি নোপোৱাত মেকুৰীৰ কেঁচা মাংস ভক্ষণ কৰা দেখা গৈছিল।

ঘটনাটো শনিবাৰে সন্ধিয়া কুট্টিপুৰমৰ এটা ব্যস্ত বাছ ষ্টেণ্ডৰ চৌহদত সংঘটিত হৈছে। ২৭ বছৰীয়া যুৱকজন জন্মসূত্ৰে অসমৰ ধুবুৰী জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে স্থানীয় লোকসকলে তেওঁক বাছ ষ্টেণ্ডৰ চিৰিৰ ওপৰত বহি এটা মৃত মেকুৰীৰ কেঁচা মাংস খাই থকা দেখিছিল। খবৰ পোৱাৰ পাছত আমি ঘটনাস্থলী পৰিদৰ্শন কৰিছিলোঁ। যেতিয়া তেওঁৰ সৈতে সোধা-পোছা কৰা হৈছিল, তেওঁ কৈছিল যে তেওঁ যোৱা পাঁচ দিন ধৰি কোনো খাদ্য খোৱা নাই‍৷

প্ৰাথমিক চিকিৎসা পৰীক্ষাৰ পাছত লোকজনক চুবুৰীয়া ত্ৰিচুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে লগতে কয় যে যুৱকজনৰ কোনো শাৰীৰিক বা মানসিক সমস্যা নাই৷ পৰিয়ালৰ লোক ইয়াত উপস্থিত হ’লে তেওঁক তেওঁৰ আত্মীয়সকলৰ হাতত গতাই দিয়া হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক