--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি সংসদৰ বিশেষ অধিৱেশনত নটা বিষয় আলোচনা কৰিবলৈ অনুৰোধ জনাইছে। পত্ৰখনত নটা বিষয়ত আলোচনা কৰিবলৈ তেওঁ সময় বিচাৰিছে।  পত্ৰখনত কোৱা হৈছে যে বিৰোধী ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা নকৰাকৈ সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। ফলস্বৰূপে, বিৰোধী দলবোৰে সংসদত কি বিষয়ত আলোচনা কৰা হ'ব সেই বিষয়ত অন্ধকাৰত আছে। ছোনিয়া গান্ধীয়ে আলোচনা বিচৰা  প্ৰস্তাৱিত নটা বিষয়ৰ ভিতৰত আছে মূল্যবৃদ্ধি, মণিপুৰ সংকট আৰু আদানি বিতৰ্ক আদি।

পত্ৰখনত ছোনিয়া গান্ধীয়ে লিখিছে, "আমাৰ কোনেও সংসদত বিশেষ ব্যক্তি নহয়। মই অধিৱেশনৰ কাৰ্যসূচীৰ বিষয়ে একো নাজানো’’। কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে অৱশ্যে কয় যে তেওঁ বিশেষ অধিৱেশনত উপস্থিত থাকিব বিচাৰে । ছোনিয়াই  কয়, "আমি হয়তো জনস্বাৰ্থৰ বাবে প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ সুযোগ পাম। আশা কৰোঁ, বিষয়বোৰ আলোচনা কৰাৰ বাবে নিয়ম অনুসৰি আমাৰ বাবে সময় নিৰ্ধাৰণ কৰা হ'ব।" যদিও পত্ৰখন কংগ্ৰেছ বিধায়িনী দলে প্ৰেৰণ কৰিছে,তথাপি ধাৰণা হয়  যে পত্ৰখনত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বাৰ্তাও আছে। অৱশ্যে ছোনিয়া গান্ধীয়ে আলোচনাৰ বাবে প্ৰস্তাৱিত নটা বিষয়ৰ ভিতৰত কিছুমানৰ বিষয়ত বিৰোধীৰ মাজত এতিয়াও সহমত পৰিলক্ষিত হোৱা নাই।

পত্ৰখনত দেশত বৰ্ধিত মূল্য আৰু নিবনুৱা সমস্যাৰ বিষয়ত  উদ্বেগ প্ৰকাশ কৰা হৈছে। লগতে কৃষকসকলৰ কেইবাটাও দাবীৰ সঁহাৰি স্বৰূপে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ নকৰাৰ বিষয়তো প্ৰশ্ন উত্থাপন কৰা হৈছে।  যাৰ ভিতৰত আছে নূন্যতম সমৰ্থন মূল্য (এমএছপি)আদি বিষয়সমূহো।  মণিপুৰত আইন-শৃংখলা পৰিস্থিতি বিধ্বস্ত  হোৱা আৰু হাৰিয়ানাৰ দৰে দেশৰ কেইবাখনো ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অৱনতি ঘটাৰ বিষয়তো আলোচনাৰ দাবী জনোৱা হৈছে।

  উদ্যোগপতি গৌতম আদানিৰ কোম্পানীত হোৱা অনিয়ম আৰু এই বিষয়ত  চৰকাৰৰ "নিষ্ক্ৰিয়তা"ৰ অভিযোগ তুলি সংসদত বিষয়টো আলোচনাৰ দাবী জনাোৱা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে পত্ৰখনত উল্লেখ কৰা নটা বিষয়ৰ ভিতৰত জাতিগত লোকপিয়লো আছে। জাতিগত লোকপিয়লক লৈ মুম্বাইত অনুষ্ঠিত বিৰোধীৰ সভাত মমতাই আৰজেডি, জেডি(ইউ)ৰ দৰে দলৰ সৈতে আংশিকভাৱে অসন্মত হৈছিল। অৱশ্যে কংগ্ৰেছে লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰৰ কাষত থিয় দি জাতিগত লোকপিয়লক সমৰ্থন জনাইছিল।  উল্লেখ্য কেন্দ্ৰই ১৮ ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত পাঁচ দিনৰ বাবে সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে। অধিৱেশনখন কিয় আহ্বান কৰা হৈছে তাকে লৈ বিভিন্ন মহলত জল্পনা-কল্পনা চলি আছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক