--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইকে ধৰি আন কেন্‌ৰীয় তদন্তকাৰী সংস্থাসমূহ বিজেপি নেতৃত্বাধীন চৰকাৰে নিজৰ মতে নিয়ন্ত্ৰণ কৰি আহিছে বুলি চৰ্চা চলি থকাৰ মাজতে চিবিআই-ইডিৰ নিয়ন্ত্ৰণ এদিনৰ বাবে হ’লেও কেজৰিৱালক দিবলৈ আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেজৰিৱালে অভিযোগ কৰিছিল যে কেন্দ্ৰীয় সংস্থাসমূহে তেওঁলোকৰ নেতাসকলৰ বিৰুদ্ধে ১৬৭ টা গোচৰ ৰুজু কৰিছে।

 কেজৰিৱালে কয় যে কেন্দ্ৰই আপ নেতাসকলৰ বিৰুদ্ধে ৮০০ তকৈও অধিক চিবিআই আৰু ইডি বিষয়া আৰু কৰ্মচাৰী নিযুক্ত কৰিছে।অৰবিন্দ কেজৰিৱালে চিবিআই আৰু ইডিৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহে চৰকাৰৰ নিৰ্দেশত  আম আদমী পাৰ্টিৰ (আপ) নেতাসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰে।

এক সাক্ষাৎকাৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতাজনে কয়, "মোক এদিনৰ বাবে ইডি আৰু চিবিআইৰ নিয়ন্ত্ৰণ দিয়ক। তাৰ পিছত চাওঁক বিজেপি নেতাসকলৰ আধা অংশই কেনেকৈ কাৰাগাৰলৈ যায়। ''তেওঁ লগতে কয় ''আমাৰ নেতাসকলৰ বিৰুদ্ধে আৰোপ কৰা  প্ৰায় ১৫০ টা গোচৰ বন্ধ কৰি দিয়া হৈছে। বাকীবোৰৰ পৰীক্ষণ চলি আছে। মই নিশ্চিত যে তেওঁলোকও  নিৰ্দোষ প্ৰমাণিত হ'ব। ''

দিল্লীৰ মন্ত্ৰী সঁচােন্দ্ৰ জৈনক অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা ছমাহ ধৰি তেওঁ কাৰাগাৰত আছে। শেহতীয়াকৈ চিবিআইয়ে দিল্লীৰ উপ- মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ একাধিক ঠিকনাত তালাচী চলাইছে। তেওঁৰ  বিৰুদ্ধে আবকাৰী কেলেংকাৰী  আৰু দুৰ্নীতিৰ অভিযোগ উঠিছে। 

এনে পৰিস্থিতিত এসময়ত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতা কেজৰিৱালে অভিযুক্ত নেতাসকলক সুৰক্ষা দি অহা বুলিও কথা ওলাইছে। ইয়াৰ মাজতে কেজৰিৱালে  দাবী কৰিছে যে সত্যেন্দ্ৰ-মনীষৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ  "ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক