--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীয়েই হওঁক বা অনা-বিজেপি শাসিত কোনো ৰাজ্যই হওঁক, বিৰোধী নেতাসকলক যেন পিছ এৰা নাই চিবিআই অথবা ইডিয়ে।বিজেপিৰে বহু নেতাৰ বিৰুদ্ধে চিবিআইৰল টেবুলত অজস্ৰ গোচৰ  পৰি ৰৈছে যদিও সেই গোচৰবোৰৰ তদন্তৰ নামেই লোৱা নাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। ইয়াৰ বিপৰীতে শেহতীয়াকৈ চিবিআই-ইডিৰ ৰোষত পৰিছে কেৱল বিজেপিৰ বিৰুদ্ধাচৰণ কৰা বিৰোধী দলসমূহৰ নেতাসকলহে। 

শেহতীয়াকৈ চিবিআইয়ে গুৰুগ্ৰামৰ আৰবান কিউব নামৰ শ্বপিংমলত অভিযান চলাইছে। চিবিআইয়ে তালাচী চলোৱা মল খন  বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ মালিকানাধীন বুলি জানিব পৰা গৈছে।কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ বিষয়াসকলে বুধবাৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৭১ নং খণ্ডৰ এখন নিৰ্মাণৰত  শ্বপিংমলত তালাচী চলায়। জানিব পৰা মতে নগৰীয়   শ্বপিংমলখন  বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ । ইফালে চিবিআইৰ বিষয়াসকলে দিল্লী, হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু বিহাৰৰ পাটনা, কাটিহাৰ আৰু মধুবনীৰ  ২৫ টা স্থানত অভিযান চলাই আছে৷ 

বুধবাৰে পুৱা চিবিআইয়ে লালু প্ৰসাদ ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত ভূমি-চাকৰি কেলেংকাৰী সন্দৰ্ভত বিহাৰৰ কেইবাজনো আৰজেডি নেতাৰ চৌহদত তালাচী অভিযান আৰম্ভ কৰে।বিজেপিলৈ পিঠি দি আৰজেডি আৰু কংগ্ৰেছৰ  সৈতে মিত্ৰতা কৰি বিহাৰত চৰকাৰ গঠন কৰা  নীতিশ কুমাৰৰ চৰকাৰে  বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ'বলৈ সাজু হোৱাৰ দিনটোতে চিবিআই-এ আজি এই  অভিযান চলায়।

ইপিনে বহুতে এইবুলিও আলোচনা কৰিছে যে বিজেপি শাসিত ৰাজ্যৰ একাধিক মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ গোচৰ চিবিআইৰ হাতত আছে যদিও সেইবোৰৰ তদন্ত পিছে সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।ইয়াৰ বিপৰীতে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধেহে চিবিআই-ইডিৰ দৰে সংস্থাসমূহক চৰকাৰে ব্যৱহাৰ কৰি আহিছে বুলি বহুতে অভিযোগ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে