--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতলৈ অহা সীমা হাইদৰ আৰু শচীন মীনাৰ ঘটনাটো এতিয়াও চৰ্চাত আছে আৰু ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰাও একেধৰণৰ ঘটনা চৰ্চালৈ আহিছে। সীমা হাইদৰৰ দৰে বাংলাদেশৰ জুলিও ফেচবুকত চিনাকি হৈ ভাৰতৰ টেক্সি চালক অজয়ৰ প্ৰেমত পৰে। এই প্ৰেমৰ বলতেই ১১ বছৰীয়া কন্যা হালিমাৰ সৈতে ভাৰতৰ মোৰাদাবাদত উপস্থিত হয় জুলি। ইয়াৰ পাছত জুলিয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু হৈ হিন্দু ৰীতি-নীতি অনুসৰি অজয়ৰ লগত বিবাহপাশত আবদ্ধ হয়।

বিয়াৰ ১ বছৰ অৰ্থাৎ প্ৰায় ৩ মাহ আগতে জুলিয়ে ভিছা নৱীকৰণ কৰাবলৈ ভাৰত-বাংলাদেশ সীমান্তত থৈ আহিবৰ বাবে স্বামী অজয়ক কয়।  কিন্তু জুলিয়ে ভাৰতৰ অজয়ক ভিছা আৰু পাছপ’ৰ্ট অবিহনে বাংলাদেশলৈ লৈ যায়। বোৱাৰী জুলিয়ে নিজৰ পুত্ৰক ভুলকৈ সীমান্ত পাৰ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰি অজয়ৰ মাতৃ সুনীতাই এছ এছ পিৰ কাৰ্যালয়ত উপস্থিত হয়।
बांग्लादेश से आई जूली ने हिंदू बन अजय से की शादी, फिर पति को ले गई साथ; अब खौफनाक फोटो आई सामने
অজয়ৰ মাতৃ সুনীতাই কয় যে পুত্ৰ অজয়ে মাতৃক ফোন কৰি কি কৰি আছে সুধিলে। ইয়াৰ পাছত কলটো বিচ্ছিন্ন হৈ পৰিল। তাৰ পাছত ২ মিনিটৰ পাছত অজয়ৰ তেজেৰে তুমৰলি হৈ থকা এখন ফটো আহে। আতংকিত হৈ সুনীতাই মোৰাদাবাদৰ এছ এছ পি অফিচত উপস্থিত হৈ পুত্ৰক সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ বাবে সহায় বিচাৰি আবেদন দাখিল কৰে।

বাংলাদেশ পোৱাৰ পিছত অজয়ে মাজে মাজে মাতৃ সুনীতাৰ লগত ফোনত কথা পাতি আছিল। ৪ দিন পূৰ্বে অজয়ে প্ৰথমে ভনীয়েকক ফোন কৰি অসুবিধাত পৰা বুলি ক’লে আৰু অলপ টকা বিচাৰিলে। ইয়াৰ পিছত অজয়ে মাতৃক ফোন কৰি তেওঁৰ অৱস্থাৰ কথা জানিবলৈ দিয়ে আৰু লগে লগে ফোনটো বিচ্ছিন্ন হৈ পৰে। ইয়াৰ পাছত একে নম্বৰৰ পৰা এখন ফটো আহিল, য’ত তেজেৰে লুটুৰি-পুতুৰি হৈ থকা অজয়ৰ মুখমণ্ডল দেখা গ’ল। বিষয়টো চৰ্চালৈ অহাৰ পাছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

অজয়ৰ মাতৃয়ে কয় যে অজয় ​​আৰু জুলিৰ বিয়া যোৱা বছৰ হৈছিল। বোৱাৰীয়ে দুয়োৰে বিয়াৰ বাবে তৈয়াৰ কৰা গহনাবোৰ কাঢ়ি লৈ ​​গৈছে। এতিয়া তেওঁলোকে অজয়ৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস