--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াই প্ৰভাৱিত কৰিছে ভেকচিন লোৱা ভাৰতৰ নাগৰিকসকলক! প্ৰথমবাৰলৈ ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে ভাৰত চৰকাৰে৷ এক আৰটিআই উত্তৰত কৰোনা ভাইৰাছৰ ভেকচিনৰ একাধিক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে স্বীকাৰ কৰিছে চৰকাৰী চিকিৎসা সংস্থাই৷

কৰোনা ভাইৰাছ ভেকচিনৰ একাধিক পাৰ্শ্বক্ৰিয়াৰ আশ্চৰ্যকৰ তথ্য উন্মোচন কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (চিডিএছচিঅ’)ই৷ 

প্ৰতিবেদন অনুসৰি, কভিশ্বিল্ডে বেজী দিয়া স্থানত বিষ, বেজী দিয়া স্থানৰ বাহিৰত একাধিক ৰঙা দাগৰ সৃষ্টি কৰে৷ কাৰণ অবিহনে নিৰন্তৰ বমি, তীব্ৰ বা নিৰন্তৰ পেটৰ বিষ বা বমি, উশাহ চুটি হোৱা, বুকুৰ বিষ, হাত-ভৰি হেঁচাদিয়া, হাত-ভৰি ৰখা, হাত-ভৰি ৰখাত বিষ বা ফুলা আদি কভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ লক্ষণ। 

শৰীৰৰ যিকোনো নিৰ্দিষ্ট ফাল বা অংশৰ হাত-ভৰিৰ দুৰ্বলতা/পক্ষাঘাত, যাৰ ভিতৰত আছে ক্ৰেনিয়াল স্নায়ু, অভূতপূৰ্ব চিজাৰ, চকুৰ বিষ, অস্পষ্ট দৃষ্টি বা ডিপ্লোপিয়া, মানসিক স্থিতিৰ পৰিৱৰ্তন, এনচেফালোপেথি বা চেতনাৰ হতাশাগ্ৰস্ত স্তৰো ক’ভিড ভেকচিনৰে পাৰ্শ্বক্ৰিয়া বুলি স্বীকাৰ কৰিছে চৰকাৰী সংস্থাই৷

কালি ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সবিশেষ তথ্য উন্মোচিত হোৱাৰ পাছত এতিয়া দেশত প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছতা আৰু সততাক লৈ প্ৰশ্ন উঠিছে৷ দেশৰ বিৰোধী দল-সংগঠনে প্ৰধানমন্ত্ৰী মোদীকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ কিয়নো, উচ্চতম ন্যায়ালয়ে ক’ভিড ভেকচিন লোৱা-নোলোৱাটো নাগৰিকৰ নিজা সিদ্ধান্ত বুলি মতপোষণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ বিজেপিশাসিত ৰাজ্য চৰকাৰসমূহে ক’ভিড ভেকচিনক লৈ এক অভূতপূৰ্ব পৰিৱেশৰ সূচনা কৰিছিল৷ 

ভাৰতত নিৰ্মিত ক’ভিড ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰী মোদীকো দেখা গৈছিল প্ৰফুল্লিত ৰূপত৷ বিজেপিৰ নেতা-মন্ত্ৰীয়ে ক’ভিড ভেকচিন নিৰ্মাণ কৰাৰ সিংহভাগ কৃতিত্ব মোদীকহে দিয়া পৰিলক্ষিত হৈছিল৷ আনকি মোদীয়ে নিজেও ভেকচিন লোৱা নাগৰিকসকলক ‘বাহুবলী’ আখ্যা দিছিল৷ পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক কৰি দিছিল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে৷ সৰ্বত্ৰ ক’ভিড ভেকচিন বাধ্যতামূলক কৰি এক ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰোৱা হৈছিল৷ আনকি নাগৰিকক প্ৰহাৰ কৰিছিল আৰক্ষীয়ে৷ 

ঔষধ আনিবলৈ যোৱা লোককো প্ৰহাৰ কৰা হৈছিল নিৰ্মমভাৱে৷ যদিও চৰকাৰে পৰৱৰ্তী সময়ত ঘোষণা কৰিছিল যে টিকাকৰণ সম্পূৰ্ণৰূপে স্বেচ্ছামূলক তথাপি নাগৰিকক বাছ, ৰেল, বিমান, আন্তঃৰাজ্যিক চলাচল, হোটেল, ৰেষ্টুৰেণ্ট, মাল্টিপ্লেক্স, মল আদিলৈ ওলাই যোৱাত বাধা দি পৰোক্ষভাৱে কিয় বাধ্যবাধকতা সৃষ্টি কৰা হৈছিল, তাকে লৈ প্ৰশ্ন উঠিছে৷ ফলত অধিকসংখ্যক লোক আতংকিত হৈ পৰিছিল আৰু পৰৱৰ্তী প্ৰভাৱবোৰ নজনাকৈ য়ে নিজকে সমৰ্পিত কৰিছিল৷ 

এতিয়া ভেকচিন লোৱাসকলৰ স্বাস্থ্যৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিছে৷ একেসময়তে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাও সমালোচিত হৈছে সৰ্বত্ৰ৷ কিয়নো, দেশৰ নাগৰিকৰ স্বাস্থ্যৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ৷ এতিয়া পাৰ্শ্বক্ৰিয়াৰ ফলত হ'ব পৰা সম্ভাৱ্য হানি-বিঘিনিৰ দায়িত্ব কোনে ল'ব? আৰু যদি ভেকচিনৰ পাৰ্শ্বক্ৰিয়াই হয়, তেন্তে সেয়া পূৰ্বেই ৰাজহুৱা নকৰি বাধ্য কৰোৱা হৈছিল কিয়? এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে৷ 

অকল ভেকচিনেই নহয়, বিমুদ্ৰাকৰণৰ পাছতো মোদীৰ দক্ষতাক লৈ উঠিছিল প্ৰশ্ন৷ বিমুদ্ৰাকৰণেৰে ভাঙি দিয়া হৈছিল দেশ ৰ অৰ্থনীতিৰ পৰিকাঠামো৷ বিমুদ্ৰাকৰণ আছিল প্ৰধানমন্ত্ৰী মোদীৰ আকস্মিক আৰু হঠকাৰী সিদ্ধান্ত৷ দেশলৈ ক'লাধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ দিয়া হৈছিল দুৰ্নীতিমুক্ত ভাৰতৰ আশ্বাস৷ 

সেইসময়ত শক্তিকান্ত দাসক সঞ্চালক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল৷ শক্তিকান্ত দালে ভাৰতীয় অৰ্থনীতিৰ ওপৰত বিমুদ্ৰাকৰণৰ হ্ৰস্বম্যাদী নেতিবাচক প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিছিল আৰু লক্ষ্য কৰিছিল যে এই অভূতপূৰ্ব পদক্ষেপে ক'লা ধনৰ মোকাবিলাত কোনো সামগ্ৰিক প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু মোদী তথা বিজেপি চৰকাৰে সেই কথা মানি লোৱা নাছিল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰাৰ মাত্ৰ আঢ়ৈ ঘণ্টা পূৰ্বে ব'ৰ্ডখনে বৈঠকত মিলিত হৈছিল।

ক'লাধন নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে পুৰণি পাঁচশ আৰু এহেজাৰটকীয়া নোট নিষিদ্ধ কৰাটো মুখ্য উদ্দেশ্য আছিল, য'ত মূল্য অনুসৰি ৮৬% নগদ ধন প্ৰচলনৰ বাহিৰলৈ যোৱা দেখা গৈছিল।

কাৰ্যতঃ মোদীৰ বিমুদ্ৰাকৰণো ব্যৰ্থ হৈছিল৷ ঘূৰি নাহিল ক'লাধন৷ নিৰ্মূল নহ'ল দুৰ্নীতি৷ সেয়ে বিৰোধীয়ে প্ৰশ্ন তুলিছে মিছা কথাৰ ভঁৰাল নেকি প্ৰধানমন্ত্ৰী মোদী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু