--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কংগ্ৰেছৰ ভাৰত জুড়ো যাত্ৰা আৰম্ভ হোৱাৰে পৰা যেন ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে চৰকাৰ-বিৰোধীৰ টুইট ৰি-টুইটৰ যুদ্ধ৷ সোমবাৰে ৰাতিপুৱা কংগ্ৰেছ দলৰ  টুইটাৰ হেণ্ডেলে খাকী হাফপেণ্টৰ এখন ফটো পোষ্ট কৰে৷ উক্ত ফটোৰ তলত লিখা হয় যে, “কংগ্ৰেছে বিজেপি আৰু সংঘ পৰিয়ালৰ ঘৃণাৰ পৰা দেশক ৰক্ষা কৰিবলৈ নিজৰ লক্ষ্যৰ দিশে ধাপে - ধাপে আগবাঢ়িব৷” ছবিখনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে পৰিধান কৰা হাফ পেণ্টটো জ্বলি থকা দেখা গৈছিল। লগতে ফটোখনৰ সোঁফালে  দলটোৰ কাৰ্যসূচী ভাৰত জুড়ো  যাত্ৰাৰ ল’গ’ সংলগ্ন কৰা হৈছিল৷ 

এই টুইট প্ৰচাৰ হোৱাৰ পিছতে বিজেপিয়ে বিৰোধী দলটোক  তীব্ৰ সমালোচনা কৰে ৷ বিজেপি দলৰ  অভিযোগ অনুসৰি,  কংগ্ৰেছে এটা নিৰ্দিষ্ট আদৰ্শ আৰু সেই আদৰ্শত বিশ্বাস কৰা লোকসকলক নিঃশেষ কৰিব বিচাৰে।

লক্ষণীয় যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকলৰ ইউনিফৰ্ম খাকী ৰঙৰ হাফ পেণ্ট। ভাৰতৰ ৰাজনৈতিক বিশেষজ্ঞসকলে  বিশ্বাস কৰে যে বিজেপিৰ কাৰ্যপন্থা আৰু নীতি নিৰ্ধাৰণত সংঘৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।এতিয়া কংগ্ৰেছৰ এই বিশেষ  টুইটটোৱে বিজেপি আৰু সংঘ পৰিয়ালৰ আভ্যন্তৰত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই এই টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে "কংগ্ৰেছে তথাকথিত ভাৰত জুড়োৰ নামত ভাৰতক টুকুৰা টুকুৰ কৰিব বিচাৰে। " লগতে সম্বিত পাত্ৰই দেশত হিংসা বিয়পাতো বিচাৰে নেকি বুলিও  ৰাহুল গান্ধীক পোনপটীয়া প্ৰশ্ন কৰে৷  

আনহাতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ নেতা তথা  বৰ্তমানৰ উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী জিতেন প্ৰসাদে ৷ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত সংঘটিত হোৱা  শিখ বিৰোধী দাঙ্গাত  বহুতো কংগ্ৰেছ নেতাৰ নাম জড়িত আছিল বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷ 
অৱশ্যে, কংগ্ৰেছৰ পৰা  বৰ্তমানলৈকে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু