--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীয়েই হওঁক বা অনা-বিজেপি শাসিত কোনো ৰাজ্যই হওঁক, বিৰোধী নেতাসকলক যেন পিছ এৰা নাই চিবিআই অথবা ইডিয়ে।বিজেপিৰে বহু নেতাৰ বিৰুদ্ধে চিবিআইৰল টেবুলত অজস্ৰ গোচৰ  পৰি ৰৈছে যদিও সেই গোচৰবোৰৰ তদন্তৰ নামেই লোৱা নাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। ইয়াৰ বিপৰীতে শেহতীয়াকৈ চিবিআই-ইডিৰ ৰোষত পৰিছে কেৱল বিজেপিৰ বিৰুদ্ধাচৰণ কৰা বিৰোধী দলসমূহৰ নেতাসকলহে। 

শেহতীয়াকৈ চিবিআইয়ে গুৰুগ্ৰামৰ আৰবান কিউব নামৰ শ্বপিংমলত অভিযান চলাইছে। চিবিআইয়ে তালাচী চলোৱা মল খন  বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ মালিকানাধীন বুলি জানিব পৰা গৈছে।কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ বিষয়াসকলে বুধবাৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৭১ নং খণ্ডৰ এখন নিৰ্মাণৰত  শ্বপিংমলত তালাচী চলায়। জানিব পৰা মতে নগৰীয়   শ্বপিংমলখন  বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ । ইফালে চিবিআইৰ বিষয়াসকলে দিল্লী, হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু বিহাৰৰ পাটনা, কাটিহাৰ আৰু মধুবনীৰ  ২৫ টা স্থানত অভিযান চলাই আছে৷ 

বুধবাৰে পুৱা চিবিআইয়ে লালু প্ৰসাদ ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত ভূমি-চাকৰি কেলেংকাৰী সন্দৰ্ভত বিহাৰৰ কেইবাজনো আৰজেডি নেতাৰ চৌহদত তালাচী অভিযান আৰম্ভ কৰে।বিজেপিলৈ পিঠি দি আৰজেডি আৰু কংগ্ৰেছৰ  সৈতে মিত্ৰতা কৰি বিহাৰত চৰকাৰ গঠন কৰা  নীতিশ কুমাৰৰ চৰকাৰে  বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ'বলৈ সাজু হোৱাৰ দিনটোতে চিবিআই-এ আজি এই  অভিযান চলায়।

ইপিনে বহুতে এইবুলিও আলোচনা কৰিছে যে বিজেপি শাসিত ৰাজ্যৰ একাধিক মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ গোচৰ চিবিআইৰ হাতত আছে যদিও সেইবোৰৰ তদন্ত পিছে সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।ইয়াৰ বিপৰীতে বিৰোধী দলৰ নেতাৰ বিৰুদ্ধেহে চিবিআই-ইডিৰ দৰে সংস্থাসমূহক চৰকাৰে ব্যৱহাৰ কৰি আহিছে বুলি বহুতে অভিযোগ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী