--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই দক্ষিণ দিল্লীত দুগৰাকী যুৱতীক গুলীয়াই হত্যা কৰে এজন দুৰ্বৃত্তই। আৰক্ষীৰ তথ্য অনুসৰি আৰ কে পুৰম অঞ্চলত যুৱতী দুগৰাকীৰ ককায়েকক বিচাৰি আহিছিল দুৰ্বৃত্তই। কিন্তু তেওঁক বিচাৰি নাপাই দুই ভগ্নীকে গুলীয়াই পলাই যায়। এনে ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নিহত যুৱতী দুগৰাকী হৈছে পিংকি আৰু জ্যোতি। তেওঁলোকৰ বয়স ক্ৰমে ৩০ আৰু ২৯ বছৰ। দিল্লীৰ ডঃ আম্বেদকাৰ বস্তিত তেওঁলোকৰ ঘৰ।

দেওবাৰে কাহিলী পুৱা প্ৰায় ৪:৪০ বজাত দুৰ্বৃত্তই আক্ৰমণ কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে মৃতকৰ পৰিয়ালৰ সৈতে শোক প্ৰকাশ কৰি এই ঘটনাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰে। তেওঁৰ ভাষাত “দিল্লীত আইন-শৃংখলা চোৱাচিতাৰ দায়িত্বত থকা সকলে অঞ্চলটোৰ আইন-শৃংখলাৰ পৰিস্থিতি উন্নত কৰাৰ পৰিৱৰ্তে দিল্লী চৰকাৰ দখল কৰাৰ ষড়যন্ত্ৰ কৰিছে। উপ-ৰাজ্যপালৰ সলনি আপে আইন-শৃংখলাৰ দায়িত্ব লোৱা হ’লে দিল্লী বহুত নিৰাপদ স্থান হ’লহেঁতেন।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে