--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৪ ৰ সাধাৰণ নিৰ্বাচন যিমানেই কাষ চাপি আহিছে, সিমানেই এণ্ট্ৰী বিজেপি মৰ্চা গঠনৰ কুচকাৱাজত তৎপৰতাৰে নামি পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিৰোধীৰ মহা সন্মিলন আয়োজনৰ উদ্দেশ্যে প্ৰচেষ্টা চলাই থকা কুমাৰে অহা ২০ জুনত তামিলনাডু ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সাক্ষাৎ কৰিব।

এদিনীয়া এই তামিলনাডু ভ্ৰমণ সামৰণি মাৰি ২১ জুনত পাটনালৈ উভতাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী কুমাৰ। ইতিপূৰ্বেই নীতিশ কুমাৰক তামিলনাডু ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল ষ্টেলিনে।

উল্লেখ্য যে, নীতিশ কুমাৰৰ প্ৰচেষ্টাতে পাটনাত অহা ২৩ জুনত অনুষ্ঠিত হ’ব বিৰোধী সংহতি বৈঠক। কেন্দ্ৰত শাসনাধিষ্ঠ শাসকীয় বিজেপিৰ বিৰুদ্ধে সমভাৱাপন্ন বিৰোধী দলসমূহক একত্ৰিত কৰাত নীতিশ কুমাৰৰ এই প্ৰচেষ্টা বিৰোধীৰ সফলতাৰ মাপকাঠী হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ নীতিশ কুমাৰে দেশৰ কেইবাগৰাকীও বিৰোধী নেতাৰ সৈতে বৈঠকত মিলিত হৈ বিৰোধী মিত্ৰজোঁট গঠনৰ প্ৰস্তুতি সফল হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। এই পৰ্যন্ত তেওঁ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে সফলতাৰে মিত্ৰতা গঢ়ি তুলিছে।

নীতিশ কুমাৰৰ প্ৰচেষ্টাতে কংগ্ৰেছৰ সৈতে মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱৰ দৰে অন্যান্য আঞ্চলিক নেতাৰ মাজত থকা ব্যৱধান কিছু পৰিমাণে দূৰ হোৱা পৰিলক্ষিত হৈছে।

গতিকে ২৪ ৰ নিৰ্বাচনত বিৰোধীৰ সফলতাৰ ক্ষেত্ৰত নীতিশ কুমাৰৰ ভূমিকা স্বাভাৱিকতেই মূখ্য হৈ ৰ’ব। অৱশ্যে কুমাৰৰ এই প্ৰচেষ্টা কিমানদূৰ সফল হ’ব, সেয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে