--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিকম্প বিধ্বস্ত তুৰ্কীৰ দূৰৱৰ্তী অঞ্চলৰ পৰা পলায়ন কৰিছে স্থানীয় বাসিন্দাই । কেনেবাকৈ তেওঁলোকে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব বিচাৰে আৰু সুৰক্ষিত স্থানলৈ যাব বিচাৰে। দেশৰ কেইবাটাও বিমান সেৱাই তেওঁলোকক বিনামূলীয়া বিমান সেৱা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

টাৰ্কিছ এয়াৰলাইনছ, পেগাচাছ এয়াৰলাইনছে তুৰস্কত ভুক্তভোগীসকলৰ বাবে বিনামূলীয়া বিমান সেৱা ঘোষণা কৰিছে। দূৰৱৰ্তী অঞ্চলৰ পৰা বিনামূলীয়া বিমান দেশখনৰ ৰাজধানী আঙ্কাৰালৈ প্ৰদান কৰা হ'ব। 

ভূমিকম্প বিধ্বস্ত অঞ্চলৰ পৰা দলবদ্ধভাৱে অহা ভুক্তভোগীসকলৰ বাবে তুৰস্কৰ বিভিন্ন চহৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস খোলা হৈছে। কিছুমানে শিক্ষানুষ্ঠানসমূহতো আশ্ৰয় লৈআছে। হাতাই, নুৰদাগী, মাৰাছৰ দৰে অঞ্চলৰ হাজাৰ হাজাৰ লোক সুৰক্ষিত আশ্ৰয়ৰ সন্ধানত ইস্তাম্বুলৰ আঙ্কাৰালৈ আহি আছে।

সোমবাৰে ৰাতিপুৱা এক শক্তিশালী ভূমিকম্পই তুৰস্ক আৰু চিৰিয়াৰ মাটি জোকাৰি গৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৮ আছিল। মুখ্য কম্পনৰ পিছত, দুয়োখন দেশৰ মাটি আফটাৰশ্বকত কমেও ১০০বাৰ জোকাৰি গৈছিল। ভূমিকম্পত মৃত্যুৰ সংখ্যা ৩৩,০০০ অতিক্ৰম কৰিছে। তুৰ্কীৰ উদ্ধাৰ অভিযান সোমবাৰে ইয়াৰ অষ্টম দিনত প্ৰৱেশ কৰিছিল।

ভাৰতকে ধৰি কেইবাখনো দেশে ভূমিকম্প বিধ্বস্ত তুৰস্ক আৰু চিৰিয়াৰ কাষত থিয় দিছে। ভাৰতৰ পৰা উদ্ধাৰকাৰী দলতুৰ্কীলৈ প্ৰেৰণ কৰা হৈছে। সাহায্য সামগ্ৰীও গৈছে।তুৰস্ক আৰু চিৰিয়াৰ জলবায়ুয়ে উদ্ধাৰ অভিযানত বাধা প্ৰদান কৰিছে, দেশখনৰ প্ৰশাসনে কয়। তীব্ৰ ঠাণ্ডাৰ ফলত উদ্ধাৰকাৰী দলসমূহ বাধাগ্ৰস্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন