--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীয়ে আদানি প্ৰসংগকলৈ পৰিবেশ উত্তপ্ত কৰি ৰখাৰ মাজতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ বিধেয়ক লোকসভাত কোনো বিতৰ্ক নোহোৱাকৈয়ে গৃহীত কৰিবলৈ সক্ষম হ’ল৷ লোকসভাত  বিৰোধীৰ প্ৰতিবাদ নোহোৱাকৈয়ে  চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ  বিত্তীয় বৰ্ষৰ বাবে  অতিৰিক্ত ১.৪৮ লাখ কোটি টকা ব্যয় গ্ৰহণ কৰা প্ৰস্তাৱ কোনো বিতৰ্ক অবিহনেই গৃহীত হয়৷ 

আদানি বিষয়কলৈ  বিৰোধী দলসমূহে কৰি থকা হুলস্থূলৰ মাজতে পৰিপূৰক অনুদানকলৈ অৱশ্যে কোনো বিতৰ্কৰ সূত্ৰপাত নঘটিল৷ ১৩ মাৰ্চত, বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে সদনত অনুদানৰ বাবে পৰিপূৰক দাবীৰ দ্বিতীয়টো দফা  উত্থাপন কৰিছিল৷  যাৰ পৰিমাণ আছিল মুঠ ২,৭০,৫০৮.৮৯ কোটি টকা।

মুঠ অতিৰিক্ত নগদ ধনৰ ভিতৰত ৩৬,৩২৫  কোটি টকা সাৰৰ ৰাজসাহায্যৰ বাবে ধাৰ্য কৰা হৈছে৷  ইয়াৰ ভিতৰত আছে পি এণ্ড কেৰ বাবে ২১,০০০  কোটি টকাৰ অতিৰিক্ত ৰাজসাহায্য (ফছফৰাছ আৰু পটাছিয়াম) আৰু ইউৰিয়াৰ বাবে ১৫,৩২৫.৩৬  কোটি টকা।

আদানি গ্ৰুপ অফ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ দাবীত বিৰোধীয়ে নিৰন্তৰ হুলস্থূল ৰি থকাৰ  মাজতে পৰিপূৰক দাবী বা 'এপ্ৰিপ'ৰেচন বিল (নং ২), ২০২৩ 'ৰ দ্বিতীয় দফাটো  আলোচনা অবিহনেই গৃহীত কৰা হয়৷ 

গৃহীত বিধেয়কখন অনুসৰি চৰকাৰক ইউনিভাৰ্চেল চাৰ্ভিচ অব্লিগেচন ফাণ্ডলৈ (ইউএছওএফ) অতিৰিক্ত ধন  স্থানান্তৰ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে। বিৰোধীয়ে ইমান দিনে বিভিন্ন শিতানত চৰকাৰী ব্যয়কলৈ সৰব হৈ আছিল যদিও এই পৰিপূৰক অনুদান বিধেয়ক গৃহীত কৰাৰ বিষয়ত এটা শব্দও উচ্চাৰণ কৰাৰ সুবিধা নাপালে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক