--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পেলোৱাৰ কথাবোৰ লাহে লাহে প্ৰমাণ হৈ আহিছে। এনে সময়তে  কংগ্ৰেছৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে কেন্দ্ৰৰ ২০১৬ চনৰ বিমুদ্ৰাকৰণ নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বিমুদ্ৰাকৰণ নীতি সন্দৰ্ভত চিদাম্বৰমে উচ্চতম ন্যায়ালয়ক কয় যে চৰকাৰে অনুসৰণ কৰা প্ৰক্ৰিয়াটো গভীৰভাৱে ত্ৰুটিপূৰ্ণ আছিল আৰু আদালতৰ দ্বাৰা ইয়াক  বাতিল কৰা উচিত।

বিমুদ্ৰাকৰণ এক অপমানজনক সিদ্ধান্ত আছিল বুলি অভিহিত কৰি চিদাম্বৰমে এনেদৰে মন্তব্য কৰে।  এজন আবেদনকাৰীৰ অধিবক্তা হিচাবে আদালতত উপস্থিত থকি চিদাম্বৰমে শীৰ্ষ আদালতখনৰ পাঁচ জনীয়া সংবিধান বিচাৰপীঠৰ সন্মুখত কয় যে এই প্ৰক্ৰিয়াটোৱে দেশৰ আইনৰ শাসনক উপহাস কৰিছে। বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কেৱল কেন্দ্ৰীয় পৰিষদৰ পৰামৰ্শ অনুসৰি থাকে ।কিন্তু এই ক্ষেত্ৰত চৰকাৰে সকলো নিয়ম উলংঘা কৰি  বিপৰীত স্থিতিহে গ্ৰহণ কৰিছিল। প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে কেন্দ্ৰই সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়া সম্পৰ্কীয় গুৰুত্বপূৰ্ণ নথিপত্ৰ সমূহ গোপনে ৰাখিছে।যাৰ ভিতৰত আছে চৰকাৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ ৭ নৱেম্বৰত প্ৰেৰণ কৰা পত্ৰখন ।

চিদাম্বৰমে এই নীতিৰ বিৰুদ্ধে যুক্তি দি   উচ্চতম ন্যায়ালয়ক কয় বিমুদ্ৰাকৰণ এনে এটা অৰ্থনৈতিক সিদ্ধান্ত, যি সিদ্ধান্তই প্ৰত্যেক নাগৰিকক ব্যৱহাৰিকভাৱে প্ৰভাৱান্বিত  কৰিছে। ফলত শ শ লোকৰ প্ৰাণহানি হৈছে আৰু নাগৰিকৰ জীৱিকালৈ ভাবুকি আহিছে। কংগ্ৰেছ সাংসদজনৰ মতে, কেন্দ্ৰই জালনোট, ক'লা ধনৰ সৈতে মোকাবিলা কৰাৰ বাবে কোনো বিকল্প পদ্ধতি গ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু সকলো বোৰ দিশ পৰীক্ষা নকৰাকৈ আটাইতকৈ চৰম পদক্ষেপ গ্ৰহণ কৰা হ'ল। সময়ত সেই সিদ্ধান্তৰ  উদ্দেশ্য প্ৰাপ্ত কৰাত চৰকাৰ ব্যৰ্থ হৈছে। 

চিদাম্বৰমে আদালতক কয় যে যদিও আদালতে যি হৈ গৈছে সেয়া  বাতিল কৰিব নোৱাৰিব পাৰে,কিন্তু চৰকাৰৰ পদক্ষেপ যে  অযৌক্তিক আছিল সেয়া  স্পষ্ট কৰিব পাৰে ।চিদাম্বৰমে কয়  যে বিমুদ্ৰাকৰণৰ পদক্ষেপৰ ফলত ৮৬.৪ শতাংশ মুদ্ৰা প্ৰত্যাহাৰ কৰা হৈছিল আৰু এই তথ্য আনকি আৰবিআইৰ ওচৰতো নাছিল। তেওঁ যুক্তি দিছিল যে সমানুপাতিকতাৰ পৰীক্ষা প্ৰয়োগ কৰা, আৰবিআইৰ  পৰামৰ্শ আৰু চৰকাৰৰ অপ্ৰত্যাশিত সিদ্ধান্তই মানুহৰ ওপৰত অসামঞ্জস্যপূৰ্ণ আৰু অসহনীয় বোজা জাপি দিছে।ভাৰতীয় নাগৰিকৰ শ শ লোকৰ প্ৰাণ আৰু জীৱিকা হেৰুৱাইছিল। 

চিদাম্বৰমে লগতে কয় যে বিমুদ্ৰাকৰণ সন্দৰ্ভত  আদালতে ঘোষণা কৰিব লাগে যে আৰবিআই আইনৰ ধাৰা ২৬(২)ৰ অধীনত তেনে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা চৰকাৰৰ নাই আৰু যদি তেনে ক্ষমতা দিয়া হৈছে তেন্তে ২৬ (২) ধাৰাটো  নিজেই অসাংবিধানিক হৈ পৰিব। উল্লেখ্য চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ ছয় বছৰ পিছত বিমুদ্ৰাকৰণ নীতিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়লয়ত দখিল কৰা আবেদনৰশুনানি শীৰ্ষ ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।। ন্যায়াধীশ এছ আব্দুল নাজিৰ, বি আৰ গাভাই, এ এছ বোপান্না, ভি ৰাম সুব্ৰমনিয়াম আৰু বিভি নাগাৰাথনাকলৈ গঠন কৰা হৈছে  সংবিধান বিচাৰপীঠখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উজলিল অসম; দেশৰ ভিতৰতে শ্ৰেষ্ঠ অসমৰ ৩খন গাঁও পঞ্চায়ত
ভাৰতত ভয়াৱহ আক্ৰমণৰ ষড়যন্ত্ৰ ISIৰ
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে