--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাষ চাপিছে লোকসভা নিৰ্বাচন; মাজত আৰু দুটা বছৰ। বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপিক ক্ৰমাগত তৃতীয়টো কাৰ্যকালৰ পৰা আঁতৰাই ৰাখিবলৈ তৎপৰ হৈ পৰিছে বিৰোধী। বিৰোধীৰ এই তৎপৰতাৰ মূল চালিকা শক্তি হৈ পৰিছে শেহতীয়াকৈ বিজেপিৰ সংগ ত্যাগ কৰি নৱ বিৰোধীৰ অভিধা পোৱা বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ। পুৰণি মিত্ৰ বিজেপিক ঠেলি লালু যাদৱৰ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে নতুনকৈ মহাজোঁট বান্ধি বিহাৰৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত চমক লগাইছিল নীতিশ কুমাৰে। ইয়াৰ পিছতে নীতিশ কুমাৰ হৈ পৰে দেশৰ বিৰোধী শক্তিৰ নতুন আশা; আৰু এই আশাক সাকাৰ ৰূপ দিয়াৰ অৰ্থে ‘মিচন বিৰোধী’ অভিযান ৰূপায়িত কৰাত নামি পৰিছে কুমাৰ।

শেহতীয়াকৈ জেডিইউ মুৰব্বী গৰাকীয়ে দিল্লী ভ্ৰমণ কৰি বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তিক ঐক্যবদ্ধ কৰি তোলাৰ লগতে কেইবাগৰাকীও বিৰোধী নেতাক সাক্ষাৎ কৰিছে। দিল্লী ভ্ৰমণৰ সময়ত প্ৰথমে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক সাক্ষাতৰ পাছতে কুমাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ মুৰব্বী অৰবিন্দ কেজৰিৱাল, সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱ, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ, চিপিআই(মাৰ্ক্সবাদী)ৰ সীতাৰাম য়েচুৰী, জনতা দল চেকুলাৰৰ এইচ ডি কুমাৰস্বামী, চিপিআইৰ ডি ৰাজা, চিপিআই এম এলৰ দীপাংকৰ ভট্টাচাৰ্যসহ আন কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰে।

এই সকল নেতাক সাক্ষাতৰ পিছত এইবাৰ নীতিশ কুমাৰে নৱ মিত্ৰজোঁটৰ সংগী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ সৈতে একেলগে দিল্লীত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। দেশৰ বিৰোধীপক্ষক একত্ৰীকৰণ সন্দৰ্ভত বিশেষ আলোচনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছে নীতিশ কুমাৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে। সোমবাৰে পাটনা বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেজস্বী যাদৱে পুনৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী দলৰ একত্ৰীকৰণৰ কথা দোহাৰে। 

উল্লেখ্য যে নীতিশ কুমাৰৰ এই উত্থানৰ পাছতে বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল মুৰব্বী মমতা বেনাৰ্জীয়ে দেশৰ সাম্প্ৰতিক ৰাজনীতিৰ আন এগৰাকী শক্তিশালী বিৰোধী নেতা হায়দৰাবাদৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু নীতিশ কুমাৰৰ সৈতে ২৪ ত একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল। কে চন্দ্ৰশেখৰ ৰাৱে ইতিপূৰ্বে বিহাৰ ভ্ৰমণ কৰি বিৰোধী ঐক্য গঢ়ি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে নীতিশ কুমাৰ আৰু আৰজেডি নেতা তেজস্বী যাদৱক সাক্ষাৎ কৰিছিল।

বিৰোধী ঐক্যৰ এনে প্ৰচেষ্টাৰ মাজতে দলসমূহৰ মাজত থকা সংঘাতো স্পষ্টৰূপত প্ৰতিফলিত হৈছে। বিশেষক এই মহাজোঁটত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আপৰ অন্তৰ্ভুক্তিৰ কোনো নিশ্চয়তা এইপৰ্যন্ত হোৱা নাই। উল্লেখ্য যে নীতিৰ কুমাৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিকল্পনাই বিৰোধী দলসমূহক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ফ্ৰণ্ট স্থাপন কৰাৰ প্ৰয়োজনীয়তাক পুনৰ সমুখলৈ আনিছে। ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেও ঐক্যবদ্ধ বিৰোধীৰ প্ৰসংগ উত্থাপন হৈছিল যদিও সংহতিৰ অভাৱত লক্ষ্যত উপনীত হোৱা নাছিল বিৰোধী শক্তি। 

এই প্ৰয়োজনীয়তাৰ কথা উপলদ্ধি কৰি শেহতীয়াকৈ তৃণমূল মুৰব্বী মমতা বেনাৰ্জী, হায়দৰাবাদৰ মুখ্যমন্ত্ৰী তথা তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱেও বিৰোধী ঐক্যৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও বিফল হৈছিল। প্ৰধানত: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধীৰ বিকল্প মুখ কোন হ'ব, সেই সন্দৰ্ভত একমত হোৱা নাই বিৰোধী শক্তিসমূহ। এইমুহূৰ্তত  প্ৰধানকৈ ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জীৰ নাম প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত আছে। আনহাতে নিজে অস্বীকাৰ কৰিলেও নীতিশ কুমাৰৰ নামো যথেষ্ট চৰ্চিত হৈছে।

শেহতীয়াকৈ ২০২৪ ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বিৰোধী দলৰ সম্ভাৱ্য মুখ কোন হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কুমাৰে ব্যক্তিগতভাৱে তেওঁ কোনো নেতাকে বিকল্প হিচাপে বাচনি কৰা নাই বুলি মন্তব্য কৰিছিল। কুমাৰে লগতে কৈছিল যে সকলো বিজেপি বিৰোধী শক্তি একেলগ হোৱাটো প্ৰাথমিক প্ৰয়োজনীয়তা আৰু তাৰ পাছত একেলগে নেতা বাছনি কৰা হ’ব। তেওঁ লগতে বিৰোধীৰ মাজত তৃতীয় ফ্ৰণ্টৰ পৰিৱৰ্তে একমাত্ৰ আৰু মুখ্য ঐক্য ফ্ৰণ্ট নিৰ্মাণৰহে প্ৰচেষ্টা চলোৱা হৈছে বুলি উল্লেখ কৰিছিল। যদি এই লক্ষ্যত কুমাৰ সফল হয়, ২৪ ৰ নিৰ্বাচনত স্বাভাৱিকতেই বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement