--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে আৰৱৰ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিচয় দিল্লীৰ অভিজাত হোটেলত বাহৰ পাতিছিল এজন লোকে। প্ৰায় চাৰি মাহ হোটেলত থকাৰ পিছত তেওঁ হোটেলৰ পৰা পলায়ন কৰে। ইমান দিন থকাৰ বাবে হোটেলখনত মুঠ ২৩ লাখ টকাৰ বিল উঠে। কিন্তু বিল পৰিশোধ নকৰাকৈয়ে উধাও হয় লোকজন।

তাৰাছতে হোটেল কৰ্তৃপক্ষই দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। তেতিয়াৰ পৰা দিল্লী আৰক্ষীয়ে প্ৰৱঞ্চকজনক বিচাৰি আছে।

লোকজনৰ নাম মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। তেওঁ ১ আগষ্টৰ পৰা দিল্লীৰ লীলা পেলেচ হোটেলত বাহৰ পাতিছিল। তাত তেওঁ নিজকে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিচয় দিছিল। শ্বৰীফে এইটোও কৈছিল যে ৰাজপৰিয়ালৰ কামৰ বাবে তেওঁ ভাৰতলৈ আহিব লগা হৈছিল। তেওঁ হোটেল কৰ্তৃপক্ষক আমিৰশ্বাহীৰ পৰিচয় পত্ৰও দেখুৱাইছিল।

কৰ্মচাৰীৰ সূত্ৰ অনুসৰি, তেওঁ হোটেলৰ সকলোৰে সৈতে আৰৱৰ ৰাজকীয় জীৱনৰ বিষয়ে কথা পাতিছিল। হঠাতে এদিন দেখা গ'ল যে শ্বৰীফ হোটেলৰ পৰা অদৃশ্য হৈ গৈছে। হোটেলৰ সূত্ৰ অনুসৰি, তেওঁ পলাই যাওঁতে কেইবাটাও মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে। হোটেলখনত তেওঁৰ ২৩ লাখ টকাৰ বিল উঠে। অৱশ্যে ২০ নৱেম্বৰৰ পূৰ্বে তেওঁ এই বিলৰ ১১ লাখ টকা পৰিশোধ কৰিছিল বুলি হোটেলখনে জনাইছে।

শ্বৰীফ ২০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। শনিবাৰে লীলা পেলেচ হোটেল কৰ্তৃপক্ষই দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে বিশ্বাস কৰে যে হোটেলত জমা কৰা শ্বৰীফৰ সকলো নথিপত্ৰ ভুৱা হ'ব পাৰে। অভিযুক্ত শ্বৰীফৰ সন্ধানত সমগ্ৰ দিল্লী চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু