--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুত বিজেপিক প্ৰতিহত কৰিবলৈ ২৬ টাকৈ  বিৰোধী দলৰ বৈঠকৰ সময়তে বিজেপি নেতৃত্বাধীন এন ডিএয়ো শক্তি প্ৰদৰ্শনৰ যুঁজত নামি পৰিছে।  ভাৰতীয় জনতা পাৰ্টীয়ে  এন ডি এত যোগদান কৰা  মিত্ৰশক্তিৰ সংখ্যা অধিক দেখুওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। 

এয়া যেন হৈ পৰিছে বিজেপিৰ বাবে সন্মানৰ যুঁজ। সোমবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি গেৰুৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছিল  যে মঙলবাৰে নতুন দিল্লীৰ  অশোক হোটেলত এন ডি এৰ বৈঠকত ৩৮ টা দলে অংশগ্ৰহণ কৰিব। অৱশ্যে, তেওঁ দলকেইটাৰ  নাম তালিকা প্ৰকাশৰ পৰা বিৰত আছিল। 

সংবাদমেলত নাড্ডাই  যোৱা ন বছৰত কেন্দ্ৰত মোদী চৰকাৰৰ সাফল্যৰ বিষয়ত আলোকপাত কৰিছিল। তেওঁ এইবুলিও দাবী কৰিছিল যে দুৰ্নীতিৰ প্ৰতি এন ডি এ আৰু বিজেপিৰ "শূন্য সহনশীলতা" নীতি সদায় একে থাকিব। 

দুৰ্নীতিৰ অভিযোগ থকা  অজিত পাৱাৰৰ দৰে নেতাক এন ডি এত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হোৱা নাড্ডাই কিছুসময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল যদিও পিছত কৈছিল  "যদি কোনোবাই আমাৰ নীতি আৰু ধাৰণাবাহিৰলৈ যায় , তেন্তে আইনে  নিজৰ পথ ল'ব, আমি সকলোৱে একেলগে বিকাশ কৰিব লাগিব।" ইপিনে  চিৰাগ পাছৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে (পাছৱান) আনুষ্ঠানিকভাৱে এন ডি এত যোগদান কৰিছে। বিৰোধীৰ মিত্ৰজোঁট গঠন প্ৰক্ৰিয়াৰ হেঁচাত এন ডি এ সম্প্ৰসাৰিত কৰা হৈছে নেকি বুলি সাংবাদিকে সোধাত নাড্ডাই একো উত্তৰ নিদি সংবাদমেলখন "ভংগ" হোৱা বুলি ঘোষণা কৰিছিল।

 নাড্ডাই কৈছিল-  বিৰোধীৰ কোনো নেতা নাই আৰু কোনো নীতি নাই।  তেওঁ লগতে  কৈছিল যে বিৰোধীয়ে তেওঁলোকৰ দুৰ্নীতি লুকুৱাবলৈ একত্ৰিত হৈছে।ইপিনে এন ডি এৰ বৈঠক সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ আমিক জামেই কয়, "কিয় ৩৮ টা ৰাজনৈতিক দলক এন ডি এৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে? বিজেপিয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই  বিৰোধীৰ বাবে পৰ্যাপ্ত । তেন্তে ইমান কেইটা দল লাগে কিয়?

তেওঁ লগতে কয় যে এনডিএৰ বৈঠকত ভাগ লোৱা  এই ৩৮ টা দলৰ ভিতৰত ৩৬ টা দলৰেই  সংসদত কোনো সদস্য নাই, তেওঁলোক কেৱল কাগজৰহে  বাঘ বুলিও তেওঁ মন্তব্য কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস