--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি সংসদৰ বিশেষ অধিৱেশনত নটা বিষয় আলোচনা কৰিবলৈ অনুৰোধ জনাইছে। পত্ৰখনত নটা বিষয়ত আলোচনা কৰিবলৈ তেওঁ সময় বিচাৰিছে।  পত্ৰখনত কোৱা হৈছে যে বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা নকৰাকৈ সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। ফলস্বৰূপে, বিৰোধী দলবোৰে সংসদত কি বিষয়ত আলোচনা কৰা হ'ব সেই বিষয়ত অন্ধকাৰত আছে। ছোনিয়া গান্ধীয়ে আলোচনা বিচৰা  প্ৰস্তাৱিত নটা বিষয়ৰ ভিতৰত আছে মূল্যবৃদ্ধি, মণিপুৰ সংকট আৰু আদানি বিতৰ্ক আদি।

পত্ৰখনত ছোনিয়া গান্ধীয়ে লিখিছে, "আমাৰ কোনেও সংসদত বিশেষ ব্যক্তি নহয়। মই অধিৱেশনৰ কাৰ্যসূচীৰ বিষয়ে একো নাজানো’’। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে অৱশ্যে কয় যে তেওঁ বিশেষ অধিৱেশনত উপস্থিত থাকিব বিচাৰে । ছোনিয়াই  কয়, "আমি হয়তো জনস্বাৰ্থৰ বাবে প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ সুযোগ পাম। আশা কৰোঁ, বিষয়বোৰ আলোচনা কৰাৰ বাবে নিয়ম অনুসৰি আমাৰ বাবে সময় নিৰ্ধাৰণ কৰা হ'ব।" যদিও পত্ৰখন কংগ্ৰেছ বিধায়িনী দলে প্ৰেৰণ কৰিছে,তথাপি ধাৰণা হয়  যে পত্ৰখনত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বাৰ্তাও আছে। অৱশ্যে ছোনিয়া গান্ধীয়ে আলোচনাৰ বাবে প্ৰস্তাৱিত নটা বিষয়ৰ ভিতৰত কিছুমানৰ বিষয়ত বিৰোধীৰ মাজত এতিয়াও সহমত পৰিলক্ষিত হোৱা নাই।

পত্ৰখনত দেশত বৰ্ধিত মূল্য আৰু নিবনুৱা সমস্যাৰ বিষয়ত  উদ্বেগ প্ৰকাশ কৰা হৈছে। লগতে কৃষকসকলৰ কেইবাটাও দাবীৰ সঁহাৰি স্বৰূপে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ নকৰাৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰা হৈছে।  যাৰ ভিতৰত আছে নূন্যতম সমৰ্থন মূল্য (এমএছপি)আদি বিষয়সমূহো।  মণিপুৰত আইন-শৃংখলা পৰিস্থিতি বিধ্বস্ত  হোৱা আৰু হাৰিয়ানাৰ দৰে দেশৰ কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অৱনতি ঘটাৰ বিষয়তো আলোচনাৰ দাবী জনোৱা হৈছে।

  উদ্যোগপতি গৌতম আদানিৰ কোম্পানীত হোৱা অনিয়ম আৰু এই বিষয়ত  চৰকাৰৰ "নিষ্ক্ৰিয়তা"ৰ অভিযোগ তুলি সংসদত বিষয়টো আলোচনাৰ দাবী জনাোৱা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে পত্ৰখনত উল্লেখ কৰা নটা বিষয়ৰ ভিতৰত জাতিগত লোকপিয়লো আছে। জাতিগত লোকপিয়লক লৈ মুম্বাইত অনুষ্ঠিত বিৰোধীৰ সভাত মমতাই আৰজেডি, জেডি(ইউ)ৰ দৰে দলৰ সৈতে আংশিকভাৱে অসন্মত হৈছিল। অৱশ্যে কংগ্ৰেছে লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ কাষত থিয় দি জাতিগত লোকপিয়লক সমৰ্থন জনাইছিল।  উল্লেখ্য কেন্দ্ৰই ১৮ ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত পাঁচ দিনৰ বাবে সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে। অধিৱেশনখন কিয় আহ্বান কৰা হৈছে তাকে লৈ বিভিন্ন মহলত জল্পনা-কল্পনা চলি আছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান