--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰদূষণে গ্ৰাস কৰা দিল্লীত যান-বাহনৰ পৰা হোৱা প্ৰদূষণ ভালে খিনি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে৷ কাৰণ প্ৰদূষণ সৃষ্টিকাৰী পুৰণি বাহনসমূহ ইতিমধ্যে পথৰ পৰা নোহোৱা হৈ পৰিছে৷পুৰণি বাহন চলোৱাত  নিষেধাজ্ঞা জাৰি কৰাৰ  পিছত দিল্লীৰ ৰাস্তাত ৩৫ শতাংশ  হ্ৰাস পাইছে বাহন৷ 

দিল্লীৰ অৰ্থনৈতিক সমীক্ষা, ২০২২-২৩ ৰ প্ৰতিবেদন অনুসৰি ৰাজ্য খনৰ  চৰকাৰে পুৰণি বাহন চলাচল নিষিদ্ধ কৰাৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাস্তাত মুঠ বাহনৰ সংখ্যা ৩৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। দিল্লীৰ বিত্ত মন্ত্ৰী কৈলাশ গহলৌতে  বিধানসভাত দিল্লী অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰি এই কথা প্ৰকাশ কৰে। প্তিবেদন খনৰ মতে , ২০২১-২২ বৰ্ষত দিল্লীৰ ৰাস্তাত মুঠ মটৰ গাড়ীৰ সংখ্যা আছিল ৭৯.১৮ লাখ৷  দিল্লী চৰকাৰে ১০ বছৰতকৈ অধিক পুৰণি ডিজেল বাহন আৰু ১৫ বছৰতকৈ অধিক পুৰণি পেট্ৰ'ল বাহন নিষিদ্ধ কৰাৰ পিছত বাহনৰ সংখ্যা  ৩৫.৩৮ শতাংশ হ্ৰাস পাইছে।

উচ্চতম ন্যায়ালয়ে ২০১৮  চনত দিল্লীৰ ডিজেল আৰু পেট্ৰ'ল বাহনৰ ক্ষেত্ৰত  ক্ৰমান্বয়ে ১০  আৰু ১৫ বছৰতকৈ অধিক পুৰণি বাহন নিষিদ্ধ কৰিছিল। আদালতে কৈছিল  যে আদেশ উলংঘা কৰিলে তেনে বাহনবোৰ জব্দ কৰা হ'ব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও ২০১৪  চনত ১৫ বছৰতকৈ অধিক পুৰণি বাহনসমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল৷  প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দিল্লীত বাহনৰ বাৰ্ষিক বৃদ্ধি ২০০৫-০৬ বৰ্ষত ৮.১৩ শতাংশৰ পৰা ২০২০-২১ বৰ্ষত ৩.০৩ শতাংশলৈ হ্ৰাস পাইছে। 

বিত্ত মন্ত্ৰী কৈলাশ গহলৌতে কয় "দিল্লী হৈছে ভাৰতৰ ব্যক্তিগত  বাহনৰ কেন্দ্ৰ। দিল্লীত মুঠ বাহন হৈছে ১২২.৫৩ লাখ। মুঠ পঞ্জীভুক্ত  বাহনৰ প্ৰায় ২৮ শতাংশ গাড়ী আৰু জীপ আছিল, আনহাতে দুচকীয়া বাহনমুঠ পঞ্জীভুক্ত বাহনৰ প্ৰায় ৬৭ শতাংশ," ৷ 


জৰীপ প্ৰতিবেদনত কোৱা হৈছে যে চৰকাৰে ডিটিচি আৰু ক্লাষ্টাৰ বাছত শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক, বিকলাঙ্গ আৰু স্বাধীনতা সংগ্ৰামীসকলক ভাড়া ৰেহাই প্ৰদান কৰি আছে। 

ডিটিচি আৰু ক্লাষ্টাৰ বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ সুবিধা ২৯ অক্টোবৰ, ২০১৯ তাৰিখে আৰম্ভ হৈছিল। ২০২১-২২ বৰ্ষত মহিলা যাত্ৰীসকলে ডিটিচিত ১৩.০৪ কোটি আৰু ক্লাষ্টাৰ বাছত ১২.৬৯ কোটি টকাৰ  বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement