--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজম্মু-কাশ্মীৰত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন বিজেপি নেতাৰ মৃতদেহ। এই ঘটনাই উপত্যকাটোত  আলোড়নৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কাঠুৱা জিলাৰ হীৰানগৰ অঞ্চলত বিজেপি নেতা সোম ৰাজৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছে। নেতাজন যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল। তেওঁৰ পৰিয়াল আৰু অন্যান্য বিজেপি নেতাসকলে দাবী কৰিছে যে সোম ৰাজক হত্যা কৰা হৈছে।

পুৱা হীৰানগৰৰ এজন বাসিন্দাই বিজেপি নেতাজনৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে তেওঁৰ শৰীৰত বহু  দাগ আছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে গটনা সন্দৰ্ভত  ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।

মৃত বিজেপি নেতাজনৰ পৰিয়ালে অভিযোগ কৰিছে যে এয়া আত্মহত্যা নহয়। নেতা জনক হত্যা কৰা হৈছে আৰু তাৰ পিছত মৃতদেহ ওলোমাই থোৱা হৈছে। খবৰ পোৱাৰ পিছতে কাশ্মীৰৰ বহুতো বিজেপি নেতা সোম ৰাজৰ ঘৰত উপস্থিত হৈছে। তেওঁলোকে ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছে।  এই মৃত্যুক লৈ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

মন কৰিব লগীয়া যে কাশ্মীৰত কিছু  দিনৰ পৰা পুনৰ ' মুক্ত হত্যা' আৰম্ভ হৈছে। সন্ত্ৰাসবাদীসকলে নিৰ্বাচিতভাৱে কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি লৈছে।  যোৱা কেইমাহমানত কেইবাজনো কাশ্মীৰী পণ্ডিতে সন্ত্ৰাসবাদীৰ হাতত  প্ৰাণ হেৰুৱাইছে। কাশ্মীৰী পণ্ডিতসকলে আনকি  প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। ইফালে শেহতীয়াকৈ বাঢ়ি অহা হিংসাত্মক ঘটনাৰ মাজতে  এজন বিজেপি নেতাৰ মৃত্যুৱে এক নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ আৰু অনুপ্ৰৱেশৰ নতুন ঘটনাৰ খবৰ পোৱা গৈছে। আৰক্ষীয়ে তথ্য লাভ কৰিছে যে পাকিস্তানী ড্ৰোনৰ জৰিয়তে কাশ্মীৰ সীমান্তলৈ অস্ত্ৰ সৰবৰাহ কৰা হৈছে। যোৱা সপ্তাহত লস্কৰ-ই-তৈবা (এল ই টি)ৰ এজন সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ পৰা এটা আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল। গুলীবিদ্ধ হোৱাৰ পিছত তেওঁ মৃত্যুবৰণ কৰিছিল। বিজেপি নেতাজনৰ মৃত্যুৰ ঘটনাৰ আঁৰত  সন্ত্ৰাসবাদীৰ হাত থাকিবৱ পাৰে বুলি বহুতে সন্দেহ কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু