--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাক হ’ল বলীউডৰ অভিতেৰী বিপাশা বসু ।বিপাশাই এটা ল’ৰা সন্তান জন্ম দিছে। কৰণ-বিপাশাই শ্বেয়াৰ কৰা নৱজাতকৰ  ছবি এতিয়া   ভাইৰেল হৈ পৰিছে।কেইমাহমান আগতে, বলীউডৰ অভিনেত্ৰী বিপাশা বসুৱে ছ'চিয়েল মিডিয়াত তেওঁৰ  ভাল খবৰটো  শ্বেয়াৰ কৰিছিল।তেওঁ আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰোভাৰ সোনকালেই পিতৃ-মাতৃ হ’ব বুলি ঘোষণা কৰিছিল। 

পৰিয়ালত এজন নতুন সদস্যৰ আগমনৰ বতৰা পাই তেওঁলোকে সকলোকে সুখী হৈ পৰিছিল। বিপাশা বসুৰ মাতৃ হোৱাৰ বাতৰি শুনি ছ'চিয়েল মিডিয়াত শুভেচ্ছাৰে ভৰি পৰিছে। কৰণ-বিপাশাই এতিয়া নৱজাতক এটিক  কোলাত লৈ ছবি উঠিছে আৰু সেয়া অনুৰাগীৰ বাবে শ্বেয়াৰো কৰিছে। তেওঁলোকৰ এই ছবিখন ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে বিপাশা আৰু কৰণক শুভেচ্ছা জ্ঞাপন কৰি ছ’চিয়েল মিডিয়া ভৰাই পেলাইছে। 


কেইবছৰমান আগতে বংগৰ কন্যা বিপাশা বসুৱে  পাঞ্জাৱী অভিনেতাজনৰ সৈতে  অতি ধুমধামেৰে বিয়াত বহিছিল। কৰণৰ আগতে, বিপাশাই বলীউডৰ কেইবাজনো নায়কৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল। তেওঁলোকৰ ভিতৰত জন আব্ৰাহামৰ সৈতে তেওঁৰ সম্পৰ্ক আটাইতকৈ দীঘলীয়া আছিল। অৱশ্যে বলীউডৰ সুন্দৰীগৰাকীয়ে অৱশেষত জনৰ সৈতে তেওঁৰ সম্পৰ্ক ছেদ কৰে আৰু কৰণক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰে।বিপাশাৰ সৈতে  কৰণৰ প্ৰথম বিবাহ নাছিল। তেওঁ আগতে জনপ্ৰিয় দূৰদৰ্শন অভিনেত্ৰী জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছত বিপাশা তেওঁৰ  জীৱনলৈ আহিছিল। 

আজি ইমান বছৰ পাৰ হৈ গৈছে আৰু তেওঁলোকৰ সম্পৰ্কত কোনো ফাঁট  নাই। কৰণ-বিপাশাই  যোৱা আগষ্ট মাহত গৰ্ভধাৰণৰ ভাল খবৰটো জানিছিল। তেতিয়াৰে পৰা অনুৰাগীসকলে তেওঁলোকৰ সন্তানৰ মুখ চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবিখনত দেখা গৈছে যে  নৱজাতকটি কৰণৰ কোলাত শুই আছে। কৰণে তেওঁক অতি মৰমেৰে চাই আছে। অৱশ্যে ছবিখন আজিৰ নহয়, কৰণে  ২০১৯ চনত তেওঁৰ কোলাত এটা শিশুৰ সৈতে ছবিখন শ্বেয়াৰ কৰিছিল। ফটোখন আকৌ এবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই শিশুটো কৰণ-বিপাশাৰ সন্তান নহয়। অৱশ্যে, নেটিজেনসকলে তেওঁলোকৰ সন্তানৰ মুখ  চাবলৈ ইমান আগ্ৰহী যে এই পুৰণি ছবিখনতে অভিনন্দন বাৰ্তাৰ বন্যা  বৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু