--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতলৈ অহা সীমা হাইদৰ আৰু শচীন মীনাৰ ঘটনাটো এতিয়াও চৰ্চাত আছে আৰু ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰাও একেধৰণৰ ঘটনা চৰ্চালৈ আহিছে। সীমা হাইদৰৰ দৰে বাংলাদেশৰ জুলিও ফেচবুকত চিনাকি হৈ ভাৰতৰ টেক্সি চালক অজয়ৰ প্ৰেমত পৰে। এই প্ৰেমৰ বলতেই ১১ বছৰীয়া কন্যা হালিমাৰ সৈতে ভাৰতৰ মোৰাদাবাদত উপস্থিত হয় জুলি। ইয়াৰ পাছত জুলিয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু হৈ হিন্দু ৰীতি-নীতি অনুসৰি অজয়ৰ লগত বিবাহপাশত আবদ্ধ হয়।

বিয়াৰ ১ বছৰ অৰ্থাৎ প্ৰায় ৩ মাহ আগতে জুলিয়ে ভিছা নৱীকৰণ কৰাবলৈ ভাৰত-বাংলাদেশ সীমান্তত থৈ আহিবৰ বাবে স্বামী অজয়ক কয়।  কিন্তু জুলিয়ে ভাৰতৰ অজয়ক ভিছা আৰু পাছপ’ৰ্ট অবিহনে বাংলাদেশলৈ লৈ যায়। বোৱাৰী জুলিয়ে নিজৰ পুত্ৰক ভুলকৈ সীমান্ত পাৰ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰি অজয়ৰ মাতৃ সুনীতাই এছ এছ পিৰ কাৰ্যালয়ত উপস্থিত হয়।
बांग्लादेश से आई जूली ने हिंदू बन अजय से की शादी, फिर पति को ले गई साथ; अब खौफनाक फोटो आई सामने
অজয়ৰ মাতৃ সুনীতাই কয় যে পুত্ৰ অজয়ে মাতৃক ফোন কৰি কি কৰি আছে সুধিলে। ইয়াৰ পাছত কলটো বিচ্ছিন্ন হৈ পৰিল। তাৰ পাছত ২ মিনিটৰ পাছত অজয়ৰ তেজেৰে তুমৰলি হৈ থকা এখন ফটো আহে। আতংকিত হৈ সুনীতাই মোৰাদাবাদৰ এছ এছ পি অফিচত উপস্থিত হৈ পুত্ৰক সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ বাবে সহায় বিচাৰি আবেদন দাখিল কৰে।

বাংলাদেশ পোৱাৰ পিছত অজয়ে মাজে মাজে মাতৃ সুনীতাৰ লগত ফোনত কথা পাতি আছিল। ৪ দিন পূৰ্বে অজয়ে প্ৰথমে ভনীয়েকক ফোন কৰি অসুবিধাত পৰা বুলি ক’লে আৰু অলপ টকা বিচাৰিলে। ইয়াৰ পিছত অজয়ে মাতৃক ফোন কৰি তেওঁৰ অৱস্থাৰ কথা জানিবলৈ দিয়ে আৰু লগে লগে ফোনটো বিচ্ছিন্ন হৈ পৰে। ইয়াৰ পাছত একে নম্বৰৰ পৰা এখন ফটো আহিল, য’ত তেজেৰে লুটুৰি-পুতুৰি হৈ থকা অজয়ৰ মুখমণ্ডল দেখা গ’ল। বিষয়টো চৰ্চালৈ অহাৰ পাছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

অজয়ৰ মাতৃয়ে কয় যে অজয় ​​আৰু জুলিৰ বিয়া যোৱা বছৰ হৈছিল। বোৱাৰীয়ে দুয়োৰে বিয়াৰ বাবে তৈয়াৰ কৰা গহনাবোৰ কাঢ়ি লৈ ​​গৈছে। এতিয়া তেওঁলোকে অজয়ৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন