--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে আৰৱৰ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিচয় দিল্লীৰ অভিজাত হোটেলত বাহৰ পাতিছিল এজন লোকে। প্ৰায় চাৰি মাহ হোটেলত থকাৰ পিছত তেওঁ হোটেলৰ পৰা পলায়ন কৰে। ইমান দিন থকাৰ বাবে হোটেলখনত মুঠ ২৩ লাখ টকাৰ বিল উঠে। কিন্তু বিল পৰিশোধ নকৰাকৈয়ে উধাও হয় লোকজন।

তাৰাছতে হোটেল কৰ্তৃপক্ষই দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। তেতিয়াৰ পৰা দিল্লী আৰক্ষীয়ে প্ৰৱঞ্চকজনক বিচাৰি আছে।

লোকজনৰ নাম মহম্মদ শ্বৰীফ বুলি চিনাক্ত কৰা হৈছে। তেওঁ ১ আগষ্টৰ পৰা দিল্লীৰ লীলা পেলেচ হোটেলত বাহৰ পাতিছিল। তাত তেওঁ নিজকে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাজপৰিয়ালৰ সদস্য হিচাপে পৰিচয় দিছিল। শ্বৰীফে এইটোও কৈছিল যে ৰাজপৰিয়ালৰ কামৰ বাবে তেওঁ ভাৰতলৈ আহিব লগা হৈছিল। তেওঁ হোটেল কৰ্তৃপক্ষক আমিৰশ্বাহীৰ পৰিচয় পত্ৰও দেখুৱাইছিল।

কৰ্মচাৰীৰ সূত্ৰ অনুসৰি, তেওঁ হোটেলৰ সকলোৰে সৈতে আৰৱৰ ৰাজকীয় জীৱনৰ বিষয়ে কথা পাতিছিল। হঠাতে এদিন দেখা গ'ল যে শ্বৰীফ হোটেলৰ পৰা অদৃশ্য হৈ গৈছে। হোটেলৰ সূত্ৰ অনুসৰি, তেওঁ পলাই যাওঁতে কেইবাটাও মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়ে। হোটেলখনত তেওঁৰ ২৩ লাখ টকাৰ বিল উঠে। অৱশ্যে ২০ নৱেম্বৰৰ পূৰ্বে তেওঁ এই বিলৰ ১১ লাখ টকা পৰিশোধ কৰিছিল বুলি হোটেলখনে জনাইছে।

শ্বৰীফ ২০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। শনিবাৰে লীলা পেলেচ হোটেল কৰ্তৃপক্ষই দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। অনুসন্ধানৰ সময়ত আৰক্ষীয়ে বিশ্বাস কৰে যে হোটেলত জমা কৰা শ্বৰীফৰ সকলো নথিপত্ৰ ভুৱা হ'ব পাৰে। অভিযুক্ত শ্বৰীফৰ সন্ধানত সমগ্ৰ দিল্লী চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক