--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিবিআইকে ধৰি আন কেন্‌ৰীয় তদন্তকাৰী সংস্থাসমূহ বিজেপি নেতৃত্বাধীন চৰকাৰে নিজৰ মতে নিয়ন্ত্ৰণ কৰি আহিছে বুলি চৰ্চা চলি থকাৰ মাজতে চিবিআই-ইডিৰ নিয়ন্ত্ৰণ এদিনৰ বাবে হ’লেও কেজৰিৱালক দিবলৈ আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কেজৰিৱালে অভিযোগ কৰিছিল যে কেন্দ্ৰীয় সংস্থাসমূহে তেওঁলোকৰ নেতাসকলৰ বিৰুদ্ধে ১৬৭ টা গোচৰ ৰুজু কৰিছে।

 কেজৰিৱালে কয় যে কেন্দ্ৰই আপ নেতাসকলৰ বিৰুদ্ধে ৮০০ তকৈও অধিক চিবিআই আৰু ইডি বিষয়া আৰু কৰ্মচাৰী নিযুক্ত কৰিছে।অৰবিন্দ কেজৰিৱালে চিবিআই আৰু ইডিৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহে চৰকাৰৰ নিৰ্দেশত  আম আদমী পাৰ্টিৰ (আপ) নেতাসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰে।

এক সাক্ষাৎকাৰত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতাজনে কয়, "মোক এদিনৰ বাবে ইডি আৰু চিবিআইৰ নিয়ন্ত্ৰণ দিয়ক। তাৰ পিছত চাওঁক বিজেপি নেতাসকলৰ আধা অংশই কেনেকৈ কাৰাগাৰলৈ যায়। ''তেওঁ লগতে কয় ''আমাৰ নেতাসকলৰ বিৰুদ্ধে আৰোপ কৰা  প্ৰায় ১৫০ টা গোচৰ বন্ধ কৰি দিয়া হৈছে। বাকীবোৰৰ পৰীক্ষণ চলি আছে। মই নিশ্চিত যে তেওঁলোকও  নিৰ্দোষ প্ৰমাণিত হ'ব। ''

দিল্লীৰ মন্ত্ৰী সঁচােন্দ্ৰ জৈনক অবৈধ বিত্তীয় লেনদেনৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা ছমাহ ধৰি তেওঁ কাৰাগাৰত আছে। শেহতীয়াকৈ চিবিআইয়ে দিল্লীৰ উপ- মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ একাধিক ঠিকনাত তালাচী চলাইছে। তেওঁৰ  বিৰুদ্ধে আবকাৰী কেলেংকাৰী  আৰু দুৰ্নীতিৰ অভিযোগ উঠিছে। 

এনে পৰিস্থিতিত এসময়ত দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতা কেজৰিৱালে অভিযুক্ত নেতাসকলক সুৰক্ষা দি অহা বুলিও কথা ওলাইছে। ইয়াৰ মাজতে কেজৰিৱালে  দাবী কৰিছে যে সত্যেন্দ্ৰ-মনীষৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ  "ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু