--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰদূষণে গ্ৰাস কৰা দিল্লীত যান-বাহনৰ পৰা হোৱা প্ৰদূষণ ভালে খিনি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ কাৰণ প্ৰদূষণ সৃষ্টিকাৰী পুৰণি বাহনসমূহ ইতিমধ্যে পথৰ পৰা নোহোৱা হৈ পৰিছে৷পুৰণি বাহন চলোৱাত  নিষেধাজ্ঞা জাৰি কৰাৰ  পিছত দিল্লীৰ ৰাস্তাত ৩৫ শতাংশ  হ্ৰাস পাইছে বাহন৷ 

দিল্লীৰ অৰ্থনৈতিক সমীক্ষা, ২০২২-২৩ ৰ প্ৰতিবেদন অনুসৰি ৰাজ্য খনৰ  চৰকাৰে পুৰণি বাহন চলাচল নিষিদ্ধ কৰাৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাস্তাত মুঠ বাহনৰ সংখ্যা ৩৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। দিল্লীৰ বিত্ত মন্ত্ৰী কৈলাশ গহলৌতে  বিধানসভাত দিল্লী অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰি এই কথা প্ৰকাশ কৰে। প্তিবেদন খনৰ মতে , ২০২১-২২ বৰ্ষত দিল্লীৰ ৰাস্তাত মুঠ মটৰ গাড়ীৰ সংখ্যা আছিল ৭৯.১৮ লাখ৷  দিল্লী চৰকাৰে ১০ বছৰতকৈ অধিক পুৰণি ডিজেল বাহন আৰু ১৫ বছৰতকৈ অধিক পুৰণি পেট্ৰ'ল বাহন নিষিদ্ধ কৰাৰ পিছত বাহনৰ সংখ্যা  ৩৫.৩৮ শতাংশ হ্ৰাস পাইছে।

উচ্চতম ন্যায়ালয়ে ২০১৮  চনত দিল্লীৰ ডিজেল আৰু পেট্ৰ'ল বাহনৰ ক্ষেত্ৰত  ক্ৰমান্বয়ে ১০  আৰু ১৫ বছৰতকৈ অধিক পুৰণি বাহন নিষিদ্ধ কৰিছিল। আদালতে কৈছিল  যে আদেশ উলংঘা কৰিলে তেনে বাহনবোৰ জব্দ কৰা হ'ব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও ২০১৪  চনত ১৫ বছৰতকৈ অধিক পুৰণি বাহনসমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল৷  প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দিল্লীত বাহনৰ বাৰ্ষিক বৃদ্ধি ২০০৫-০৬ বৰ্ষত ৮.১৩ শতাংশৰ পৰা ২০২০-২১ বৰ্ষত ৩.০৩ শতাংশলৈ হ্ৰাস পাইছে। 

বিত্ত মন্ত্ৰী কৈলাশ গহলৌতে কয় "দিল্লী হৈছে ভাৰতৰ ব্যক্তিগত  বাহনৰ কেন্দ্ৰ। দিল্লীত মুঠ বাহন হৈছে ১২২.৫৩ লাখ। মুঠ পঞ্জীভুক্ত  বাহনৰ প্ৰায় ২৮ শতাংশ গাড়ী আৰু জীপ আছিল, আনহাতে দুচকীয়া বাহনমুঠ পঞ্জীভুক্ত বাহনৰ প্ৰায় ৬৭ শতাংশ," ৷ 


জৰীপ প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰে ডিটিচি আৰু ক্লাষ্টাৰ বাছত শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক, বিকলাঙ্গ আৰু স্বাধীনতা সংগ্ৰামীসকলক ভাড়া ৰেহাই প্ৰদান কৰি আছে। 

ডিটিচি আৰু ক্লাষ্টাৰ বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ সুবিধা ২৯ অক্টোবৰ, ২০১৯ তাৰিখে আৰম্ভ হৈছিল। ২০২১-২২ বৰ্ষত মহিলা যাত্ৰীসকলে ডিটিচিত ১৩.০৪ কোটি আৰু ক্লাষ্টাৰ বাছত ১২.৬৯ কোটি টকাৰ  বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু