--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংগালুৰুত বিজেপিক প্ৰতিহত কৰিবলৈ ২৬ টাকৈ  বিৰোধী দলৰ বৈঠকৰ সময়তে বিজেপি নেতৃত্বাধীন এন ডিএয়ো শক্তি প্ৰদৰ্শনৰ যুঁজত নামি পৰিছে।  ভাৰতীয় জনতা পাৰ্টীয়ে  এন ডি এত যোগদান কৰা  মিত্ৰশক্তিৰ সংখ্যা অধিক দেখুওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। 

এয়া যেন হৈ পৰিছে বিজেপিৰ বাবে সন্মানৰ যুঁজ। সোমবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি গেৰুৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছিল  যে মঙলবাৰে নতুন দিল্লীৰ  অশোক হোটেলত এন ডি এৰ বৈঠকত ৩৮ টা দলে অংশগ্ৰহণ কৰিব। অৱশ্যে, তেওঁ দলকেইটাৰ  নাম তালিকা প্ৰকাশৰ পৰা বিৰত আছিল। 

সংবাদমেলত নাড্ডাই  যোৱা ন বছৰত কেন্দ্ৰত মোদী চৰকাৰৰ সাফল্যৰ বিষয়ত আলোকপাত কৰিছিল। তেওঁ এইবুলিও দাবী কৰিছিল যে দুৰ্নীতিৰ প্ৰতি এন ডি এ আৰু বিজেপিৰ "শূন্য সহনশীলতা" নীতি সদায় একে থাকিব। 

দুৰ্নীতিৰ অভিযোগ থকা  অজিত পাৱাৰৰ দৰে নেতাক এন ডি এত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হোৱা নাড্ডাই কিছুসময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল যদিও পিছত কৈছিল  "যদি কোনোবাই আমাৰ নীতি আৰু ধাৰণাবাহিৰলৈ যায় , তেন্তে আইনে  নিজৰ পথ ল'ব, আমি সকলোৱে একেলগে বিকাশ কৰিব লাগিব।" ইপিনে  চিৰাগ পাছৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে (পাছৱান) আনুষ্ঠানিকভাৱে এন ডি এত যোগদান কৰিছে। বিৰোধীৰ মিত্ৰজোঁট গঠন প্ৰক্ৰিয়াৰ হেঁচাত এন ডি এ সম্প্ৰসাৰিত কৰা হৈছে নেকি বুলি সাংবাদিকে সোধাত নাড্ডাই একো উত্তৰ নিদি সংবাদমেলখন "ভংগ" হোৱা বুলি ঘোষণা কৰিছিল।

 নাড্ডাই কৈছিল-  বিৰোধীৰ কোনো নেতা নাই আৰু কোনো নীতি নাই।  তেওঁ লগতে  কৈছিল যে বিৰোধীয়ে তেওঁলোকৰ দুৰ্নীতি লুকুৱাবলৈ একত্ৰিত হৈছে।ইপিনে এন ডি এৰ বৈঠক সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ আমিক জামেই কয়, "কিয় ৩৮ টা ৰাজনৈতিক দলক এন ডি এৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে? বিজেপিয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই  বিৰোধীৰ বাবে পৰ্যাপ্ত । তেন্তে ইমান কেইটা দল লাগে কিয়?

তেওঁ লগতে কয় যে এনডিএৰ বৈঠকত ভাগ লোৱা  এই ৩৮ টা দলৰ ভিতৰত ৩৬ টা দলৰেই  সংসদত কোনো সদস্য নাই, তেওঁলোক কেৱল কাগজৰহে  বাঘ বুলিও তেওঁ মন্তব্য কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন