--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিত ক্ৰমাৎ দুৰ্বল হৈ অহাৰ পাছত হেৰুওৱা জন সমৰ্থন পুনৰ উদ্ধাৰ তথা জনসাধাৰণৰ কাষ চপাৰ উদ্দেশ্যে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ই বিপুল জনসমৰ্থন লাভ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত এই পদযাত্ৰাত অংশগ্ৰহণ কৰা কংগ্ৰেছ কৰ্মীসকল বৰ্তমান কেৰালাত কাৰ্যসূচী আগবঢ়াই নিছে। ভাৰত জোড়ো যাত্ৰাই জনসাধাৰণৰ পৰা সমৰ্থন লাভ কৰিলেও কাৰ্যসূচীৰ মাজতে হঠাতে বিপদত পৰিছে ৰাহুল গান্ধী। 

গান্ধীৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ তুলি নিৰ্বাচন আয়োগৰ কাষ চাপিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ। মঙলবাৰে নিৰ্বাচন আয়োগৰ ওচৰত ভাৰত জোড়ো যাত্ৰাৰ সময়ত শিশুক ৰাজনৈতিক সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ তুলি কংগ্ৰেছ আৰু সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে  ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে।

শিশু অধিকাৰ সংস্থাটোৱে নিৰ্বাচন আয়োগৰ ওচৰত এক লিখিত আবেদন দাখিল কৰি কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে এক বিবৃতিত কয়, "ছ'চিয়েল মিডিয়াত বহুতো ছবি আৰু ভিডিঅ' প্ৰচাৰিত হৈছে। এই ভিডিঅ’সমূহত শিশুসকলক ‘ভাৰত জোড়ো, বচ্চে জোড়ো’ শ্ল’গানৰ অধীনত ৰাজনৈতিক কাৰ্যসূচীৰে তেওঁলোকৰ প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰা দেখিবলৈ পোৱা গৈছে।"

যিহেতু কেৱল প্ৰাপ্তবয়স্ক সকলহে নিয়মানুসৰি এটা ৰাজনৈতিক দলৰ অংশ হ'ব পাৰে, সেয়ে ইয়াৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে নিৰ্বাচন আয়োগৰ নিয়মৰ উলংঘন কৰা হৈছে বুলি আয়োগে অভিযোগ কৰিছে। বিবৃতিটোত আয়োগে কয়, "শিশু অধিকাৰৰ প্ৰাথমিক উলংঘন হৈছে। লগতে ৰাজনৈতিক কাৰ্যসূচী এটা পূৰণ কৰাৰ বাবে শিশুক এক ঢাল হিচাপে ব্যৱহাৰ কৰা কাৰ্য হৈছে প্ৰত্যক্ষভাৱে শিশু উৎপীড়ন। ই শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুতৰ দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে।” 

লগতে কংগ্ৰেছৰ এই কাৰ্য ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰো বিৰোধী বুলি আঙুলিয়াই দি শিশু অধিকাৰ আয়োগে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত এই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি পুংখানুপুংখ তদন্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ দল আৰু দলৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ অনুৰোধ জনায়।

নিৰ্বাচন আয়োগে এই অভিযোগ পোৱাৰ পিছতে এক বিবৃতিত ‘ৰাহুল গান্ধী আৰু জৱাহৰ বাল মঞ্চই ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে শিশুক লক্ষ্য কৰি লৈছে আৰু শিশুক ৰাজনৈতিক কাৰ্যকলাপত জড়িত কৰিছে’ বুলি এক অভিযোগ লাভ কৰিছে বুলি উল্লেখ কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আন কোনো মন্তব্য কৰা নাই নিৰ্বাচন আয়োগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী