--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাক হ’ল বলীউডৰ অভিতেৰী বিপাশা বসু ।বিপাশাই এটা ল’ৰা সন্তান জন্ম দিছে। কৰণ-বিপাশাই শ্বেয়াৰ কৰা নৱজাতকৰ  ছবি এতিয়া   ভাইৰেল হৈ পৰিছে।কেইমাহমান আগতে, বলীউডৰ অভিনেত্ৰী বিপাশা বসুৱে ছ'চিয়েল মিডিয়াত তেওঁৰ  ভাল খবৰটো  শ্বেয়াৰ কৰিছিল।তেওঁ আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰোভাৰ সোনকালেই পিতৃ-মাতৃ হ’ব বুলি ঘোষণা কৰিছিল। 

পৰিয়ালত এজন নতুন সদস্যৰ আগমনৰ বতৰা পাই তেওঁলোকে সকলোকে সুখী হৈ পৰিছিল। বিপাশা বসুৰ মাতৃ হোৱাৰ বাতৰি শুনি ছ'চিয়েল মিডিয়াত শুভেচ্ছাৰে ভৰি পৰিছে। কৰণ-বিপাশাই এতিয়া নৱজাতক এটিক  কোলাত লৈ ছবি উঠিছে আৰু সেয়া অনুৰাগীৰ বাবে শ্বেয়াৰো কৰিছে। তেওঁলোকৰ এই ছবিখন ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে বিপাশা আৰু কৰণক শুভেচ্ছা জ্ঞাপন কৰি ছ’চিয়েল মিডিয়া ভৰাই পেলাইছে। 


কেইবছৰমান আগতে বংগৰ কন্যা বিপাশা বসুৱে  পাঞ্জাৱী অভিনেতাজনৰ সৈতে  অতি ধুমধামেৰে বিয়াত বহিছিল। কৰণৰ আগতে, বিপাশাই বলীউডৰ কেইবাজনো নায়কৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰিছিল। তেওঁলোকৰ ভিতৰত জন আব্ৰাহামৰ সৈতে তেওঁৰ সম্পৰ্ক আটাইতকৈ দীঘলীয়া আছিল। অৱশ্যে বলীউডৰ সুন্দৰীগৰাকীয়ে অৱশেষত জনৰ সৈতে তেওঁৰ সম্পৰ্ক ছেদ কৰে আৰু কৰণক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰে।বিপাশাৰ সৈতে  কৰণৰ প্ৰথম বিবাহ নাছিল। তেওঁ আগতে জনপ্ৰিয় দূৰদৰ্শন অভিনেত্ৰী জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ পিছত বিপাশা তেওঁৰ  জীৱনলৈ আহিছিল। 

আজি ইমান বছৰ পাৰ হৈ গৈছে আৰু তেওঁলোকৰ সম্পৰ্কত কোনো ফাঁট  নাই। কৰণ-বিপাশাই  যোৱা আগষ্ট মাহত গৰ্ভধাৰণৰ ভাল খবৰটো জানিছিল। তেতিয়াৰে পৰা অনুৰাগীসকলে তেওঁলোকৰ সন্তানৰ মুখ চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ছবিখনত দেখা গৈছে যে  নৱজাতকটি কৰণৰ কোলাত শুই আছে। কৰণে তেওঁক অতি মৰমেৰে চাই আছে। অৱশ্যে ছবিখন আজিৰ নহয়, কৰণে  ২০১৯ চনত তেওঁৰ কোলাত এটা শিশুৰ সৈতে ছবিখন শ্বেয়াৰ কৰিছিল। ফটোখন আকৌ এবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই শিশুটো কৰণ-বিপাশাৰ সন্তান নহয়। অৱশ্যে, নেটিজেনসকলে তেওঁলোকৰ সন্তানৰ মুখ  চাবলৈ ইমান আগ্ৰহী যে এই পুৰণি ছবিখনতে অভিনন্দন বাৰ্তাৰ বন্যা  বৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক