--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াই প্ৰভাৱিত কৰিছে ভেকচিন লোৱা ভাৰতৰ নাগৰিকসকলক! প্ৰথমবাৰলৈ ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে ভাৰত চৰকাৰে৷ এক আৰটিআই উত্তৰত কৰোনা ভাইৰাছৰ ভেকচিনৰ একাধিক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে স্বীকাৰ কৰিছে চৰকাৰী চিকিৎসা সংস্থাই৷

কৰোনা ভাইৰাছ ভেকচিনৰ একাধিক পাৰ্শ্বক্ৰিয়াৰ আশ্চৰ্যকৰ তথ্য উন্মোচন কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (চিডিএছচিঅ’)ই৷ 

প্ৰতিবেদন অনুসৰি, কভিশ্বিল্ডে বেজী দিয়া স্থানত বিষ, বেজী দিয়া স্থানৰ বাহিৰত একাধিক ৰঙা দাগৰ সৃষ্টি কৰে৷ কাৰণ অবিহনে নিৰন্তৰ বমি, তীব্ৰ বা নিৰন্তৰ পেটৰ বিষ বা বমি, উশাহ চুটি হোৱা, বুকুৰ বিষ, হাত-ভৰি হেঁচাদিয়া, হাত-ভৰি ৰখা, হাত-ভৰি ৰখাত বিষ বা ফুলা আদি কভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ লক্ষণ। 

শৰীৰৰ যিকোনো নিৰ্দিষ্ট ফাল বা অংশৰ হাত-ভৰিৰ দুৰ্বলতা/পক্ষাঘাত, যাৰ ভিতৰত আছে ক্ৰেনিয়াল স্নায়ু, অভূতপূৰ্ব চিজাৰ, চকুৰ বিষ, অস্পষ্ট দৃষ্টি বা ডিপ্লোপিয়া, মানসিক স্থিতিৰ পৰিৱৰ্তন, এনচেফালোপেথি বা চেতনাৰ হতাশাগ্ৰস্ত স্তৰো ক’ভিড ভেকচিনৰে পাৰ্শ্বক্ৰিয়া বুলি স্বীকাৰ কৰিছে চৰকাৰী সংস্থাই৷

কালি ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে সবিশেষ তথ্য উন্মোচিত হোৱাৰ পাছত এতিয়া দেশত প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছতা আৰু সততাক লৈ প্ৰশ্ন উঠিছে৷ দেশৰ বিৰোধী দল-সংগঠনে প্ৰধানমন্ত্ৰী মোদীকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ কিয়নো, উচ্চতম ন্যায়ালয়ে ক’ভিড ভেকচিন লোৱা-নোলোৱাটো নাগৰিকৰ নিজা সিদ্ধান্ত বুলি মতপোষণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ বিজেপিশাসিত ৰাজ্য চৰকাৰসমূহে ক’ভিড ভেকচিনক লৈ এক অভূতপূৰ্ব পৰিৱেশৰ সূচনা কৰিছিল৷ 

ভাৰতত নিৰ্মিত ক’ভিড ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰী মোদীকো দেখা গৈছিল প্ৰফুল্লিত ৰূপত৷ বিজেপিৰ নেতা-মন্ত্ৰীয়ে ক’ভিড ভেকচিন নিৰ্মাণ কৰাৰ সিংহভাগ কৃতিত্ব মোদীকহে দিয়া পৰিলক্ষিত হৈছিল৷ আনকি মোদীয়ে নিজেও ভেকচিন লোৱা নাগৰিকসকলক ‘বাহুবলী’ আখ্যা দিছিল৷ পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক কৰি দিছিল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে৷ সৰ্বত্ৰ ক’ভিড ভেকচিন বাধ্যতামূলক কৰি এক ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰোৱা হৈছিল৷ আনকি নাগৰিকক প্ৰহাৰ কৰিছিল আৰক্ষীয়ে৷ 

ঔষধ আনিবলৈ যোৱা লোককো প্ৰহাৰ কৰা হৈছিল নিৰ্মমভাৱে৷ যদিও চৰকাৰে পৰৱৰ্তী সময়ত ঘোষণা কৰিছিল যে টিকাকৰণ সম্পূৰ্ণৰূপে স্বেচ্ছামূলক তথাপি নাগৰিকক বাছ, ৰেল, বিমান, আন্তঃৰাজ্যিক চলাচল, হোটেল, ৰেষ্টুৰেণ্ট, মাল্টিপ্লেক্স, মল আদিলৈ ওলাই যোৱাত বাধা দি পৰোক্ষভাৱে কিয় বাধ্যবাধকতা সৃষ্টি কৰা হৈছিল, তাকে লৈ প্ৰশ্ন উঠিছে৷ ফলত অধিকসংখ্যক লোক আতংকিত হৈ পৰিছিল আৰু পৰৱৰ্তী প্ৰভাৱবোৰ নজনাকৈ য়ে নিজকে সমৰ্পিত কৰিছিল৷ 

এতিয়া ভেকচিন লোৱাসকলৰ স্বাস্থ্যৰ সুৰক্ষাক লৈ প্ৰশ্ন উঠিছে৷ একেসময়তে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাও সমালোচিত হৈছে সৰ্বত্ৰ৷ কিয়নো, দেশৰ নাগৰিকৰ স্বাস্থ্যৰ সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ৷ এতিয়া পাৰ্শ্বক্ৰিয়াৰ ফলত হ'ব পৰা সম্ভাৱ্য হানি-বিঘিনিৰ দায়িত্ব কোনে ল'ব? আৰু যদি ভেকচিনৰ পাৰ্শ্বক্ৰিয়াই হয়, তেন্তে সেয়া পূৰ্বেই ৰাজহুৱা নকৰি বাধ্য কৰোৱা হৈছিল কিয়? এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে৷ 

অকল ভেকচিনেই নহয়, বিমুদ্ৰাকৰণৰ পাছতো মোদীৰ দক্ষতাক লৈ উঠিছিল প্ৰশ্ন৷ বিমুদ্ৰাকৰণেৰে ভাঙি দিয়া হৈছিল দেশ ৰ অৰ্থনীতিৰ পৰিকাঠামো৷ বিমুদ্ৰাকৰণ আছিল প্ৰধানমন্ত্ৰী মোদীৰ আকস্মিক আৰু হঠকাৰী সিদ্ধান্ত৷ দেশলৈ ক'লাধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ দিয়া হৈছিল দুৰ্নীতিমুক্ত ভাৰতৰ আশ্বাস৷ 

সেইসময়ত শক্তিকান্ত দাসক সঞ্চালক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল৷ শক্তিকান্ত দালে ভাৰতীয় অৰ্থনীতিৰ ওপৰত বিমুদ্ৰাকৰণৰ হ্ৰস্বম্যাদী নেতিবাচক প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিছিল আৰু লক্ষ্য কৰিছিল যে এই অভূতপূৰ্ব পদক্ষেপে ক'লা ধনৰ মোকাবিলাত কোনো সামগ্ৰিক প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু মোদী তথা বিজেপি চৰকাৰে সেই কথা মানি লোৱা নাছিল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ঘোষণা কৰাৰ মাত্ৰ আঢ়ৈ ঘণ্টা পূৰ্বে ব'ৰ্ডখনে বৈঠকত মিলিত হৈছিল।

ক'লাধন নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে পুৰণি পাঁচশ আৰু এহেজাৰটকীয়া নোট নিষিদ্ধ কৰাটো মুখ্য উদ্দেশ্য আছিল, য'ত মূল্য অনুসৰি ৮৬% নগদ ধন প্ৰচলনৰ বাহিৰলৈ যোৱা দেখা গৈছিল।

কাৰ্যতঃ মোদীৰ বিমুদ্ৰাকৰণো ব্যৰ্থ হৈছিল৷ ঘূৰি নাহিল ক'লাধন৷ নিৰ্মূল নহ'ল দুৰ্নীতি৷ সেয়ে বিৰোধীয়ে প্ৰশ্ন তুলিছে মিছা কথাৰ ভঁৰাল নেকি প্ৰধানমন্ত্ৰী মোদী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement