--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। হিংসাত্মক কাৰ্যকলাপৰ ফলশ্ৰুতিত অচল হৈ পৰিছে ৰাজ্যখনৰ জনজীৱন। কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ পাছতো ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ অংগ মণিপুৰ সন্দৰ্ভত মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ এই মৌনতাক লৈ সৰৱ হৈ উঠিছে দেশৰ বিৰোধী। এইবাৰ মোদীৰ মৌনতাৰ বিৰুদ্ধে মণিপুৰৰ ৰাজপথত দেখা গ’ল এক অভিনৱ প্ৰতিবাদ। মণিপুৰৰ ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী মোদী বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” কাৰ্যসূচীৰ সময়ত মণিপুৰৰ বিভিন্ন প্ৰান্তৰ লোকে এই কাৰ্যসূচী বৰ্জন কৰি ট্ৰেঞ্জিষ্টৰ ভাঙি পেলায়। মণিপুৰৰ পৰিস্থিতিক লৈ মোদীৰ মৌনতাৰ প্ৰতিবাদৰ প্ৰতীকী স্বৰূপে এই কাৰ্য কৰে মণিপুৰৰ জনসাধাৰণে।

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেইও মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ তীব্ৰ আক্ৰমণ কৰে। খৰ্গেই কয়, ‘আপোনাৰ ‘মন কি বাত’ত প্ৰথমে ‘মণিপুৰ কী বাত’ অন্তৰ্ভুক্ত হ’ব লাগিছিল, কিন্তু সেয়া নহ’ল।” ৰাজ্যখনৰ পৰিস্থিতি গভীৰভাৱে চিন্তনীয় বুলি উদ্বেগ প্ৰকাশ কৰে খৰ্গেই।

মণিপুৰ জ্বলি থকাৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰ শুই আছে বুলিও শাসকীয় বিজেপি চৰকাৰক কটাক্ষ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ বিজেপি চৰকাৰে মণিপুৰক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে যেন ভাৱ হৈছে বুলিও মোদীক আক্ৰমণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান