--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচন৷ইতিমধ্যে দেশৰ শাসক-বিৰোধী সকলোৱে ৰাজনৈতিক কৌশল ৰচনা কৰিছে৷শাসকীয় বিজেপিয়ে হিতাধিকাৰী আঁচনি,ধৰ্ম আদি বিষয়ৰ জৰিয়তে জনতাৰ মাজত স্থিতি সবল কৰাত ব্ৰতী হোৱাৰ বিপৰীতে বিৰোধীয়ে জনতাক বাক্‌-স্বাধীনতা,সাম্প্ৰদায়িক পৰিমণ্ডলৰ পৰা উলিয়াই অনাৰ প্ৰতিশ্ৰুতিৰে আকৃষ্ট কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে অনাগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভৱনা থকা প্ৰাৰ্থীৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে৷সেই অনুসৰি ৰাজ্যৰ ১৪টা সমষ্টিত মুঠ ৭২জনে প্ৰাৰ্থিত্ব বিচাৰিছে৷সৰ্বাধিক বৰপেটা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছে ১২জনে৷এই বৰপেটা সমষ্টিকে লৈ এতিয়া অসমৰ ৰাজনৈতিক বতাহ পৰিবৰ্তন হোৱা দেখা গৈছে৷বৰ্তমান অসমৰ কংগ্ৰেছ,অজাপ,চিপিআই,চিপিআই(এম),ৰাইজৰ দল আদি ১১টা ৰাজনৈতিক দলে উমৈহতীয়াভাৱে  নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ  পৰিকল্পনাত চেচাঁ পানী ঢালিছে দলৰ একাংশ শীৰ্ষ নেতৃত্বৰ মইমতালিয়ে৷

শেহতীয়াকৈ অমৃত কলহ যাত্ৰাত কংগ্ৰেছ দলৰ বিধায়ক আৰু একাংশ নেতাই অংশগ্ৰহণ কৰাক লৈ সংঘাতৰ সৃষ্টি হৈছে৷সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ইতিমধ্যে বহু সদস্যই বিষেদাগাৰ প্ৰকাশ কৰিছে৷বাগানে বাগানে যাত্ৰা কৰাৰ পাছতো বৰ্তমান কংগ্ৰেছৰ দলীয় স্থিতি কিমান শক্তিশালী সেয়া সচেতন ৰাজনৈতিক মহলৰ জ্ঞাত৷তদুপৰি বৰাকৰ পৰা  শদিয়াত সমাপ্ত হোৱা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ প্ৰভাৱ জনজীৱনত তেনেই ক্ষীণ৷ৰাইজৰ দলৰো সাংগঠনিক ভেটি উজনি অসমৰ বাহিৰে অসমৰ বাকী জিলাসমূহত সামান্য৷তদুপৰি তৃণমূল কংগ্ৰেছ আদিৰ দৰে ৰাজনৈতিক দলৰ গুৱাহাটীৰ হোটেল আৰু কাৰ্যালয়ৰ বাহিৰত গৈ লোৱা সাংগঠনিক ভেটি মজবুতৰ কোনো উদাহৰণ নাই৷এইসমূহৰ উপৰিও বামপন্থী দলসমূহৰো জনপ্ৰিয়তা শ্ৰমিক আৰু কৰ্মজীৱী অল্পসংখ্যক মানুহৰ বাহিৰে আন লোকৰ মাজত দেখিবলৈ পোৱা নাযায়৷এইসমূহৰ মাজত বৰপেটা লোকসভা সমষ্টিক লৈ অজাপ আৰু বামপন্থী দলসমূহৰ মাজত কংগ্ৰেছৰ প্ৰাৰ্থীতালিকাখনে জটিলতাৰ সৃষ্টি কৰিছে৷১৯৯১ চন আৰু ১৯৯৬ চনৰ দুটাকৈ লোকসভা নিৰ্বাচনত কম্যুনিষ্ট পাৰ্টী অৱ্‌ ইণ্ডিয়াৰ উদ্ধৱ বৰ্মন বৰপেটা লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচিত হৈছিল৷সৰভোগ বিধানসভা সমষ্টিটো আছে চিপিআইএমৰ সবল স্থিতি যাৰ বাবে বামপন্থী দলসমূহে সমষ্টিটো দাবী কৰিব পাৰে যদিও ৯০ৰ দশকত  বৰপেটা সমষ্টিৰ জনবিন্যাস আৰু দলীয় স্থিতি আৰু ২০২৩ৰ ৰাজনৈতিক পৰিবেশৰ মাজত আছে বৃহৎ তফাৎ৷

আজি অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে কেইটামান বিস্ফোৰণ ঘটাইছে৷দুলু আহমেদ ৰাজনৈতিক অপৰিপক্ব আৰু শিশুসুলভ আচৰণৰ জৰিয়তে সকলোকে সচকিত কৰিছে৷দুলুৱে কৈছে যে- “AJPয়ে কংগ্ৰেছক আসন বিচাৰি ভিক্ষা নোখোজে,AJPয়ে ৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব,মই বৰপেটাৰ পৰা নিৰ্বাচন খেলিম৷”

যিটো সময়ত প্ৰয়োজন আছিল এক সুস্থিৰ ৰাজনৈতিক মিত্ৰতাৰ সেই সময়ত দুলু আহমেদৰ অপৰিপক্ব বক্তব্যই অজাপ আৰু কংগ্ৰেছৰ ভাঙোনমুখী মিত্ৰতাৰ কথাহে প্ৰতীয়মান কৰিছে৷দুলু আহমেদৰ এই বক্তব্যৰ বিপৰীতে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই দাঙি ধৰিছে ৰাজনৈতিক সচেতনতাৰ পৰিচয়৷তেওঁ লিখিছে “বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ বাবে বিৰোধীৰ উমৈহতীয়া ৰাজনৈতিক পৰিক্ৰমা বাধাগ্ৰস্ত হ’ব পৰা কোনো পদক্ষেপ আমাৰ দলে গ্ৰহণ নকৰে।”

কিন্তু বৰ্তমান সময়ত দুলু আহমেদৰ অপৰিপক্ব বক্তব্যই অজাপ-কংগ্ৰেছৰ মিত্ৰতাৰ সামৰণিৰ ইংগিত দিছে৷যাৰ পাছত অসমত অকলেই কংগ্ৰেছে '২৪ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো সচেতন ৰাজনৈতিক মহলে পোষকতা কৰিছে৷এতিয়া এই মিত্ৰতাৰ ভৱিষ্যত কি হয় সেয়া আগন্তুক দিনত হ’ব লক্ষণীয়৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?