--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ দেশক ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰা মোহনদাস কৰমচান্দ গান্ধী ভাৰতৰ অন্যতম আগশাৰীৰ ৰাজনীতিকসকলৰ মাজৰে এজন আছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক গান্ধীক  স্বাধীনতাৰ পিছত ভাৰতে ৰাষ্ট্ৰৰ পিতৃ হিচাবেই জানি আহিছে৷  ১৯৪৮। জানুৱাৰী ৩০ ৰ দিনটোত জীৱন বন্তি নুমাই গৈছিল গান্ধীজীৰ৷  ভাৰত বিভাজনৰ প্ৰায় ডেৰ বছৰ পিছত বেছিভাগ মানুহৰ মাজতে  মহাত্মা গান্ধী  হিচাবে সেই সময়তে জনাজাত হৈ পৰা  মোহনদাস কৰমচান্দ গান্ধীক দিল্লীৰ বিৰলা হাউচত হত্যা কৰা হৈছিল৷ 

সমগ্ৰ ভাৰত ভ্ৰমণ কৰা মোহনদাস গান্ধীয়ে শেষ মুহূৰ্তত দিল্লীৰ বিৰলা হাউচত থাকিবলৈ সিদ্ধান্ত লৈছিল আৰু তেওঁৰ অন্তিম দিনবোৰ কেনেকুৱা আছিল সেয়া বহুতৰ বাবে আজিও অজ্ঞাত।

বিৰলা হাউচ হৈছে দিল্লীৰ এজন প্ৰখ্যাত ব্যৱসায়ী ঘনশ্যাম দাস বিৰলাৰ এটা ডাঙৰ ঘৰ । তেওঁ গান্ধীৰ অনুগামী আছিল।১৯৪৭ চনৰ ৯ ছেপ্টেম্বৰত শেষবাৰৰ বাবে  গান্ধী দিল্লীলৈ গৈছিল৷আগতে যেতিয়াই তেওঁ দিল্লীলৈ আহিছিল ,তেওঁ 'ভাংগী কলনী' নামৰ ঠাইত আছিল।কিন্তু শেষবাৰৰ বাবে তেওঁ দিল্লীলৈ অহাৰ সময়ত  তেওঁ বিৰলা হাউচত আছিল।মোহনদাস কৰমচান্দ গান্ধী কলকাতাৰ পৰা দিল্লীলৈ আহিছিল। সেই সময়ত হিন্দু আৰু মুছলমানসকলৰ মাজত অস্থিৰতাৰ সৃষ্টি হৈছিল৷  সেই অস্তিৰতা প্ৰশমিত কৰিবলৈ গান্ধী  দিল্লীলৈ আহিছিল।বিৰলা হাউচলৈ বহু সাধাৰণ মানুহে বিভিন্ন অভিযোগ আদি লৈ তেওঁক লগ কৰিবলৈ আহিছিল৷


বিৰলা হাউচৰ পৰাই  গান্ধীয়ে  কেন্দ্ৰীয় মন্ত্ৰী, সচিব আৰু চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়াসকলৰ সৈতে দৈনিক বৈঠক  কৰিছিল।১৯৪৭ চনত পাকিস্তান আৰু ভাৰত নামৰ দুখন দেশ গঠন হোৱাৰ পিছত বহু ৰাজনৈতিক, ধৰ্মীয় আৰু সামাজিক সমস্যাৰ সৃষ্টি হৈছিল৷ভাৰতৰ বিভিন্ন প্ৰান্তত উত্তেজনাই বিৰাজ কৰিছিল। বিৰলা হাউচত থকাৰ সময়ছোৱা একেবাৰে শান্তিৰে কটাব পৰা  নাছিল গান্ধীয়ে৷ 
"গান্ধীয়ে তেওঁক আক্ৰমণ কৰা হ'ব পাৰে বুলি আশংকা থকাৰ পিছতো  কেতিয়াও নিৰাপত্তাৰক্ষী লোৱা  নাছিল। বিৰলা হাউচত গান্ধীৰ কিছু  আত্মীয়, ব্ৰজ কৃষ্ণ চান্দিৱালা, মনু আৰু আভা গান্ধীৰ যত্ন লোৱাৰ দায়িত্বত আছিল।




সেই সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ  একেবাৰে বন্ধ হোৱা নাছিল, গান্ধীয়ে  ১৩ জানুৱাৰীত অনিৰ্দিষ্টকালৰ বাবে অনশন ঘোষণা কৰিছিল।১৯ জানুৱাৰীত  তাৰিখে তেওঁৰ অনশন ভংগ কৰিছিল। কিন্তু দুদিনপিছত বিৰলা হাউচত বোমাে  আক্ৰমণ কৰা হয়।অৱশ্যে, সেই সময়ত মোহনদাস গান্ধীৰ কোনো ক্ষতি হোৱা নাছিল। তেওঁক আগতেও কেইবাবাৰো আক্ৰমণ কৰা হৈছিল।গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেই  ৩০ জানুৱাৰীত গান্ধীক হত্যা কৰাৰ দিন হিচাবে বাছি লৈছিল৷  গান্ধীয়ে  পুৱা আৰু সন্ধিয়া প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিল। সকলো ধৰ্মৰ বিষয়ে আলোচনা কৰা হৈছিল, প্ৰতিদিনে শ শ লোকে সেই প্ৰাৰ্থনাত  অংশগ্ৰহণ কৰিছিল।


সেই সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ বাবে গান্ধীয়ে প্ৰস্তুতি চলাই আছিল। আভা আৰু মনুৰ কান্ধত  ভৰ দি গান্ধী প্ৰাৰ্থনাস্থলীলৈ অগ্ৰসৰ হৈছিল৷  সেই মুহূৰ্তত নাথুৰাম গডছে তেওঁৰ সন্মুখত হাজিৰ হৈছিল৷ নিচেই  ওচৰৰ পৰা  গডছেই গান্ধীক লক্ষ্য কৰি পিষ্টলৰ তিনিটা গুলী নিক্ষেপ কৰিছিল৷  গুলীচালনাৰ আগতে গডছেই  গান্ধীক প্ৰণাম কৰিছিল৷ স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:১৭ বজাত মোহনদাস কৰমচান্দ গান্ধীৰ মৃত্যু হয়।  গুলীচালনাৰ পিছত গান্ধীক  ঘৰৰ ভিতৰলৈ  অনা হৈছিল, কিন্তু  তেওঁ ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছিল।গান্ধীৰ হত্যাৰ অভিযোগত  ১৯৪৯ চনৰ ১৫ নৱেম্বৰত গডছেক মৃত্যুদণ্ড দিয়া হয়।

দিল্লীৰ লালকিল্লাত গান্ধী হত্যাকাণ্ডৰ গোচৰৰ বিচাৰৰ সময়ত নাথুৰাম গডছে নিজেই স্বীকাৰ কৰিছিল যে তেওঁ দেশ বিভাজনৰ বাবে গান্ধীক  দায়ী কৰিছিল আৰু সেইবাবেই তেওঁক হত্যা কৰা হৈছে৷ "গান্ধীজীয়ে দেশৰ বাবে যি কৰিছে তাক মই সন্মান কৰোঁ। গুলী চালনাৰ আগতে, মই তেওঁক প্ৰণাম  কৰিছিলো ," নাথুৰাম গডছেই আদালতক কৈছিল।তেওঁৰ এজন সহযোগী নাৰায়ণ আপ্তেকো একে সময়তে ফাঁচী দিয়া হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই