--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানীৰ টোপনি হৰণ কৰিছে মাৰ্কিন কোম্পানীয়ে। জালিয়াতিৰে ব্যৱসায় চলাই থকা বুলি অভিযোগ উঠা আদানী গ্ৰুপৰ সকলো জালিয়াতি  আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰে উদঙাই দিয়াৰ পিছতে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপ ডুবিবলৈ লৈছে। এইবিআই, এলআইচিৰ পৰা হাজাৰ হাজাৰ কোটি টকা লোৱা আদানী গ্ৰুপৰ এনে অৱস্থা দেখি এতিয়া গ্ৰুপটোত বিনিয়যোগ কৰা সকলো চিন্তিত হৈ পৰিছে। 

ইপিনে আদানী গ্ৰুপে তেওঁলোকৰ বিৰুদ্ধে  উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু বিশেষ কোনো তথ্য-পাতি অবিহনেই আদানী গ্ৰুপে অভিযোগ অস্বীকাৰ কৰি আহিছে।  আদানি গ্ৰুপে  দাবী কৰিছে যে প্ৰতিবেদন খনৰ দ্বাৰা  ভাৰতৰ ওপৰত এটা "পৰিকল্পিত আক্ৰমণ" চলাব বিচৰা হৈছে।আদানী গ্ৰুপৰ মতে হিণ্ডেনবাৰ্গৰ মূল উদ্দেশ্য হৈছে মিছা অভিযোগ উত্থাপন কৰি ভাৰতীয় কোম্পানীটোক বদনাম কৰা।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানৰ শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে গৌতম আদানি  'প্ৰৱঞ্চনা'ৰ জৰিয়তে ধনী হৈছে। ভাৰতীয় কোটিপতি গৌতম আদানীয়ে জালিয়াতিৰে কৰি শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। এই অভিযোগৰ পিছৰে পৰা শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে। সোমবাৰে বজাৰ খোলালৈকে আদানিৰ শ্বেয়াৰৰ মূল্য বহু খিনি হ্ৰাস পাইছে। কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

দেওবাৰে, আদানি গোটে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীৰ অভিযোগ মিছাৰ বাহিৰে আন একো নহয়। সকলো অভিযোগ ভিত্তিহীন। হিণ্ডেনবাৰ্গে সোধা ৮৮ টা প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নাই  আদানি গ্ৰুপে। ইয়াৰ পৰিৱৰ্তে আদানী গ্ৰুপে প্ৰশ্নবোৰ এৰাই চলিবহে বিচাৰিছে।  আদানী গ্ৰুপে দাবী কৰিছে যে এই প্ৰশ্নবোৰ ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈহে  কৰা হৈছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ প্ৰত্যুত্তৰ হিচাবে  ৪১৩ পৃষ্ঠাৰ এক উত্তৰত আদানি গোটে সকলো  অভিযোগ ওপৰে ওপৰে অস্বীকাৰ কৰিছে।আদানী গ্ৰুপৰ প্ৰতিক্ৰিয়াত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাবোৰৰ ভাৰতীয় আইনব্যৱস্থাৰ বিষয়ে ভাল ধাৰণা নাই। কোম্পানীটোৱে এইটোও নাজানে যে ভাৰতীয় বজাৰত মূলধন সংগ্ৰহৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে। আদানীয়ে হিণ্ডেনবাৰ্গৰ 'অজ্ঞতা'ৰ এটা উদাহৰণো দিছিল।

আদানী গ্ৰুপৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে মাৰ্কিন কোম্পানীটোৱে  যোৱা কেইবছৰমানত  আদানি গ্ৰুপৰ  মুখ্য অৰ্থনৈতিক বিষয়াসকলে (চিএফঅ') পদত্যাগ কৰা বুলি কোৱা কথাটো সংছা নহয়। এই তথ্য সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰা হৈছে। আদানি গ্ৰুপে  কৈছে  বিষয়াসকল কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে অধিক দায়িত্ব লৈছে। কোনেও পদত্যাগ কৰা নাই।

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু আদানি গোটৰ গৰাকী গৌতম আদানীয়ে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছত তেওঁৰ সম্পত্তি হেৰুৱাইছে। তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানী সপ্তম স্থানলৈ নামি গৈছে।

অভিযোগ অনুসৰি গৌতম আদানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়নৰ মণি স্বৰূপ। চৰকাৰৰ পৃষ্ঠপোষকতাতে আদানীয়ে বঢ়াই গৈছিল ব্যৱসায়িক সাম্ৰাজ্য। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক