--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধীয়ে আদানি প্ৰসংগকলৈ পৰিবেশ উত্তপ্ত কৰি ৰখাৰ মাজতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ বিধেয়ক লোকসভাত কোনো বিতৰ্ক নোহোৱাকৈয়ে গৃহীত কৰিবলৈ সক্ষম হ’ল৷ লোকসভাত  বিৰোধীৰ প্ৰতিবাদ নোহোৱাকৈয়ে  চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ  বিত্তীয় বৰ্ষৰ বাবে  অতিৰিক্ত ১.৪৮ লাখ কোটি টকা ব্যয় গ্ৰহণ কৰা প্ৰস্তাৱ কোনো বিতৰ্ক অবিহনেই গৃহীত হয়৷ 

আদানি বিষয়কলৈ  বিৰোধী দলসমূহে কৰি থকা হুলস্থূলৰ মাজতে পৰিপূৰক অনুদানকলৈ অৱশ্যে কোনো বিতৰ্কৰ সূত্ৰপাত নঘটিল৷ ১৩ মাৰ্চত, বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে সদনত অনুদানৰ বাবে পৰিপূৰক দাবীৰ দ্বিতীয়টো দফা  উত্থাপন কৰিছিল৷  যাৰ পৰিমাণ আছিল মুঠ ২,৭০,৫০৮.৮৯ কোটি টকা।

মুঠ অতিৰিক্ত নগদ ধনৰ ভিতৰত ৩৬,৩২৫  কোটি টকা সাৰৰ ৰাজসাহায্যৰ বাবে ধাৰ্য কৰা হৈছে৷  ইয়াৰ ভিতৰত আছে পি এণ্ড কেৰ বাবে ২১,০০০  কোটি টকাৰ অতিৰিক্ত ৰাজসাহায্য (ফছফৰাছ আৰু পটাছিয়াম) আৰু ইউৰিয়াৰ বাবে ১৫,৩২৫.৩৬  কোটি টকা।

আদানি গ্ৰুপ অফ কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ দাবীত বিৰোধীয়ে নিৰন্তৰ হুলস্থূল ৰি থকাৰ  মাজতে পৰিপূৰক দাবী বা 'এপ্ৰিপ'ৰেচন বিল (নং ২), ২০২৩ 'ৰ দ্বিতীয় দফাটো  আলোচনা অবিহনেই গৃহীত কৰা হয়৷ 

গৃহীত বিধেয়কখন অনুসৰি চৰকাৰক ইউনিভাৰ্চেল চাৰ্ভিচ অব্লিগেচন ফাণ্ডলৈ (ইউএছওএফ) অতিৰিক্ত ধন  স্থানান্তৰ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে। বিৰোধীয়ে ইমান দিনে বিভিন্ন শিতানত চৰকাৰী ব্যয়কলৈ সৰব হৈ আছিল যদিও এই পৰিপূৰক অনুদান বিধেয়ক গৃহীত কৰাৰ বিষয়ত এটা শব্দও উচ্চাৰণ কৰাৰ সুবিধা নাপালে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু