--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদুয়ো তেজৰ সম্পৰ্ক থকা  ভাতৃ। সময়ত দুয়ো -দুয়োকে আলিঙ্গনো কৰে। কিন্তু দুয়োৰো মাজত যেন এখম মহা প্ৰাচীৰ থিয় হৈ আছে৷ হয়, তেওঁলোক হৈছে ৰাহুল গান্ধী আৰু বৰুণ গান্ধী৷  বৰুণ সন্দৰ্ভত মন্তব্য ৰি ৰাহুল গান্ধীয়ে কয় যে  বৰুণ গান্ধীয়ে বিজেপিলৈ গৈ গ্ৰহণ কৰা আদৰ্শ তেওঁ গ্ৰহণ কৰিব নোৱাৰিব।

 ৰাহুলে কয়,  "এয়া অসম্ভৱ"। যদিও তেওঁৰ আৰু বৰুণৰ মাজত কোনো বিদ্বেষ নাই, ৰাহুলে স্পষ্ট কৰি দিছে যে পাৰিবাৰিক সম্পৰ্কত বাধাৰ কাৰণ হৈছে  আদৰ্শগত পাৰ্থক্য। সঞ্জয়-মানেকা গান্ধীৰ পুত্ৰ বৰুণ গান্ধীয়ে যিধৰণে শেহতীয়াকৈ মোদী চৰকাৰৰ নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে, তালৈ লক্ষ্য কৰি বহুতে  তেওঁ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব বুলি ধাৰণা কৰিছিল৷ কিন্তু আজি ৰাহুল গান্ধীয়ে তেনে সম্ভৱনাৰ কথা ওক প্ৰকাৰ নাকচ কৰে৷ ৰাহুলে স্পষ্টভাবে কয় যে  বৰুণৰ  আদৰ্শ মানি লোৱাটো   তেওঁৰ বাবে অসম্ভৱ।

'ভাৰত যোদো যাত্ৰা'ৰ সময়ত পঞ্জাৱত এখন সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, "মোৰ আদৰ্শ তেওঁৰ আদৰ্শৰ সৈতে মিল নাই। মই কেতিয়াও আৰ এছ এছ কাৰ্যালয়লৈ নাযাওঁ । মই যাব নোৱাৰো। যাব লাগিলে  তাৰ আগতে মোৰ ডিঙি কাটিব লাগিব। বৰুণে  যি আদৰ্শ মানি চলিছে  মই সেয়া  মানি ল'ব নোৱাৰো। আমি নিশ্চিতভাৱে দুয়োকে লগ পাওঁ  কিন্তু মই সেই আদৰ্শ গ্ৰহণ কৰিব নোৱাৰো। '

বহুতে কৈ আহিছে যে  বিমান দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধীয়ে ৰাজীৱক তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰাৰ ধৰণে ৰাজীৱ-ছোনিয়াৰ সৈতে মানেকাৰ দূৰত্ব বৃদ্ধি পাইছিল। ফলস্বৰূপে এটা সময়ত, মানেকাই তেওঁৰ পুত্ৰৰ সৈতে পৰিয়ালটো এৰি গৈছিল। ইয়াৰ পিছত মানেকাই প্ৰথমে বিশ্বনাথ প্ৰতাপ সিঙৰ জনতা দলত যোগদান কৰিছিল। তাৰ পিছত বিজেপিলৈ গমন। মানেকাই আমেঠিত ৰাজীৱৰ বিৰুদ্ধেও প্ৰতিদ্বন্দিতা কৰিছিল।

 এতিয়া মানেকা আৰু বৰুণ দুয়ো বিজেপিৰ সাংসদ। কিন্তু দুয়ো দলটোত অপ্ৰাসংগিক হৈ ৰৈছে। বৰুণে নিয়মীয়াকৈ মোদী চৰকাৰৰ নীতিৰ সমালোচনা কৰা দেখা গৈছে। কিন্তু মানেকা নীৰৱ হৈ আছে। অৱশ্যে, তেওঁলোক দুয়োজনে পৰৱৰ্তী লোকসভা নিৰ্বাচনত চুলতানপুৰ আৰু পিলিভিটৰ পৰা পুনৰ প্ৰতিদ্বন্দিতা কৰাৰ প্ৰস্তুতি চলাইছে।

ইয়াৰ আগতে মানেকা-বৰুণে তৃণমূলত যোগদান কৰিব পাৰে বুলি অনুমান কৰা হৈছিল। বৰুণে অলপতে পিলিভিটৰ অখিলেশ যাদৱকো প্ৰশংসা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু