--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম আদানীৰ টোপনি হৰণ কৰিছে মাৰ্কিন কোম্পানীয়ে। জালিয়াতিৰে ব্যৱসায় চলাই থকা বুলি অভিযোগ উঠা আদানী গ্ৰুপৰ সকলো জালিয়াতি  আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰে উদঙাই দিয়াৰ পিছতে শ্বেয়াৰ বজাৰত আদানী গ্ৰুপ ডুবিবলৈ লৈছে। এইবিআই, এলআইচিৰ পৰা হাজাৰ হাজাৰ কোটি টকা লোৱা আদানী গ্ৰুপৰ এনে অৱস্থা দেখি এতিয়া গ্ৰুপটোত বিনিয়যোগ কৰা সকলো চিন্তিত হৈ পৰিছে। 

ইপিনে আদানী গ্ৰুপে তেওঁলোকৰ বিৰুদ্ধে  উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। কিন্তু বিশেষ কোনো তথ্য-পাতি অবিহনেই আদানী গ্ৰুপে অভিযোগ অস্বীকাৰ কৰি আহিছে।  আদানি গ্ৰুপে  দাবী কৰিছে যে প্ৰতিবেদন খনৰ দ্বাৰা  ভাৰতৰ ওপৰত এটা "পৰিকল্পিত আক্ৰমণ" চলাব বিচৰা হৈছে।আদানী গ্ৰুপৰ মতে হিণ্ডেনবাৰ্গৰ মূল উদ্দেশ্য হৈছে মিছা অভিযোগ উত্থাপন কৰি ভাৰতীয় কোম্পানীটোক বদনাম কৰা।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ আমেৰিকান বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানৰ শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে গৌতম আদানি  'প্ৰৱঞ্চনা'ৰ জৰিয়তে ধনী হৈছে। ভাৰতীয় কোটিপতি গৌতম আদানীয়ে জালিয়াতিৰে কৰি শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে। এই অভিযোগৰ পিছৰে পৰা শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে। সোমবাৰে বজাৰ খোলালৈকে আদানিৰ শ্বেয়াৰৰ মূল্য বহু খিনি হ্ৰাস পাইছে। কোম্পানীটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে।

দেওবাৰে, আদানি গোটে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীৰ অভিযোগ মিছাৰ বাহিৰে আন একো নহয়। সকলো অভিযোগ ভিত্তিহীন। হিণ্ডেনবাৰ্গে সোধা ৮৮ টা প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নাই  আদানি গ্ৰুপে। ইয়াৰ পৰিৱৰ্তে আদানী গ্ৰুপে প্ৰশ্নবোৰ এৰাই চলিবহে বিচাৰিছে।  আদানী গ্ৰুপে দাবী কৰিছে যে এই প্ৰশ্নবোৰ ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈহে  কৰা হৈছে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ প্ৰত্যুত্তৰ হিচাবে  ৪১৩ পৃষ্ঠাৰ এক উত্তৰত আদানি গোটে সকলো  অভিযোগ ওপৰে ওপৰে অস্বীকাৰ কৰিছে।আদানী গ্ৰুপৰ প্ৰতিক্ৰিয়াত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাবোৰৰ ভাৰতীয় আইনব্যৱস্থাৰ বিষয়ে ভাল ধাৰণা নাই। কোম্পানীটোৱে এইটোও নাজানে যে ভাৰতীয় বজাৰত মূলধন সংগ্ৰহৰ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে। আদানীয়ে হিণ্ডেনবাৰ্গৰ 'অজ্ঞতা'ৰ এটা উদাহৰণো দিছিল।

আদানী গ্ৰুপৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে মাৰ্কিন কোম্পানীটোৱে  যোৱা কেইবছৰমানত  আদানি গ্ৰুপৰ  মুখ্য অৰ্থনৈতিক বিষয়াসকলে (চিএফঅ') পদত্যাগ কৰা বুলি কোৱা কথাটো সংছা নহয়। এই তথ্য সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰা হৈছে। আদানি গ্ৰুপে  কৈছে  বিষয়াসকল কোম্পানীটোৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে অধিক দায়িত্ব লৈছে। কোনেও পদত্যাগ কৰা নাই।

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু আদানি গোটৰ গৰাকী গৌতম আদানীয়ে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছত তেওঁৰ সম্পত্তি হেৰুৱাইছে। তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানী সপ্তম স্থানলৈ নামি গৈছে।

অভিযোগ অনুসৰি গৌতম আদানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়নৰ মণি স্বৰূপ। চৰকাৰৰ পৃষ্ঠপোষকতাতে আদানীয়ে বঢ়াই গৈছিল ব্যৱসায়িক সাম্ৰাজ্য। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু