--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৪ ৰ সাধাৰণ নিৰ্বাচন যিমানেই কাষ চাপি আহিছে, সিমানেই এণ্ট্ৰী বিজেপি মৰ্চা গঠনৰ কুচকাৱাজত তৎপৰতাৰে নামি পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিৰোধীৰ মহা সন্মিলন আয়োজনৰ উদ্দেশ্যে প্ৰচেষ্টা চলাই থকা কুমাৰে অহা ২০ জুনত তামিলনাডু ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সাক্ষাৎ কৰিব।

এদিনীয়া এই তামিলনাডু ভ্ৰমণ সামৰণি মাৰি ২১ জুনত পাটনালৈ উভতাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী কুমাৰ। ইতিপূৰ্বেই নীতিশ কুমাৰক তামিলনাডু ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল ষ্টেলিনে।

উল্লেখ্য যে, নীতিশ কুমাৰৰ প্ৰচেষ্টাতে পাটনাত অহা ২৩ জুনত অনুষ্ঠিত হ’ব বিৰোধী সংহতি বৈঠক। কেন্দ্ৰত শাসনাধিষ্ঠ শাসকীয় বিজেপিৰ বিৰুদ্ধে সমভাৱাপন্ন বিৰোধী দলসমূহক একত্ৰিত কৰাত নীতিশ কুমাৰৰ এই প্ৰচেষ্টা বিৰোধীৰ সফলতাৰ মাপকাঠী হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ নীতিশ কুমাৰে দেশৰ কেইবাগৰাকীও বিৰোধী নেতাৰ সৈতে বৈঠকত মিলিত হৈ বিৰোধী মিত্ৰজোঁট গঠনৰ প্ৰস্তুতি সফল হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। এই পৰ্যন্ত তেওঁ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে সফলতাৰে মিত্ৰতা গঢ়ি তুলিছে।

নীতিশ কুমাৰৰ প্ৰচেষ্টাতে কংগ্ৰেছৰ সৈতে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱৰ দৰে অন্যান্য আঞ্চলিক নেতাৰ মাজত থকা ব্যৱধান কিছু পৰিমাণে দূৰ হোৱা পৰিলক্ষিত হৈছে।

গতিকে ২৪ ৰ নিৰ্বাচনত বিৰোধীৰ সফলতাৰ ক্ষেত্ৰত নীতিশ কুমাৰৰ ভূমিকা স্বাভাৱিকতেই মূখ্য হৈ ৰ’ব। অৱশ্যে কুমাৰৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হ’ব, সেয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান