--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কংগ্ৰেছৰ ভাৰত জুড়ো যাত্ৰা আৰম্ভ হোৱাৰে পৰা যেন ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে চৰকাৰ-বিৰোধীৰ টুইট ৰি-টুইটৰ যুদ্ধ৷ সোমবাৰে ৰাতিপুৱা কংগ্ৰেছ দলৰ  টুইটাৰ হেণ্ডেলে খাকী হাফপেণ্টৰ এখন ফটো পোষ্ট কৰে৷ উক্ত ফটোৰ তলত লিখা হয় যে, “কংগ্ৰেছে বিজেপি আৰু সংঘ পৰিয়ালৰ ঘৃণাৰ পৰা দেশক ৰক্ষা কৰিবলৈ নিজৰ লক্ষ্যৰ দিশে ধাপে - ধাপে আগবাঢ়িব৷” ছবিখনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে পৰিধান কৰা হাফ পেণ্টটো জ্বলি থকা দেখা গৈছিল। লগতে ফটোখনৰ সোঁফালে  দলটোৰ কাৰ্যসূচী ভাৰত জুড়ো  যাত্ৰাৰ ল’গ’ সংলগ্ন কৰা হৈছিল৷ 

এই টুইট প্ৰচাৰ হোৱাৰ পিছতে বিজেপিয়ে বিৰোধী দলটোক  তীব্ৰ সমালোচনা কৰে ৷ বিজেপি দলৰ  অভিযোগ অনুসৰি,  কংগ্ৰেছে এটা নিৰ্দিষ্ট আদৰ্শ আৰু সেই আদৰ্শত বিশ্বাস কৰা লোকসকলক নিঃশেষ কৰিব বিচাৰে।

লক্ষণীয় যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকলৰ ইউনিফৰ্ম খাকী ৰঙৰ হাফ পেণ্ট। ভাৰতৰ ৰাজনৈতিক বিশেষজ্ঞসকলে  বিশ্বাস কৰে যে বিজেপিৰ কাৰ্যপন্থা আৰু নীতি নিৰ্ধাৰণত সংঘৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।এতিয়া কংগ্ৰেছৰ এই বিশেষ  টুইটটোৱে বিজেপি আৰু সংঘ পৰিয়ালৰ আভ্যন্তৰত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই এই টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে "কংগ্ৰেছে তথাকথিত ভাৰত জুড়োৰ নামত ভাৰতক টুকুৰা টুকুৰ কৰিব বিচাৰে। " লগতে সম্বিত পাত্ৰই দেশত হিংসা বিয়পাতো বিচাৰে নেকি বুলিও  ৰাহুল গান্ধীক পোনপটীয়া প্ৰশ্ন কৰে৷  

আনহাতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ নেতা তথা  বৰ্তমানৰ উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী জিতেন প্ৰসাদে ৷ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত সংঘটিত হোৱা  শিখ বিৰোধী দাঙ্গাত  বহুতো কংগ্ৰেছ নেতাৰ নাম জড়িত আছিল বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷ 
অৱশ্যে, কংগ্ৰেছৰ পৰা  বৰ্তমানলৈকে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক