--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। হিংসাত্মক কাৰ্যকলাপৰ ফলশ্ৰুতিত অচল হৈ পৰিছে ৰাজ্যখনৰ জনজীৱন। কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ পাছতো ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ অংগ মণিপুৰ সন্দৰ্ভত মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ এই মৌনতাক লৈ সৰৱ হৈ উঠিছে দেশৰ বিৰোধী। এইবাৰ মোদীৰ মৌনতাৰ বিৰুদ্ধে মণিপুৰৰ ৰাজপথত দেখা গ’ল এক অভিনৱ প্ৰতিবাদ। মণিপুৰৰ ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী মোদী বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” কাৰ্যসূচীৰ সময়ত মণিপুৰৰ বিভিন্ন প্ৰান্তৰ লোকে এই কাৰ্যসূচী বৰ্জন কৰি ট্ৰেঞ্জিষ্টৰ ভাঙি পেলায়। মণিপুৰৰ পৰিস্থিতিক লৈ মোদীৰ মৌনতাৰ প্ৰতিবাদৰ প্ৰতীকী স্বৰূপে এই কাৰ্য কৰে মণিপুৰৰ জনসাধাৰণে।

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেইও মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ তীব্ৰ আক্ৰমণ কৰে। খৰ্গেই কয়, ‘আপোনাৰ ‘মন কি বাত’ত প্ৰথমে ‘মণিপুৰ কী বাত’ অন্তৰ্ভুক্ত হ’ব লাগিছিল, কিন্তু সেয়া নহ’ল।” ৰাজ্যখনৰ পৰিস্থিতি গভীৰভাৱে চিন্তনীয় বুলি উদ্বেগ প্ৰকাশ কৰে খৰ্গেই।

মণিপুৰ জ্বলি থকাৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰ শুই আছে বুলিও শাসকীয় বিজেপি চৰকাৰক কটাক্ষ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ বিজেপি চৰকাৰে মণিপুৰক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে যেন ভাৱ হৈছে বুলিও মোদীক আক্ৰমণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে