--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই দক্ষিণ দিল্লীত দুগৰাকী যুৱতীক গুলীয়াই হত্যা কৰে এজন দুৰ্বৃত্তই। আৰক্ষীৰ তথ্য অনুসৰি আৰ কে পুৰম অঞ্চলত যুৱতী দুগৰাকীৰ ককায়েকক বিচাৰি আহিছিল দুৰ্বৃত্তই। কিন্তু তেওঁক বিচাৰি নাপাই দুই ভগ্নীকে গুলীয়াই পলাই যায়। এনে ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নিহত যুৱতী দুগৰাকী হৈছে পিংকি আৰু জ্যোতি। তেওঁলোকৰ বয়স ক্ৰমে ৩০ আৰু ২৯ বছৰ। দিল্লীৰ ডঃ আম্বেদকাৰ বস্তিত তেওঁলোকৰ ঘৰ।

দেওবাৰে কাহিলী পুৱা প্ৰায় ৪:৪০ বজাত দুৰ্বৃত্তই আক্ৰমণ কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে মৃতকৰ পৰিয়ালৰ সৈতে শোক প্ৰকাশ কৰি এই ঘটনাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰে। তেওঁৰ ভাষাত “দিল্লীত আইন-শৃংখলা চোৱাচিতাৰ দায়িত্বত থকা সকলে অঞ্চলটোৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত কৰাৰ পৰিৱৰ্তে দিল্লী চৰকাৰ দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে। উপ-ৰাজ্যপালৰ সলনি আপে আইন-শৃংখলাৰ দায়িত্ব লোৱা হ’লে দিল্লী বহুত নিৰাপদ স্থান হ’লহেঁতেন।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান