--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদুয়ো তেজৰ সম্পৰ্ক থকা  ভাতৃ। সময়ত দুয়ো -দুয়োকে আলিঙ্গনো কৰে। কিন্তু দুয়োৰো মাজত যেন এখম মহা প্ৰাচীৰ থিয় হৈ আছে৷ হয়, তেওঁলোক হৈছে ৰাহুল গান্ধী আৰু বৰুণ গান্ধী৷  বৰুণ সন্দৰ্ভত মন্তব্য ৰি ৰাহুল গান্ধীয়ে কয় যে  বৰুণ গান্ধীয়ে বিজেপিলৈ গৈ গ্ৰহণ কৰা আদৰ্শ তেওঁ গ্ৰহণ কৰিব নোৱাৰিব।

 ৰাহুলে কয়,  "এয়া অসম্ভৱ"। যদিও তেওঁৰ আৰু বৰুণৰ মাজত কোনো বিদ্বেষ নাই, ৰাহুলে স্পষ্ট কৰি দিছে যে পাৰিবাৰিক সম্পৰ্কত বাধাৰ কাৰণ হৈছে  আদৰ্শগত পাৰ্থক্য। সঞ্জয়-মানেকা গান্ধীৰ পুত্ৰ বৰুণ গান্ধীয়ে যিধৰণে শেহতীয়াকৈ মোদী চৰকাৰৰ নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে, তালৈ লক্ষ্য কৰি বহুতে  তেওঁ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব বুলি ধাৰণা কৰিছিল৷ কিন্তু আজি ৰাহুল গান্ধীয়ে তেনে সম্ভৱনাৰ কথা ওক প্ৰকাৰ নাকচ কৰে৷ ৰাহুলে স্পষ্টভাবে কয় যে  বৰুণৰ  আদৰ্শ মানি লোৱাটো   তেওঁৰ বাবে অসম্ভৱ।

'ভাৰত যোদো যাত্ৰা'ৰ সময়ত পঞ্জাৱত এখন সংবাদমেল সম্বোধন কৰি ৰাহুলে কয়, "মোৰ আদৰ্শ তেওঁৰ আদৰ্শৰ সৈতে মিল নাই। মই কেতিয়াও আৰ এছ এছ কাৰ্যালয়লৈ নাযাওঁ । মই যাব নোৱাৰো। যাব লাগিলে  তাৰ আগতে মোৰ ডিঙি কাটিব লাগিব। বৰুণে  যি আদৰ্শ মানি চলিছে  মই সেয়া  মানি ল'ব নোৱাৰো। আমি নিশ্চিতভাৱে দুয়োকে লগ পাওঁ  কিন্তু মই সেই আদৰ্শ গ্ৰহণ কৰিব নোৱাৰো। '

বহুতে কৈ আহিছে যে  বিমান দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধীয়ে ৰাজীৱক তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰাৰ ধৰণে ৰাজীৱ-ছোনিয়াৰ সৈতে মানেকাৰ দূৰত্ব বৃদ্ধি পাইছিল। ফলস্বৰূপে এটা সময়ত, মানেকাই তেওঁৰ পুত্ৰৰ সৈতে পৰিয়ালটো এৰি গৈছিল। ইয়াৰ পিছত মানেকাই প্ৰথমে বিশ্বনাথ প্ৰতাপ সিঙৰ জনতা দলত যোগদান কৰিছিল। তাৰ পিছত বিজেপিলৈ গমন। মানেকাই আমেঠিত ৰাজীৱৰ বিৰুদ্ধেও প্ৰতিদ্বন্দিতা কৰিছিল।

 এতিয়া মানেকা আৰু বৰুণ দুয়ো বিজেপিৰ সাংসদ। কিন্তু দুয়ো দলটোত অপ্ৰাসংগিক হৈ ৰৈছে। বৰুণে নিয়মীয়াকৈ মোদী চৰকাৰৰ নীতিৰ সমালোচনা কৰা দেখা গৈছে। কিন্তু মানেকা নীৰৱ হৈ আছে। অৱশ্যে, তেওঁলোক দুয়োজনে পৰৱৰ্তী লোকসভা নিৰ্বাচনত চুলতানপুৰ আৰু পিলিভিটৰ পৰা পুনৰ প্ৰতিদ্বন্দিতা কৰাৰ প্ৰস্তুতি চলাইছে।

ইয়াৰ আগতে মানেকা-বৰুণে তৃণমূলত যোগদান কৰিব পাৰে বুলি অনুমান কৰা হৈছিল। বৰুণে অলপতে পিলিভিটৰ অখিলেশ যাদৱকো প্ৰশংসা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক