--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচন দেশৰ কেইবা খনো ৰাজ্যত বিজেপিৰ বাবে অগ্নিপৰীক্ষা হ'ব বুলি আলোচনা চলি আছে। কাৰণ দেশৰ কেইবা খনো ৰাজ্যত বিজেপি এতিয়া তীব্ৰ বিৰোধৰ সন্মুখীন হৈছে। শেহতীয়াকৈ জনতা দল-ইউনাইটেডৰ সভাপতি লালন সিঙে দাবী কৰিছে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত দেশখন 'বিজেপি-মুক্ত ভাৰত' হৈ পৰিব। 

বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোডীয়ে টুইট কৰি দমন আৰু দিউ জেডি-ইউৰ পৰা 'মুক্ত' হৈ পৰিছে বুলি দাবী  কৰাৰ অলপ পিছতে সিঙে এই মন্তব্য কৰে । সুশীল কুমাৰ মোডীয়ে লগতে লিখিছিল  যে জেডি-ইউৰ বিহাৰ গোটত বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ টুইটত লগতে কোৱা হৈছে যে  জেডি(ইউ)ৰ দমন আৰু দিউ গোটৰ ১৫ জন জিলা পঞ্চায়ত সদস্যই বিজেপিত যোগদান কৰাটো  মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু তেওঁৰ দলৰ বাবে এক ডাঙৰ বিফলতা। 

তেওঁলোকৰ বিদ্ৰোহে জিলা পঞ্চায়তত গেৰুৱা দলক শক্তিশালী কৰা বুলিও সুশীল কুমাৰ মোডীয়ে দাবী কৰিছিল। সুশীল কুমাৰ মোডীৰ টুইটৰ উত্তৰত লালন সিঙে কয়, "চিন্তা নকৰিব সুশীলজী, ২০২৪ চনত দেশখন বিজেপিৰ পৰা 'মুক্ত' হ'ব। দেশৰ মানুহে বিজেপিৰ  পৰা সকাহ পাব ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত ।বিজেপি মুক্ত ভাৰতত সাম্প্ৰদায়িকতা দূৰ কৰা , মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, নিবনুৱা সমস্যাৰ সমধান আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলা হ'ব বুলিও লালন সিঙে মন্তব্য কৰে।

উল্লেখ্য  সুশীল মোডীয়ে শেহতীয়াকৈ অভিযোগ কৰিছিল যে নীতিশ কুমাৰ দিল্লী ভ্ৰমণ কৰি থকাৰ সময়তে বিহাৰৰ লোকসকলে বানপানীৰ মাজত আছে।সুশীল মোডীয়ে কয় যে বিহাৰ বানপানীত ডুব গৈ আছে আৰু মুখ্যমন্ত্ৰী ৰাজনৈতিক পৰ্যটনৰ বাবে  নতুন দিল্লীত উপস্থিত হৈছে। তেওঁ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কৰা ভ্ৰমণৰ  তথ্য দাঙি ধৰি কয় যে ইয়াৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে (কেচিআৰ) ছয়খন ৰাজ্য ভ্ৰমণ কৰিছিল আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও বহুবাৰ দিল্লীত শিবিৰ পাতিছিল। তেওঁ কয়, "এতিয়া নীতিশজী আহিছে, লোকসভা নিৰ্বাচন আহি আছে সেয়েহে নীতিশ কুমাৰ ৰাজনৈতিক পৰ্যটন কৰিবলৈ  দিল্লীলৈ আহিছে।" 










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী