--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজম্মু-কাশ্মীৰত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে এজন বিজেপি নেতাৰ মৃতদেহ। এই ঘটনাই উপত্যকাটোত  আলোড়নৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কাঠুৱা জিলাৰ হীৰানগৰ অঞ্চলত বিজেপি নেতা সোম ৰাজৰ মৃতদেহ ওলমি থকা অৱস্থাত পোৱা গৈছে। নেতাজন যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল। তেওঁৰ পৰিয়াল আৰু অন্যান্য বিজেপি নেতাসকলে দাবী কৰিছে যে সোম ৰাজক হত্যা কৰা হৈছে।

পুৱা হীৰানগৰৰ এজন বাসিন্দাই বিজেপি নেতাজনৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে তেওঁৰ শৰীৰত বহু  দাগ আছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে গটনা সন্দৰ্ভত  ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।

মৃত বিজেপি নেতাজনৰ পৰিয়ালে অভিযোগ কৰিছে যে এয়া আত্মহত্যা নহয়। নেতা জনক হত্যা কৰা হৈছে আৰু তাৰ পিছত মৃতদেহ ওলোমাই থোৱা হৈছে। খবৰ পোৱাৰ পিছতে কাশ্মীৰৰ বহুতো বিজেপি নেতা সোম ৰাজৰ ঘৰত উপস্থিত হৈছে। তেওঁলোকে ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছে।  এই মৃত্যুক লৈ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

মন কৰিব লগীয়া যে কাশ্মীৰত কিছু  দিনৰ পৰা পুনৰ ' মুক্ত হত্যা' আৰম্ভ হৈছে। সন্ত্ৰাসবাদীসকলে নিৰ্বাচিতভাৱে কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি লৈছে।  যোৱা কেইমাহমানত কেইবাজনো কাশ্মীৰী পণ্ডিতে সন্ত্ৰাসবাদীৰ হাতত  প্ৰাণ হেৰুৱাইছে। কাশ্মীৰী পণ্ডিতসকলে আনকি  প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। ইফালে শেহতীয়াকৈ বাঢ়ি অহা হিংসাত্মক ঘটনাৰ মাজতে  এজন বিজেপি নেতাৰ মৃত্যুৱে এক নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ আৰু অনুপ্ৰৱেশৰ নতুন ঘটনাৰ খবৰ পোৱা গৈছে। আৰক্ষীয়ে তথ্য লাভ কৰিছে যে পাকিস্তানী ড্ৰোনৰ জৰিয়তে কাশ্মীৰ সীমান্তলৈ অস্ত্ৰ সৰবৰাহ কৰা হৈছে। যোৱা সপ্তাহত লস্কৰ-ই-তৈবা (এল ই টি)ৰ এজন সন্ত্ৰাসবাদীয়ে আৰক্ষীৰ পৰা এটা আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল। গুলীবিদ্ধ হোৱাৰ পিছত তেওঁ মৃত্যুবৰণ কৰিছিল। বিজেপি নেতাজনৰ মৃত্যুৰ ঘটনাৰ আঁৰত  সন্ত্ৰাসবাদীৰ হাত থাকিবৱ পাৰে বুলি বহুতে সন্দেহ কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী