--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰামলালাৰ। ৰামলালা হৈছে শ্ৰীৰামচন্দ্ৰৰ পাঁচ বছৰ বয়সৰ এক প্ৰতিমূৰ্তি। ৰামালালাৰ  প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ৰাম মন্দিৰত কেতবোৰ ৰীতি-নীতি পালন কৰা হৈছে। ডাঃ  অনিল মিশ্ৰ আৰু তেওঁৰ পত্নী ঊষা মিশ্ৰক ৰাম মন্দিৰৰ পূৰ্ব-উত্সৰ্গ ৰীতি-নীতিৰ প্ৰধান যজমান হিচাপে মনোনীত কৰা হৈছে। এক কথাত তেওঁলোক এই অনুষ্ঠানৰ প্ৰধান গৃহস্থ হিচাবে কাৰ্যসম্পাদন কৰি গৈছে। 

ডাঃ অনিল মিশ্ৰ আৰু তেওঁৰ পত্নী ঊষা মিশ্ৰই  অযোধ্যাত ২২ জানুৱাৰীৰ পূৰ্বে অনুষ্ঠিত হোৱা ৰাম মন্দিৰৰ প্ৰাক-উত্সৰ্গ ৰীতি-নীতিৰ প্ৰধান যজমান হিচাবে সকলো কামৰ তদাৰক কৰি থকাৰ লগতে গৃহস্থ হিচাবে উপবাসেও আছে।  মঙলবাৰে আৰম্ভ হোৱা প্ৰাক-উত্সৰ্গ ৰীতি-নীতিৰ বিশাল অনুষ্ঠানটো অনুষ্ঠিত হোৱাৰ এসপ্তাহ আগৰে পৰাই ডাঃ অনিল মিশ্ৰ আৰু তেওঁৰ পত্নী ঊষা মিশ্ৰই মন্দিৰৰ পূজা আদিৰ পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিছিল। সংস্কৃত ভাষাত যজমান শব্দই এনে  এজন ব্যক্তিক বুজায় যাৰ উদ্যোগত   ৰীতি-নীতি বা যজ্ঞ আদি কৰা হয়। বাৰাণসীৰ লক্ষ্মীকান্ত দীক্ষিতেও এই ৰীতি-নীতিৰ প্ৰধান পুৰোহিত হিচাবে কাম কৰি আছে।  

অনিল মিশ্ৰ চৰকাৰৰ দ্বাৰা গঠন কৰা ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সদস্য। অযোধ্যাৰ বাসিন্দা ড০ মিশ্ৰাই যোৱা চাৰি দশক ধৰি চহৰখনত তেওঁৰ হোমিঅ'পেথিক ক্লিনিক এখন চলাই আহিছে। তেওঁৰ জন্ম উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাত হৈছিল। কেইবছৰমান আগতে  তেওঁ উত্তৰ প্ৰদেশ হোমিঅ'পেথিক ব'ৰ্ডৰ পঞ্জীয়ক আৰু আৰ এছ এছৰ এজন সক্ৰিয় সদস্য  হিচাবে জিলা হোমিঅ'পেথিক বিষয়াৰ চৰকাৰী পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।  তেওঁ  বেচেলৰ অফ হোমিঅ'পেথিক মেডিচিন এণ্ড চাৰ্জাৰীত ডিগ্ৰী লাভ কৰিছিল। অনিল মিশ্ৰৰ আৰ এছ এছৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। তেওঁ ৰাম মন্দিৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 

মঙলবাৰে, প্ৰাক-ৰীতি-নীতি আৰম্ভ হোৱাৰ লগে লগে, ডাঃ মিশ্ৰই  মুখ্য গৃহস্থ হিচাবে বাবে সৰযূ নদীত ডুব মাৰিছিল আৰু তাৰ পিছত উপবাস আৰম্ভ কৰাৰ আগতে পঞ্চগাভ্য  বিধি অনুসৰি পালন কৰিছিল। তাৰ পিছত তেওঁ প্ৰশ্চিতা, সংকল্প, কৰ্মকুটি পূজা আদি কৰিছিল। তেওঁ আৰু তেওঁৰ পত্নীয়ে হৱন নামৰ এক বিশেষ পৰম্পৰাও পালন কৰিছিল। বুধবাৰে  মিশ্ৰ আৰু তেওঁৰ পত্নীয়ে কলশ (কলহ)পূজন সম্পন্ন কৰে । ইয়াৰ  পিছতে সৰযূ নদীৰ পৰা  পানী ভৰাই কলহ   অনুষ্ঠান সম্পন্ন হৈ থকা স্থানলৈ  লৈ যোৱা হৈছিল।ইয়াৰ পিছত  ভগৱান ৰাম লালাৰ মূৰ্তি চকু বন্ধ কৰি মন্দিৰৰ চৌহদ ভ্ৰমণ কৰোৱা হ’ব। জলযাত্ৰা, তীৰ্থ পূজা, ব্ৰাহ্মণ-বাটুক-কুমাৰী-সুৱাসিনী পূজা, বৰ্ধিনী পূজা, কালযাত্ৰা আৰু মূৰ্তি ভ্ৰমণ আদি অনুষ্ঠানত  মুঠ ১২১ জন পুৰোহিতে অংশগ্ৰহণ কৰিছে।   বৈদিক পণ্ডিত গণেশৱাৰ শাস্ত্ৰী দ্ৰাবিড়ে এই সকলোবোৰ কাৰ্যক্ৰমৰ তদাৰক কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান